ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ শক্তিকান্ত দাসক নতুন দায়িত্বঃ দেখা যাব এই গুৰুত্বপূৰ্ণ ভূমিকাত
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ শক্তিকান্ত দাসে লাভ কৰিছে এক নতুন দায়িত্ব। এই নতুন দায়িত্ব অনুসৰি শক্তিকান্ত দাসে এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰধান সচিব হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ শক্তিকান্ত দাস
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ শক্তিকান্ত দাসে লাভ কৰিছে এক নতুন দায়িত্ব। এই নতুন দায়িত্ব অনুসৰি শক্তিকান্ত দাসে এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰধান সচিব হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। সুদীৰ্ঘ ৬ বছৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত শক্তিকান্ত দাসে বিগত বৰ্ষৰ ডিচেম্বৰ মাহত অৱসৰ গ্ৰহণ কৰিছিল। অৱসৰৰ কেইমাহমান পিছতে এতিয়া তেওঁ আন এক গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰিবলৈ সাজু হৈছে। এক অধিসূচনা জাৰি কৰি আজি মন্ত্ৰীসভাৰ নিযুক্তি সমিতিয়ে শক্তিকান্ত দাসক এই পদবীত নিযুক্তি দিয়ে।
উল্লেখ্য যে বৰ্তমান প্ৰমোদ কুমাৰ মিশ্ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰধান সচিব হিচাপে নিয়োজিত হৈ আছে। তেওঁৰ লগতে এতিয়া শক্তিকান্ত দাসে দ্বিতীয়গৰাকী প্ৰধান সচিব হিচাপে দায়িত্ব পালন কৰিব। মন্ত্ৰীসভাৰ নিযুক্তি সমিতিয়ে কয় যে প্ৰধান সচিব হিচাপে শক্তিকান্ত দাসৰ কাৰ্যকাল প্ৰধানমন্ত্ৰীৰ কাৰ্যকাললৈকে বা পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত অব্যাহত থাকিব।
শক্তিকান্ত দাস ১৯৮০ চনৰ বেচৰ অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া। ২০১৮ চনৰ ডিচেম্বৰৰ পৰা ৬ বছৰ ধৰি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিল শক্তিকান্ত দাসে আৰু যোৱা বৰ্ষৰ ডিচেম্বৰত তেওঁৰ কাৰ্যকালৰ অন্ত পৰিছিল। চাৰি দশকৰো অধিক সময় তেওঁ প্ৰশাসনিক ব্যৱস্থাৰ বিভিন্ন ক্ষেত্ৰত কাৰ্যনিৰ্বাহ কৰি আহিছে।
কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিত্ত, কৰ, উদ্যোগ, আন্তঃগাঁথনি ইত্যাদি বহুকেইটা বিভাগত গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈ আহিছে শক্তিকান্ত দাস। ছবছৰীয়া কাৰ্যকালত ক’ভিড-১৯ মহামাৰীয়ে অৰ্থনৈতিক ক্ষেত্ৰত দেখা দিয়া কঠিন পৰিস্থিতিৰ আৰু ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ প্ৰভাৱকে ধৰি বহুকেইটা উল্লেখযোগ্য প্ৰত্যাহ্বানৰ মাজেৰে শক্তিকান্ত দাসে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুৰব্বী হিচাপে দায়িত্ব পালন কৰিছিল।
১৯৮০ বেচৰ আই এ এছ বিষয়া শক্তিকান্ত দাসে ৰাজহ বিভাগ আৰু অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব হিচাপেও কাম কৰি আহিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ পদৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁ ১৫ নং বিত্ত আয়োগৰ সদস্য আৰু ভাৰতৰ জি-২০ শ্বেৰপা হিচাপে নিযুক্তি লাভ কৰে। প্ৰায় চাৰি দশকজোৰা প্ৰশাসনিক বিষয়া হিচাপে লাভ কৰা অভিজ্ঞতা আৰু দক্ষতাৰে তেওঁ এতিয়া নতুন দায়িত্ব পালন কৰিবলৈ সাজু হৈছে।