কেৰালাৰ যুৱতীক মৃত্যুদণ্ড আদালতৰঃ প্ৰেমিকৰ সৈতে সংঘটিত কৰা ঘটনাই বুকু কঁপাই তুলিব আপোনাৰ…

কিছুবছৰ পূৰ্বে কেৰালাত সংঘটিত হোৱা এক জঘন্য ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছিল। এগৰাকী যুৱতীয়ে নিজ প্ৰেমিকক বিহ খুৱাই হত্যা কৰিছিল। এই গোচৰতে শেহতীয়াকৈ কেৰালাৰ এখন আদালতে ৰায়দান কৰে।

কেৰালাৰ যুৱতীক মৃত্যুদণ্ড আদালতৰঃ প্ৰেমিকৰ সৈতে সংঘটিত কৰা ঘটনাই বুকু কঁপাই তুলিব আপোনাৰ...

যুৱতীগৰাকী

Published: 

21 Jan 2025 13:17 PM

২০২২ চনত কেৰালাৰ ৰাজধানী তিৰুৱনন্তপুৰম সংঘটিত এক চাঞ্চল্য়কৰ ঘটনাই সমগ্ৰ দেশত চাঞ্চল্য়ৰ সৃষ্টি কৰিছিল। এগৰাকী যুৱতীয়ে হত্যা কৰিছিল নিজ প্ৰেমিকক। এই হত্যাৰ গোচৰতে সোমবাৰে আদালতে ২৪ বছৰীয়া যুৱতী গ্ৰীষ্মাক মৃত্যুদণ্ড প্ৰদান কৰে। শাস্তি ঘোষণা কৰি আদালতে কয় যে, এয়া এটা অতি বিৰল গোচৰ। এই গোচৰৰ আন এজন অভিযুক্ত নিৰ্মালাকুমাৰন নাইৰ (গ্ৰীষ্মাৰ ককায়েক)ক আদালতে ৩ বছৰৰ কাৰাদণ্ড বিহে। নেয়াত্টিনকাৰা অতিৰিক্ত জিলা ছেশ্যন কোৰ্টে এই ৰায় প্ৰদান কৰে। লগতে আদালতে গ্ৰীষ্মাৰ মাতৃক দোষমুক্ত ঘোষণা কৰে।

উল্লেখ্য যে, গ্ৰীষ্মা নামৰ যুৱতীগৰাকীয়ে প্ৰেমিক শ্বেৰনক কীটনাশক দ্ৰব্য মিহলি আয়ুৰ্বেদিক মিশ্ৰণ খুৱাই হত্যা কৰিছিল। এই গোচৰৰ ৰায় প্ৰদান কৰি আদালতে কয় যে, এই ঘটনা অতি নৃশংস, অমানৱীয় তথা ঘৃণনীয়। এই ঘটনাই সমাজৰ সামূহিক বিবেকক আঘাত হানিছে। ইয়াৰোপৰি আদালতে দোষী সাব্যস্ত হোৱা গ্ৰীষ্মাক আদালতে ৩.৫ লাখ টকাৰ জৰিমণাও বিহে।

দোষী সাব্যস্ত গ্ৰীষ্মা তামিলনাডুৰ কন্যাকুমাৰী জিলাৰ এখন ব্যক্তিগত মহাবিদ্যালয়ত অধ্যয়ন কৰি আছিল। ইয়াৰ বিপৰীতে তিৰুৱনন্তপুৰম জিলাৰ পৰছালাৰ বাসিন্দা আছিল শ্বেৰন ৰাজ নামৰ যুৱকজন। দুয়ো একেখন মহাবিদ্যালয়তে অধ্যয়ন কৰিছিল আৰু তেনেকৈয়ে তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ৰ গঢ় লৈ উঠিছিল।

প্ৰেমিকক হত্যাৰ পৰিকল্পনা

ইয়াৰ মাজতে গ্ৰীষ্মাৰ অন্য এজন যুৱকৰ সৈতে বিয়া ঠিক হৈছিল। সমান্তৰালভাৱে গ্ৰীষ্মাই শ্বেৰনৰ লগতো সম্পৰ্ক ৰক্ষা কৰি ৰাখিছিল। কিন্তু দুয়োৰে মাজত প্ৰায়ে কাজিয়া হৈছিল আৰু গ্ৰীষ্মাই শ্বেৰনৰ পৰা দূৰত যাব বিচাৰিছিল। গ্ৰীষ্মাই সম্পৰ্ক শেষ কৰাৰ কথা কৈছিল যদিও শ্বেৰনে মান্তি হোৱা নাছিল। শ্বেৰনে গ্ৰীষ্মাক বিয়া কৰাব বিচাৰিছিল আৰু ইয়াকে লৈ ক্ষোভিত হৈ পৰিছিল গ্ৰীষ্মা। তেওঁ ভাবিছিল যে অন্য যুৱকৰ সৈতে বিয়া হোৱাৰ পাছতো শ্বেৰনে তেওঁক সমস্যা দি থাকিব।

পৰৱৰ্তী সময়ত শ্বেৰনৰ পৰা পৰিত্ৰাণ পাবলৈ গ্ৰীষ্মাই এক পৰিকল্পনা প্ৰস্তুত কৰে। অন্য এজন যুৱকৰ সৈতে বিয়াত বহাৰ প্ৰায় ১ মাহ পূৰ্বে গ্ৰীষ্মাই শ্বেৰনক ঘৰলৈ মাতি পঠিয়ায়। গ্ৰীষ্মাৰ কথা শুনি শ্বেৰন তেওঁলোকৰ ঘৰত উপস্থিত হয় আৰু তাতেই তেওঁক প্ৰেমিকাই বিহ দিয়ে।

গ্ৰীষ্মাই শ্বেৰনক আয়ুৰ্বেদিক ঔষধ বুলি বিষাক্ত দ্ৰব্য খুৱাইছিল। আয়ুৰ্বেদিক ঔষধ বেছিভাগ তিতা হয় যাৰ বাবে শ্বেৰনে সেই ক্ষেত্ৰত কোনো সন্দেহ কৰা নাছিল। কিন্তু গ্ৰীষ্মাৰ ঘৰৰ পৰা ওলাই যোৱাৰ পাছতেই শ্বেৰনৰ গা বেয়া লাগিব ধৰে আৰু বাছত কেইবাবাৰো বমি কৰে। লগে লগে শ্বেৰনে বাছৰ পৰা ভাতৃক ফোন কৰি সকলো কথা বিৱৰি কয়। পৰৱৰ্তী সময়ত সেই স্থানত উপস্থিত হৈ ভাতৃয়ে শ্বেৰনক হাস্পাতালত ভৰ্তি কৰায়।

১১ দিন যুঁজিছিল জীৱন-মৃত্যুৰ সৈতে

কিন্তু চিকিৎসাধীন অৱস্থাত ২০২২ চনৰ ২৫ অক্টোবৰত শ্বেৰনৰ মৃত্যু হয়। উল্লেখ্য যে, শ্বেৰনক ইমানেই বিষাক্ত দ্ৰব্য খুৱোৱা হৈছিল যে তেওঁৰ শৰীৰৰ সকলো অংগই কাম কৰা বন্ধ কৰি দিছিল। ১১ টা দিন শ্বেৰনে এটুপি পানী নোখোৱাকৈ জীৱন-মৃত্যুৰ সৈতে যুঁজ দিছিল।  এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৩১ অক্টোবৰ, ২০২২ ত গ্ৰীষ্মাক গ্ৰেপ্তাৰ কৰিছিল।

এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰীষ্মাক মৃত্যুদণ্ড প্ৰদান কৰে। অৱশ্যে মৃত্যুদণ্ড ৰায়ক প্ৰত্যাহ্বান জনাই গ্ৰীষ্মাই উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিব পাৰে। উল্লেখ্য যে, কেৰালাত মৃত্যুদণ্ড লাভ কৰা দ্বিতীয় আৰু কম বয়সৰ যুৱতী গ্ৰীষ্মা। ৰাজ্যখনত মৃত্যুদণ্ড লাভ কৰা ৪০ নম্বৰ দোষী গ্ৰীষ্মা।

মহাকুম্ভৰ প্ৰথম দিনটোত কিমান মানুহ পৰিয়ালৰ পৰা বিচ্ছেদ হ'ল জানেনে?
প্ৰায়ে হয় নেকি বেমাৰ-আজাৰ? শিৱলিংগত অৰ্পন কৰক এই বস্তু...
প্ৰতিদিনে আলু খাই নেকি? তেন্তে সাৱধান...
প্ৰতিদিনে লাল চাহ খোৱাৰ অভ্যাস আছে নেকি? ইয়াৰ লাভৰ বিষয়ে জানিলে আচৰিত হ'ব আপুনি...