5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

শিৱসেনাৰ নেতাৰ চাঞ্চল্যকৰ মন্তব্যঃ ৰাহুল গান্ধীৰ অংগৰ বিনিময়ত ১১ লাখ টকাৰ পুৰস্কাৰ!

মহাৰাষ্ট্ৰৰ শাসকীয় দল শিৱসেনাৰ সিন্দে গোটৰ বিধায়ক সঞ্জয় গায়কোৱাডে লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ জিভা কাটিলে ১১ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। গায়কোৱাডৰ এই বিতৰ্কিত মন্তব্যই দেশৰ ৰাজনীতিত লগাইছে তোলপাৰ।

শিৱসেনাৰ নেতাৰ চাঞ্চল্যকৰ মন্তব্যঃ ৰাহুল গান্ধীৰ অংগৰ বিনিময়ত ১১ লাখ টকাৰ পুৰস্কাৰ!
শিৱসেনা (সিন্দে গোট)ৰ বিধায়ক সঞ্জয় গায়কোৱাড
Follow Us
monjit-dutta
Monjit Dutta | Updated On: 16 Sep 2024 16:31 PM

শাসকীয় বিজেপি তথা ইয়াৰ সহযোগী দলসমূহৰ বিপক্ষে নিৰন্তৰ সৰৱ হৈ অহা কংগ্ৰেছ নেতা তথা লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধী শেহতীয়াকৈ সন্মুখীন হৈছে তীব্ৰ ৰাজনৈতিক আক্ৰমণৰ। এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতাই ৰাহুল গান্ধীক দেশৰ এক নম্বৰ সন্ত্ৰাসবাদী বুলি অভিহিত কৰাৰ পিছত বিজেপিৰ সহযোগী দল শিৱসেনা (সিন্দে গোট)ৰ এগৰাকী নেতাই এইবাৰ ৰাহুল গান্ধীৰ দেহৰ অংগৰ বিনিময়ত ঘোষণা কৰিছে পুৰস্কাৰ। এই বিতৰ্কিত মন্তব্যই দেশৰ ৰাজনীতিত লগাইছে তোলপাৰ।

লোকসভাৰ বিৰোধী নেতাগৰাকীৰ বিৰুদ্ধে চাঞ্চল্যকৰ মন্তব্যৰে বিতৰ্কৰ মাজত সোমাই পৰা এই নেতাগৰাকী হৈছে মহাৰাষ্ট্ৰৰ শাসকীয় দল শিৱসেনাৰ সিন্দে গোটৰ বিধায়ক সঞ্জয় গায়কোৱাড। ৰাহুল গান্ধীৰ জিভা কাটিলে এই কাম সম্পাদন কৰা লোকজনলৈ ১১ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে গায়কোৱাডে।

ৰাহুল গান্ধীক তীক্ষ্ণ আক্ৰমণৰ লক্ষ্য কৰি লোৱা শিৱসেনাৰ বিধায়কগৰাকীয়ে লগতে কয় যে লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীয়ে সংবিধান বিপদত পৰিছে বুলি উল্লেখ কৰিছিল। এনে ভুৱা আখ্যান বিয়পাই তেওঁলোকে মানুহৰ ভোট লৈ আজি সংৰক্ষণৰ অন্ত পেলোৱাৰ কথা কৈছে বুলি ৰাহুল গান্ধী তথা কংগ্ৰেছৰ বিপক্ষে অভিযোগ তুলিছে বিধায়কজনে।

সঞ্জয় গায়কোৱাডৰ অভিযোগ, ৰাহুল গান্ধী আৰু কংগ্ৰেছে আজি পিছপৰা মানুহ আৰু জনজাতীয় লোকৰ বাবে সংৰক্ষণৰ অন্ত পেলোৱাৰ কথা কৈছে। গান্ধীয়ে পিছপৰা লোক, আদিবাসী আদিৰ বাবে ১০০ শতাংশ সংৰক্ষণৰ অন্ত পেলাব বিচাৰিছে আৰু সেয়ে ৰাহুলৰ জিভা কাটিলে ১১ লাখ টকা দিম বুলি ঘোষণা কৰিছে গায়কোৱাডে।

তেওঁ লগতে এনে বক্তব্য নিজৰ খ্যাতি তথা চৰ্চাৰ কাৰণে কৰা নাই বুলিও উনুকিয়াই দিয়ে। পিছপৰা শ্ৰেণী আৰু অ’বিচিৰ দুৰ্দশা দেখি, তেওঁলোকৰ দুখ-কষ্ট বিবেচনা কৰি এই বক্তব্য দিয়া বুলি উল্লেখ কৰে শিৱসেনাৰ বিষয়াগৰাকীয়ে। সেই সমাজখনকো এতিয়া লগত লৈ অহাটো প্ৰয়োজন বুলি উল্ক্লেখ কৰে গায়কোৱাডে লগতে সংৰক্ষণৰ অন্ত পেলোৱাৰ কথা কোৱা কংগ্ৰেছৰ প্ৰকৃত মুখখন পোহৰলৈ আহিল বুলি কটাক্ষ কৰে।

লক্ষণীয়ভাৱে গায়কোৱাডৰ এনে বিস্ফোৰক মন্তব্যৰ পূৰ্বে কালি পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা ৰৱনীত সিং বিট্টুৱে ৰাহুল গান্ধীক আক্ৰমণ কৰি দেশৰ এক নম্বৰ সন্ত্ৰাসবাদী আখ্যা দিছিল। বিট্টুৰ মতে ৰাহুল গান্ধী ভাৰতীয় নহয়। দেশৰ বাহিৰত বহু সময় কটোৱা ৰাহুল গান্ধীয়ে বিদেশলৈ ওলাই গৈ সকলো বিষয়তে ভুল বক্তব্য কৰে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে। সেয়ে দেশৰ নিৰাপত্তা সংস্থাই ৰাহুল গান্ধীক গ্ৰেপ্তাৰ কৰি তদন্ত কৰিব লাগে বুলি দাবী জনাইছিল বিট্টুৱে।

Latest News