বিয়াৰ তিনিদিনৰ পাছতে ন-কইনাই জন্ম দিলে সন্তান ! স্পৰ্শ নকৰাকৈ এয়া কেনেকৈ সম্ভৱ, চিন্তিত দৰা…
বিয়াৰ তিনিদিনৰ পাছকে পিতৃৰ মৰ্যদা পালে এজন নৱবিবাহিত স্বামীয়ে । নতুনকৈ বিবাহপাশত আবদ্ধ হৈছিল এহাল দম্পতি । কিন্তু বিয়া হোৱাৰ তিনি দিনৰ পাছতে সন্তান জন্ম দিলে এগৰাকী নৱবিবাহিতাই ।

দেহৰ পৰা মাহ-হালধিৰ গোন্ধ যোৱাই নাছিল, হঠাতে কি হৈ গ’ল বুজিয়ে নাপালে নতুনকৈ বৈবাহিক জীৱন আৰম্ভ কৰা এজন স্বামীয়ে । বিয়াৰ তিনিদিনৰ পাছকে পিতৃৰ মৰ্যদা পালে এজন নৱবিবাহিত স্বামীয়ে । নতুনকৈ বিবাহপাশত আবদ্ধ হৈছিল এহাল দম্পতি । কিন্তু বিয়া হোৱাৰ তিনি দিনৰ পাছতে সন্তান জন্ম দিলে নৱবিবাহিতা যুৱতীগৰাকীয়ে । এই ঘটনাৰ পাছতে চকু কপালত উঠিছে গাঁওবাসীৰ লগতে পৰিয়ালবৰ্গৰ ।
গোটেই ঘটনাটোত দৰাৰ পৰিয়ালৰ সকলো লোক স্তম্ভিত হৈ পৰিছে। তেওঁলোকে অভিযোগ কৰে যে, কইনাগৰাকীয়ে সাজ-পোছাক এনেদৰে পিন্ধিছিল যে তেওঁৰ গৰ্ভাৱস্থা সম্পূৰ্ণৰূপে ঢাক খাই আছিল । বিয়াৰ তিনিদিনৰ পাছত নৱবিবাহিত যুৱকজনে কথাটো গম পাই আচৰিত হৈ পৰিল । স্পৰ্শ নকৰাকৈ এয়া কেনেকৈ সম্ভৱ, চিন্তিত হৈ পৰিল যুৱকজন !
দৰাৰ পৰিয়ালে দাবী কৰিছে যে, যুৱতীগৰাকীয়ে শিশুটিৰ প্ৰকৃত পিতৃৰ নাম প্ৰকাশ কৰিব লাগিব। তেওঁ নিজৰ গৰ্ভাৱস্থা কিয় লুকুৱাই ৰাখিছিল সেই সন্দৰ্ভতো এতিয়া প্ৰশ্ন উত্থাপন কৰিছে দৰাৰ পৰিয়ালে ।
এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত । ২৪ ফেব্ৰুৱাৰীত বিবাহপাশত আবদ্ধ হয় দম্পতীহাল। পিছদিনা শাহুৱেকে কইনাৰ মুখ চোৱা পৰম্পৰাগত অনুষ্ঠান অনুষ্ঠিত হয় । ২৬ ফেব্ৰুৱাৰীৰ পুৱা কইনাজনীয়ে সকলোকে চাহ পৰিবেশন কৰে। কিন্তু সেই দিনটোতে দুপৰীয়াৰ পৰা হঠাৎ পেটত বিষ আৰম্ভ হ’ল কইনাজনীৰ । চিকিৎসালয়লৈ নিয়াৰ পিছত সকলো কথা পোহৰলৈ আহে ।
চিকিৎসালয়তে সন্তান জন্ম দিয়ে নৱবিবাহিতা মহিলাগৰাকীয়ে । সকলো আচৰিত ! ইয়াৰ পাছতে সকলোৰে মনত বিভিন্ন ধৰণে প্ৰশ্ন উত্থাপন হ’বলৈ ধৰিলে । বহুতে প্ৰশ্ন কৰে, বিয়াৰ পিছতো পৰিয়ালৰ কোনেও কিয় বুজি নাপালে যে যুৱতীগৰাকী গৰ্ভৱতী? দৰাৰ ভনীয়েকে কৈছিল যে, তেওঁ মোৰ দাদাক একেবাৰে স্পৰ্শ নকৰিবলৈ কৈছিল। যৌন সম্পৰ্ক কৰাটো দূৰৰে কথা, বিয়াৰ পিছদিনা দুটা পৃথক কোঠাত শুইছিল দৰা-কইনা । এই ঘটনাক লৈ এতিয়া গাঁওবাসীৰ মাজত কৌতুহল জাগিবলৈ আৰম্ভ কৰিছে ।