5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ৰাজধানীতে নাই নিৰাপত্তা! গাড়ীৰ শ্ব’ৰুমত সোমাই নিৰ্বিচাৰ গুলীচালনা দুৰ্বৃত্তৰ

দিল্লীৰ নাৰায়ণ অঞ্চলত থকা কাৰ ষ্ট্ৰীট নামৰ এটা গাড়ীৰ শ্ব’ৰুমত ভয়ানক আক্ৰমণ সংঘটিত কৰে দুৰ্বৃত্তৰ এটা দলে। তিনিজনীয়া এটা গোটে শ্ব’ৰুমটোৰ ভিতৰত ২৪ জাঁই গুলীচালনা কৰি সেই স্থানৰ পৰা পলায়ন কৰে। সম্প্ৰতি এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

ৰাজধানীতে নাই নিৰাপত্তা! গাড়ীৰ শ্ব’ৰুমত সোমাই নিৰ্বিচাৰ গুলীচালনা দুৰ্বৃত্তৰ
দিল্লীত গুলীচালনাৰ ঘটনা
Follow Us
monjit-dutta
Monjit Dutta | Published: 28 Sep 2024 06:49 AM

শুকুৰবাৰে দেশৰ ৰাজধানী দিল্লীৰ নাৰায়ণ অঞ্চলত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। অঞ্চলটোত অৱস্থিত এটা গাড়ীৰ শ্ব’ৰুমত কেইবাজাঁই গুলী নিক্ষেপ কৰে কোনো দুৰ্বৃত্তই। শ্ব’ৰুমত ৰখাই থোৱা গাড়ী আৰু আচবাবৰ ওপৰত প্ৰায় ২৪ জাঁই গুলীচালনা কৰি সেই স্থানৰ পৰা আঁতৰি যায় অচিনাক্ত দুৰ্বৃত্ত। অৱশ্যে এই গুলীচালনাত কোনো লোক আহত হোৱা নাই। আততায়ী কেইজন সেই স্থানৰ পৰা আঁতৰি যোৱাৰ পিছতে শ্ব’ৰুমৰ স্বত্বাধিকাৰীয়ে ঘটনাৰ বিষয়ে আৰক্ষীক খবৰ দিয়ে আৰু তথ্য লাভ কৰাৰ পিছতে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। সম্প্ৰতি এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

প্ৰকাশিত খবৰ অনুসৰি শুকুৰবাৰে সন্ধিয়া পশ্চিম দিল্লীৰ নাৰায়ণ অঞ্চলত অৱস্থিত কাৰ ষ্ট্ৰীট শ্ব’ৰুমত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা। দিল্লী আৰক্ষীৰ মতে, সন্ধিয়া প্ৰায় ৭:৩০ বজাত তিনিজন শ্বুটাৰে শ্ব’ৰুমত প্ৰৱেশ কৰি নিৰ্বিচাৰে গুলীচালনা আৰম্ভ কৰে। শ্ব’ৰুমৰ ভিতৰত ৰখাই থোৱা বাহন আৰু আচবাবত গুলীচালনা কৰে দুৰ্বৃত্ত কেইজনে। গুলীচালনাৰ অন্তত তিনিওজন শ্বুটাৰ সেই স্থানৰ পৰা পলায়ন কৰে।

দিল্লী আৰক্ষীৰ মতে, শ্ব’ৰুমটোৰ স্বত্বাধিকাৰীয়ে আক্ৰমণৰ পূৰ্বে কেইবাটাও ফোনকল আৰু মেছেজ লাভ কৰা বুলি জানিবলৈ দিছিল। এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে বুলি আৰক্ষীয়ে সদৰী কৰিছে। চিচিটিভি কেমেৰাৰ জৰিয়তে গুলীচালনা কৰা লোককেইজনক চিনাক্ত কৰা হৈছে বুলিও জানিবলৈ দিয়ে আৰক্ষীয়ে। লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বেও এই গাড়ী শ্ব’ৰুমৰ স্বত্বাধিকাৰীয়ে এনে ভাবুকি লাভ কৰিছিল।

এই সন্দৰ্ভত দিল্লী আৰক্ষীয়ে শ্ব’ৰুমটোৰ স্বত্বাধিকাৰীৰ অভিযোগ মৰ্মে এফআইআৰ ৰুজু কৰিছিল। শুকুৰবাৰে আক্ৰমণ সংঘটিত কৰা লোকসকল পূৰ্বৰ ঘটনাত জড়িত আছিল নেকি সেই বিষয়তো তদন্ত চলাইছে আৰক্ষীয়ে। তদুপৰি শুকুৰবাৰৰ আক্ৰমণৰ পিছত শ্বুটাৰজনে শ্ব’ৰুমত ‘Since 2020’ বুলি লিখি থোৱা এটুকুৰা কাগজ পেলাই যোৱা বুলি আৰক্ষীয়ে সদৰী কৰিছে।

এই বিশেষ কাগজ টুকুৰাটোৰ দ্বাৰা কোনো ইংগিত দিয়া হৈছে নেকি, সেই সন্দৰ্ভতো আৰক্ষীয়ে তদন্ত চলোৱা বুলি জানিবলৈ দিছে। সম্প্ৰতি দিল্লী আৰক্ষী, বিশেষ কোষ, এফ এছ এলৰ দলে এই গুলীচালনাৰ গোচৰৰ তদন্ত কৰি আছে। আক্ৰমণকাৰী তিনি দুৰ্বৃত্তৰ সন্ধানত মোতায়েন কৰা হৈছে আৰক্ষীৰ এটা দল। এই দলটোৱে চিচিটিভি ফুটেজৰ ভিত্তিত আক্ৰমণকাৰী তিনি দুৰ্বৃত্তৰ সন্ধানত নামি পৰিছে।

ইফালে এই ঘটনাৰ পিছতে ৰাজধানী দিল্লীৰ নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত পুনৰবাৰ প্ৰশ্ন উত্থাপন হৈছে। কিছুদিন পূৰ্বে দিল্লীৰ গ্ৰেটাৰ কৈলাশ অঞ্চলত এটা জীমৰ বাহিৰত অজ্ঞাত আততায়ীয়ে কৰা গুলীচালনাত নিহত হৈছিল জীমটোৰ স্বত্বাধিকাৰী। নিহত লোকজনক নাদিৰ শ্বাহ বুলি চিনাক্ত কৰা হৈছিল। কাৰাবন্দী গেংষ্টাৰ ৰোহিত চৌধুৰীৰ সৈতে নিহত নাদিৰৰ ঘনিষ্ঠ সম্পৰ্ক থকা বুলি চৰ্চিত হৈ আহিছিল।

Latest News