সামান্য এখন সৰু দোকান, আহিল ৬৮ লাখ টকাৰ বিদ্যুতৰ বিল! হতভম্ব গ্ৰাহক | Shop owner get 68 lakh rs electricity bill in Uttar Pradesh Gorakhpur Assam news - Assam Tv9

সামান্য এখন সৰু দোকান, আহিল ৬৮ লাখ টকাৰ বিদ্যুতৰ বিল! হতভম্ব গ্ৰাহক

Published: 

21 Sep 2024 15:35 PM

স্মাৰ্ট মিটাৰৰ বৰ্ধিত বিদ্যুতৰ বিলক কেন্দ্ৰ কৰি অসমত যোৱা কিছুদিনৰ পৰা ব্যাপক প্ৰতিবাদৰ সৃষ্টি হৈছে। তাৰ মাজতে গোৰখপুৰৰ এগৰাকী বিদ্যুতৰ গ্ৰাহকে লাভ কৰা বিলে চকু কপালত তুলিছে সকলোৰে। এই ব্যক্তিগৰাকীৰ এখন মেডিকেল ষ্ট’ৰত আগষ্ট মাহত বিদ্যুতৰ বিল আহিছে ৬৮ লাখ টকা।

সামান্য এখন সৰু দোকান, আহিল ৬৮ লাখ টকাৰ বিদ্যুতৰ বিল! হতভম্ব গ্ৰাহক

প্ৰতিনিধিত্বমূলক ছবি

Follow Us On

স্মাৰ্ট মিটাৰক কেন্দ্ৰ কৰি বিগত কিছুদিন ধৰি ৰাজ্যত সৃষ্টি হৈছে ব্যাপক প্ৰতিবাদৰ। বৰ্ধিত বিদ্যুতৰ বিলে বাৰুকৈয়ে জ্বলা-কলা খুৱাইছে ৰাজ্যবাসীক। এনে পৰিস্থিতিত স্মাৰ্ট মিটাৰৰ ব্যৱস্থা বন্ধ কৰিবলৈ দাবী জনাই ৰাজপথলৈ ওলাই আহিছে দল-সংগঠনৰ লগতে সাধাৰণ ৰাইজ। অসমত স্মাৰ্ট মিটাৰৰ এই লুণ্ঠনৰ অভিযোগক লৈ সৃষ্টি হোৱা প্ৰতিবাদৰ মাজতে উত্তৰ প্ৰদেশৰ এক ঘটনাই চকু কপালত তুলিছে সকলোৰে। এগৰাকী গ্ৰাহকে লাভ কৰা বিদ্যুতৰ বিল দেখি সকলো হৈ পৰিছে হতভম্ব।

শ বা হাজাৰ নহয়, এই গ্ৰাহক গৰাকীৰ বিদ্যুতৰ বিল আহিছে লাখৰ ঘৰত। সেয়াও ৬৮ লাখ! এনে বৃ্হৎ পৰিমাণৰ বিদ্যুতৰ বিল দেখি থতমত খাইছে গ্ৰাহকজনে। উত্তৰ প্ৰদেশৰ গোৰখপুৰত সংঘটিত হৈছে এই ঘটনা। গোৰখপুৰৰ পিপৰাইচ অঞ্চলৰ বাসিন্দা ডাঃ ৰামনৰেশ চৌহান নামৰ এই ব্যক্তিগৰাকী পেছাত আছিল এগৰাকী চিকিৎসক। চৰকাৰী চিকিৎসালয়ৰ চিকিৎসক চৌহানে ২০১৯ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছে।

অৱসৰৰ পিছত ঘৰতে বহি থকাৰ বিপৰীতে চৌহানে এখন মেডিকেল ষ্ট’ৰ খোলাৰ সিদ্ধান্ত লয় আৰু ইয়াৰ বাবে এখন দোকান ভাড়া লৈ আৰম্ভ কৰে মেডিকেল ষ্ট’ৰখন। এই মেডিকেল ষ্ট’ৰত ২০২০ চনৰ ডিচেম্বৰত তেওঁ বিদ্যুৎ সংযোগো লয়। চৌহানে জানিবলৈ দিয়া মতে, প্ৰতিমাহে বিদ্যুতৰ বিল পোৱাৰ লগে লগে তেওঁ এই বিলৰ ধনৰাশি জমা কৰি দিছিল। কিন্তু আগষ্ট মাহত তেওঁৰ বিদ্যুতৰ বিল আহে ৬৮ লাখ টকা।

এই বিশাল পৰিমাণৰ বিদ্যুতৰ বিলখন দেখা পোৱাৰ লগে লগে তেওঁ আচৰিত হৈ পৰে। ভুলতে আন কাৰোবাৰ বিল লাভ কৰা বুলি ভাবি তেওঁ বিলখন পুনৰ পৰীক্ষা কৰে যদিও তেওঁৰ নামতে এই বিল অহা বুলি নিশ্চিত হয়। এনে কাণ্ড দেখি চিন্তিত হৈ পৰে চৌহান। অৱশ্যে এই চিন্তাৰ মাজতো তেওঁক সান্তনা দিয়ে পৰিয়ালৰ লোক তথা শুভাকাংক্ষীয়ে।

ইয়াৰ পিছতে তেওঁ বিদ্যুৎ বিভাগৰ কাষ চাপে। তেওঁৰ অভিযোগ মৰ্মে বিভাগে বিলখনৰ তদন্ত আৰম্ভ কৰে আৰু তদন্তত বিলখন প্ৰস্তুত কৰাৰ সময়ত ভুল হোৱা বুলি নিশ্চিত হয়। বিভাগৰ পৰা নিশ্চিতি পোৱাৰ পিছতহে সকাহ লাভ কৰে চৌহানে। কিন্তু ইয়াৰ পিছত তেওঁ বিলখন শুদ্ধ কৰি দিয়াৰ বাবে বিভাগৰ ওচৰলৈ ধাৰাবাহিকভাৱে কাষ চাপিবলগীয়া হৈছে বুলি ক্ষোভ প্ৰকাশ কৰিছে।

কিন্তু ধাৰাবাহিকভাৱে গৈ থকাৰ পিছতো বিভাগে এই বিষয়টো সমাধা কৰি দিয়া নাই বুলি চৌহানে লগতে অভিযোগ কৰিছে। তেওঁ লগতে বিদ্যুৎ বিভাগৰ অৱহেলাৰ ফলত হোৱা এনে বিলৰ ফলত দুৰ্বল হৃদযন্ত্ৰৰ লোকৰ হাৰ্ট এটেক পৰ্যন্তও হ’ব পাৰে বুলি উদ্বেগ প্ৰকাশ কৰে। ইফালে বিদ্যুৎ বিভাগৰ এগৰাকী বিষয়াই এই সন্দৰ্ভত প্ৰয়োজনীয় প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে আৰু শীঘ্ৰেই ঠিক কৰা হ’ব বুলি জানিবলৈ দিছে।

অনেক গুণসম্পন্ন তিতা কেৰেলাত কি ভিটামিন অধিক থাকে, জানেনে?
মানসিক আৰু শাৰীৰিক স্বাস্থ্য উন্নত হ'ব, জানক কিয় পুৱা সোনকালে শুই উঠিব লাগে...
পিঁয়াজৰ বাকলিৰ আছে বহু উপকাৰী গুণ, সবিশেষ জানক
পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
Exit mobile version