5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

পত্নীৰ সৈতে কাজিয়া, ফেচবুক লাইভ আৰু এক ভয়ংকৰ ঘটনা…

দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিদিনে ঘৰুৱা হিংসাৰ খবৰ পোহৰলৈ আনে। এনে এক খবৰ শেহতীয়াকৈ পোহৰলৈ আহিছে য'ত এজনলোকে ঘৰুৱা সমস্যাৰ সন্মুখীন হৈ চৰম পন্থা গ্ৰহণ কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

পত্নীৰ সৈতে কাজিয়া, ফেচবুক লাইভ আৰু এক ভয়ংকৰ ঘটনা…
উত্তৰ প্ৰদেশ
barasha-sarma
Barasha Sarma | Published: 17 Dec 2024 11:17 AM

বৰ্তমান দেশত চৰ্চাত আছে এ আই ইঞ্জিনিয়াৰ অতুল সুভাষৰ মৃত্যুৰ ঘটনা। কিছুদিন পূৰ্বে অতুল সুভাষে জীৱনৰ চৰম পন্থা বাছি লৈছিল আৰু ইয়াৰ বাবে নিজ পত্নী, পত্নীৰ পৰিয়ালৰলোকক জগৰীয়া কৰিছিল। এই ঘটনাৰ কেইটামান দিন পাছতেই অনুৰূপ এক ঘটনা পোহৰলৈ আহিছে, য’ত পত্নীৰ অত্য়াচাৰ সহ্য কৰিব নোৱাৰি আত্মহত্যা কৰে এজনে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বাৰনাসীত। মৃত লোকজনৰ নাম অলতাফ খান বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, সোমবাৰে সংঘটিত হয় এই ঘটনা। অলতাফৰ ৪ টাকৈ সন্তান আছে। ঘটনাৰ পূৰ্বে তেওঁ ৪ সন্তানক কোঠাৰ পৰা বাহিৰলৈ উলিয়াই দিয়ে আৰু ছ’চিয়েল মিডিয়াত লাইভ আহি ফাঁচী লগাই আত্মহত্যা কৰে। ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

প্ৰতিদিনে কাজিয়া, পত্নীৰ মানসিক অত্যাচাৰৰ সন্মুখী হৈ পাণ্ডেপুৰ-লালপুৰৰ খাজুৰি অঞ্চলৰ আলতাফে সামাজিক মাধ্যমত লাইভ গৈ এই চৰম পন্থা বাছি লয়। এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে তেওঁ ৪ সন্তানক কোঠাৰ পৰা উলিয়াই দিয়াৰ লগতে ভাতৃৰ সৈতেও কথা পাতে।

মৃত্যুৰ পূৰ্ব ভাতৃ তালিগক আলতাফে কৈছিল যে, মুস্কান (পত্নী)য়ে মোৰ কথা নুশুনিলে আৰু গুচি গ’ল।এতিয়া আৰু তাইৰ কথা শুনা সদায় লগত থকা কঠিন হৈ পৰিছে । ইয়াৰ পাছত আলতাফক ভাতৃয়ে বুজোৱাৰ চেষ্টা কৰিছিল যদিও আলতাফে তেওঁৰ কথা নুশুনিলে আৰু ফাঁচী লগাই আত্মহত্যা কৰে। যেতিয়া সন্তান কেইটা বাহিৰৰ পৰা ঘৰৰ ভিতৰলৈ আহে তেতিয়া পিতৃক মৃত অৱস্থাত দেখা পায়। পিতৃক ওলমি থকা দেখি ৪ টা শিশু কান্দিবলৈ, চিঞৰিবলৈ আৰম্ভ কৰে আৰু তেতিয়াই ওচৰ চুবুৰীয়া আহি আৰক্ষীক খবৰ দিয়ে।

উল্লেখ্য যে, আলতাফৰ পত্নী বীমা এজেন্ট আৰু এয়াই আছিল তেওঁলোকৰ কাজিয়াৰ কাৰণ। বীমা এজেন্ট হিচাপে পত্নীয়ে প্ৰায়ে বিভিন্ন মানুহক লগ কৰিবলগীয়া হৈছিল যি আলতাফে ভাল পোৱা নাছিল। তেওঁ অহৰহ পত্নীক এই কাম কৰাত বাধা দিছিল কিন্তু পত্নীয়ে কাম এৰি দিয়া নাছিল। আলতাফে ভাতৃকো কৈছিল যে তেওঁৰ পত্নীয়ে নিজৰ মতে সকলো কৰে, বেছিভাগ সময় মিটিং বা ঘৰৰ বাহিৰত পাৰ কৰে। যাৰ বাবে শিশুৰ যত্ন লোৱা আৰু ঘৰুৱা কামত অসুবিধাৰ সৃষ্টি হৈছে।

আলতাফৰ ভাতৃয়ে কয় যে, বিবাহৰ পূৰ্বে আলতাফ পৰিয়ালৰ সৈতে আছিল। কিন্তু বিয়াৰ পাছত মুস্কানৰ বাবেই আলতাফে নতুন বস্তিৰ মহেন্দ্ৰ কুমাৰ ভাৰ্মাৰ লগত ভাড়াতীয়া হিচাপে বাস কৰিছিল। বিয়াৰ পাছত কিছুদিন তেওঁলোকৰ সম্পৰ্ক ভালে আছিল যদিও পাছলৈ কাজিয়া হ’বলৈ আৰম্ভ হয়। এই কাজিয়াৰ পৰিণতিতেই আলতাফে চৰম পন্থা গ্ৰহণ কৰে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Latest News