5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আচৰিত কাণ্ড! গৰ্ভৱতী পত্নীক নিজ ভাতৃৰ সৈতে পাতি দিলে বিয়া, হ’ল বিবাহযাত্ৰীও

এগৰাকী ব্যক্তিয়ে গৰ্ভৱত্নী পত্নীক নিজৰে কনিষ্ঠ ভাতৃৰ সৈতে বিয়া পাতি দিয়াৰ পিছত এই বিবাহক লৈ এতিয়া ব্যাপক চৰ্চা হৈছে। জানিব পৰা মতে ব্যক্তিজনে বিবাহৰ কিছুদিনৰ পিছতে পত্নীয়ে ভাতৃৰ সৈতে অবৈধ সম্পৰ্ক গঢ়ি তোলাৰ বিষয়ে জানিব পাৰিছিল আৰু শেষত পৰিয়ালৰ সৈতে আলোচনাৰ পিছত দুয়োৰে বিয়া পাতি দিয়ে।

আচৰিত কাণ্ড! গৰ্ভৱতী পত্নীক নিজ ভাতৃৰ সৈতে পাতি দিলে বিয়া, হ’ল বিবাহযাত্ৰীও
স্বামীয়ে পাতি দিলে পত্নী-ভাতৃৰ বিয়া
monjit-dutta
Monjit Dutta | Published: 27 Jul 2024 15:21 PM

উত্তৰ প্ৰদেশৰ জৌনপুৰত সংঘটিত হৈছে এক আচৰিত বিবাহ। এগৰাকী ব্যক্তিয়ে গৰ্ভৱতী পত্নীক নিজৰেই কনিষ্ঠ ভাতৃৰ সৈতে বিয়া পাতি দি সৃষ্টি কৰিছে চাঞ্চল্যৰ। এই বিবাহে এতিয়া দখল কৰিলে সংবাদ শিৰোনাম। জানিব পৰা মতে, বিয়াৰ কেইমাহমানৰ ভিতৰতে ব্যক্তিজনৰ পত্নীয়ে দেওৰেকৰ সৈতে অবৈধ সম্পৰ্ক গঢ়ি তোলা বুলি জানিব পাৰে আৰু সেয়ে প্ৰথম অৱস্থাত পত্নীৰ সৈতে বৈবাহিক সম্পৰ্ক অটুট ৰাখিবলৈ অস্বীকাৰ কৰে। কিন্তু পিছত পৰিয়ালৰ সৈতে আলোচনামৰ্মে তেওঁ গৰ্ভৱতী পত্নীক নিজৰ ভাতৃৰ সৈতেই বিয়া পাতি দিয়ে। এই আচৰিত বিবাহ এতিয়া হৈ পৰিছে চৰ্চাৰ বিষয়।

প্ৰকাশিত খবৰ অনুসৰি, এই ঘটনা জৌনপুৰৰ ছিৰকোনি থানা এলেকাৰ বিবিপুৰ নামৰ এখন গাঁৱত সংঘটিত হৈছে। গাঁওখনৰে ৰাম শিৰোমণি নামৰ এজন ব্যক্তিৰ জ্যেষ্ঠ পুত্ৰ বাহাদুৰ গৌতমৰ বিবাহ হৈছিল ২০২৩ চনৰ মে’ মাহত। বিয়াৰ কিছুদিনৰ ভিতৰতে তেওঁৰ পত্নীৰ দেওৰেক অৰ্থাৎ বাহাদুৰৰ সৈতে এক অবৈধ সম্পৰ্ক গঢ় লৈ উঠিল।

লাহে লাহে দুয়োৰে মাজত এই ঘনিষ্ঠতা বৃদ্ধি পায় আৰু প্ৰেমলৈ পৰিণত হ’ল। দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক ক্ৰমাৎ গাঢ় হৈ পৰিল। লাহে লাহে আনকি পৰিয়ালৰ লোকো দুয়োৰে সম্পৰ্কৰ বিষয়ে অৱগত হ’ল। এনে পৰিস্থিতিৰ মাজতে গৌতমৰ পত্নী গৰ্ভৱতী হয়। কিন্তু গৰ্ভৱতী পত্নীক নিজৰ লগত ৰাখিবলৈ অস্বীকাৰ কৰে বাহাদুৰ গৌতমে।

এফালে স্বামী-স্ত্ৰীৰ মাজৰ দূৰত্ব ক্ৰমাগতভাৱে বাঢ়ি অহাৰ সমান্তৰালকৈ আকৌ আনফালে দেওৰেকৰ সৈতে প্ৰেমৰ সম্পৰ্ক অধিক দৃঢ় হৈ পৰে মহিলাগৰাকীৰ। এনে পৰিস্থিতিত পৰিয়ালটোৱে গ্ৰহণ কৰিলে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। দুয়োৰে মাজত গঢ়ি উঠা প্ৰেমৰ সম্পৰ্কক স্বীকৃতি দি পৰিয়ালটোৱে দুয়োকে বিয়া পাতি দিবলৈ সিদ্ধান্ত ল’লে। এই সিদ্ধান্তত সন্মতি দিলে প্ৰেমিক যুগলেও।

ইয়াৰ পিছত দুয়োৰে বিবাহৰ প্ৰস্তুতি চলোৱা হয় আৰু কল্যাণপুৰ-জয়তপুৰত অৱস্থিত যোগীবীৰ মন্দিৰত বৌৱেক আৰু দেওৰেকৰ বিবাহৰ আয়োজন কৰা হয়। বিবাহৰ সময়ত মহিলাগৰাকীৰ স্বামী গৌতমৰ লগতে তেওঁৰ সমগ্ৰ পৰিয়ালো উপস্থিত থাকে। এই বিয়াৰ সময়ত দৰাঘৰীয়া আৰু কইনাঘৰীয়া উভয় পক্ষৰে পৰিয়াল হিচাপে দেখা গ’ল পৰিয়ালটোক।

এই অনন্য বিবাহৰ বিষয়ে এতিয়া ব্যাপক চৰ্চা চলি আছে। একাংশ লোকে মহিলাগৰাকীৰ পূৰ্বৰ স্বামী বাহাদুৰ গৌতমক উচ্চ প্ৰশংসা কৰিছে। আনহাতে পূৰ্বৰ বৌৱেক আৰু দেওৰেকৰ সম্পৰ্ক ত্যাগ কৰি বিয়াৰ পিছত এতিয়া সুখী দাম্পত্য জীৱনৰ বাবে সাজু হৈছে সীমা নামৰ মহিলাগৰাকী আৰু গৌতমৰ ভাতৃ সুন্দৰ।

Latest News