জম্মু-কাশ্মীৰৰ নৌশ্বেৰাত লেণ্ডমাইন বিস্ফোৰণ, আহত ৬ সেনা জোৱান

মঙলবাৰে পুৱা জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ নৌশ্বেৰা ছেক্টৰৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত সংঘটিত হোৱা লেণ্ডমাইন বিস্ফোৰণত সেনাবাহিনীৰ কমেও ৬ জন জোৱান আহত হৈছে বুলি জানিব পৰা গৈছে ।

জম্মু-কাশ্মীৰৰ নৌশ্বেৰাত লেণ্ডমাইন বিস্ফোৰণ, আহত ৬ সেনা জোৱান

ভাৰতীয় সেনা (ফাইল ফটো)

Published: 

14 Jan 2025 15:31 PM

জম্মু-কাশ্মীৰৰ নৌশ্বেৰাত লেণ্ডমাইন বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰা গৈছে । মঙলবাৰে পুৱা জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ নৌশ্বেৰা ছেক্টৰৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত সংঘটিত হোৱা লেণ্ডমাইন বিস্ফোৰণত সেনাবাহিনীৰ কমেও ৬ জন জোৱান আহত হৈছে বুলি জানিব পৰা গৈছে । খাম্বাৰ সমীপত গোৰ্খা ৰাইফলছৰ এটা দলে নিয়মীয়াকৈ টহল দি থকা অৱস্থাত এই ঘটনা সংঘটিত হয়।

ভৱানী খণ্ডৰ মাকৰি অঞ্চলত সংঘটিত হোৱা এই বিস্ফোৰণৰ ফলত আহত জোৱানসকলক তাৎক্ষণিকভাৱে চিকিৎসাৰ ব্যৱস্থা কৰা হয়। তথ্য অনুসৰি আহত জোৱান সকলক চিকিৎসাৰ বাবে ৰাজৌৰীৰ সেনা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ইয়াৰ পূৰ্বে ২০২৪ চনৰ ৯ ডিচেম্বৰত জম্মুৰ পুঞ্চত বিস্ফোৰণ সংঘটিত হৈছিল, য’ত এজন জোৱান শ্বহীদ হৈছিল। সেনাবাহিনীৰ মুখপাত্ৰই জনোৱা মতে, পুঞ্চৰ থানেদাৰ টেক্ৰিত টহল দি থকা অৱস্থাত ভি চুববাইয়া বাৰিকুন্ত নামৰ এজন জোৱান লেণ্ডমাইন বিস্ফোৰণৰ ফলত মৃত্যু হয়।

২০২৪ চনৰ অক্টোবৰ মাহতো কুপৱাৰাত লেণ্ডমাইন বিস্ফোৰণ হৈছিল, য’ত দুজন সেনা জোৱান আহত হৈছিল। বিষয়াসকলে জনোৱা মতে, ট্ৰেহগামৰ নিয়ন্ত্ৰণ ৰেখাত পুৱা প্ৰায় ৩ বজাত এই বিস্ফোৰণ সংঘটিত হয় । এই ঘটনা সংঘটিত হোৱাৰ সময়ত জোৱানসকলে অঞ্চলটোত টহল দি আছিল। এই বিস্ফোৰণত দুজন সেনা জোৱান আহত হোৱা বুলি বিষয়াসকলে জানিবলৈ দিয়ে।

ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?
উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?
ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!