ছয়দিন উকলিল, এতিয়াও সুৰংগত আৱদ্ধ ৮ শ্ৰমিকঃ কেতিয়া আহিব মুকলি আকাশৰ তললৈ!

যোৱা ২২ ফেব্ৰুৱাৰীত তেলেংগানাৰ সংঘটিত ভয়ংকৰ সুৰংগ দুৰ্ঘটনাৰ ফলত এক নিৰ্মীয়মান সুৰংগৰ ভিতৰতে আৱদ্ধ হৈ পৰিছিল ৮ জন কৰ্মৰত শ্ৰমিক তথা কৰ্মচাৰী। আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ বাবে তাৎক্ষণিকভাৱে আৰম্ভ কৰা হৈছিল উদ্ধাৰ অভিযান। কিন্তু আজি ঘটনাৰ ছয়দিনৰ পিছতো উদ্ধাৰ কৰিব পৰা নাই এই শ্ৰমিক তথা কৰ্মচাৰীসকলক।

ছয়দিন উকলিল, এতিয়াও সুৰংগত আৱদ্ধ ৮ শ্ৰমিকঃ কেতিয়া আহিব মুকলি আকাশৰ তললৈ!

অব্যাহত উদ্ধাৰ অভিযান

Published: 

27 Feb 2025 21:24 PM

তেলেংগানাৰ ভয়ংকৰ সুৰংগ দুৰ্ঘটনাই আজি ছয় দিন সম্পূৰ্ণ কৰিলে। এই ভয়ংকৰ দুৰ্ঘটনাৰ ফলত সুৰংগৰ ভিতৰতে আৱদ্ধ হৈ পৰিছিল ৮ জন কৰ্মৰত শ্ৰমিক তথা কৰ্মচাৰী। আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ বাবে তাৎক্ষণিকভাৱে আৰম্ভ কৰা হৈছিল উদ্ধাৰ অভিযান। কিন্তু আজি ঘটনাৰ ছয়দিনৰ পিছতো উদ্ধাৰ কৰিব পৰা নাই এই শ্ৰমিক তথা কৰ্মচাৰীসকলক। অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত ঘটনাস্থলীত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তোলা হৈছে যদিও সুৰংগৰ ভিতৰত আৱদ্ধ শ্ৰমিকসকলৰ সন্ধান উলিয়াব পৰা নাই উদ্ধাৰ অভিযানত নিয়োজিত দলটিয়ে।

এনে পৰিস্থিতিত এতিয়া শ্ৰমিকসকলক উদ্ধাৰৰ বাবে বিকল্প পথৰ সন্ধান চলোৱাৰ পৰিকল্পনা কৰিছে প্ৰশাসনে। আজি পুৱা তেলেংগানাৰ জল শক্তি মন্ত্ৰী উত্তম কুমাৰ ৰেড্ডীয়ে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আৱদ্ধ হৈ থকা আঠজন শ্ৰমিকক উদ্ধাৰৰ বাবে বিকল্প উপায় বিচৰা হৈছে। বোকা আৰু পানীৰ বাবে এই আঠজন শ্ৰমিকৰ উদ্ধাৰ অভিযান একেবাৰে শেষ পৰ্যায়তো বাৰে বাৰে বন্ধ কৰি দিবলগা হৈছে বুলি তেওঁ লগতে কয়।

বহু চেষ্টাৰ পিছতো আৱদ্ধ শ্ৰমিকসকলৰ কাষ চাপিব পৰা নাই বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে এনে পৰিস্থিতিৰ বাবেই বিকল্প উপায় বিচাৰিবলৈ বাধ্য হৈ পৰা বুলি জানিবলৈ দিয়ে। অৱশ্যে প্ৰশাসনে গ্ৰহণ কৰিবলগা বিকল্প পথ সন্দৰ্ভত এতিয়াও কোনো তথ্য পোহৰলৈ অহা নাই। প্ৰশাসনিক সূত্ৰৰ পৰা জানিব পৰা মতে, উদ্ধাৰ অভিযানত নিয়োজিত দুৰ্যোগ সঁহাৰি বিভাগৰ দলটোৱে পোনপটীয়াকৈ আৱদ্ধ শ্ৰমিকসকলৰ কাষ চপাৰ চেষ্টা চলাইছে।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, নিৰ্মীয়মান সুৰংগটোৰ ভিতৰত এটা গাঁত খান্দি আৱদ্ধ শ্ৰমিকক উদ্ধাৰৰ কাম কৰিব উদ্ধাৰকাৰী দলটোৱে। ইফালে ঘটনাৰ ছয়দিন সম্পূৰ্ণ হোৱাৰ পিছত আৱদ্ধ শ্ৰমিকসকল জীয়াই থকাৰ সম্ভাৱনা শূন্য হৈ পৰিছে। ইতিপূৰ্বে তেলেংগানা চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰীয়ে মুকলিকৈয়ে তেনে সম্ভাৱনা প্ৰকাশ কৰিছিল। ৰাজ্য চৰকাৰৰ মন্ত্ৰী জুপল্লী কৃষ্ণ ৰাৱে শ্ৰমিককেইজন জীয়াই থকাৰ সম্ভাৱনা অতি ক্ষীণ বুলি মন্তব্য কৰিছিল।

মন্ত্ৰীগৰাকীয়ে অৱশ্যে শ্ৰমিকসকলক উদ্ধাৰৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হৈছে বুলিও উল্লেখ কৰিছিল। সুৰংগটো বোকা আৰু পানীৰে ভৰি থকাৰ বাবে আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ তিনি-চাৰি দিন সময় লাগিব পাৰে বুলি মন্ত্ৰী জুপল্লী কৃষ্ণ ৰাৱে মন্তব্য কৰিছিল। আজি ঘটনাই ছয়দিন সম্পূৰ্ণ কৰিছে। এতিয়া আৱদ্ধ শ্ৰমিকসকলক যাতে সোনকালে উদ্ধাৰ কৰিব পৰা যায়, সেই আশাৰে বাট চাইছে সকলোৱে।

সমগ্ৰ বিশ্বত কিমান সনাতনী লোক আছে?
কোন দেশৰ লোকে সবাতোকৈ বেছি গো মাংস খায়? জানক সবিশেষ...
ভুলতো শিৱলিংগত অৰ্পন নকৰিব এই ফল! শিৱ হ'ব অসন্তুষ্ট...
ভগৱান শিৱৰ তাণ্ডৱ নৃত্যৰ আঁৰৰ ৰহস্য জানেনে?