শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি মন্দিৰত অঘটন! টোকেন সংগ্ৰহ কৰিবলৈ হেতাওপৰা কৰাৰ ফলত ৬জনৰ মৃত্যু

Tirupati Stampede: অন্ধ্ৰ প্ৰদেশৰ তিৰুপতিত অঘটন৷ ঠেলা-হেঁচাত ৬ ভক্তৰ মৃত্যু। তিৰুমালা বৈকুণ্ঠদ্বাৰ সৰ্বদৰ্শনম টোকেন জাৰি কৰাৰ সময়ত হুলস্থুলৰ সৃষ্টি হয়। ইয়াৰ ফলত পদপিষ্ট হৈ আহত হয় বহুজন।

অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি মন্দিৰত অঘটন! টোকেন সংগ্ৰহ কৰিবলৈ হেতাওপৰা কৰাৰ ফলত ৬জনৰ মৃত্যু
অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি মন্দিৰত হেঁচা-ঠেলাত ৬ জন নিহত
barasha-misra
Barasha Misra | Updated On: 09 Jan 2025 00:24 AM

অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি মন্দিৰত হেঁচা-ঠেলাত ৬ ভক্তৰ মৃত্যু। তিৰুমালা বৈকুণ্ঠদ্বাৰ সৰ্বদৰ্শনমত টোকেন জাৰি কৰাৰ সময়ত সৃষ্টি হৈছিল বিশৃংখলতাৰ। সেই সময়তে সংঘটিত হয় এই অপ্ৰীতিকৰ ঘটনা। ভক্তসকলৰ মৃত্যুত শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে আৰু বিষয়াসকলক সাহায্য আৰু উদ্ধাৰৰ বাবে নিৰ্দেশ দিছে।

বুধবাৰে দৰ্শন কৰিবলৈ তিৰুপতিত যথেষ্ঠ ভক্তৰ ভিৰ হৈছিল। তিৰুমালা তিৰুপতি দেৱস্থানে ৯ ডিচেম্বৰ বৃহস্পতিবাৰৰ পুৱাৰে পৰা বৈকুণ্ঠৰ জৰিয়তে দৰ্শন কৰিবলৈ টোকেনৰ ব্যৱস্থা কৰিছিল। যাৰ বাবে বুধবাৰে সন্ধিয়াৰ পৰা ভক্তৰ শাৰী দীঘলীয়া হয়। টোকেন সংগ্ৰহ কৰিবলৈ একত্ৰিত হোৱা ভক্তসকলৰ মাজত ইয়াকে লৈ যথেষ্ঠ হেঁচা-ঠেলা হয়। টোকেনৰ বাবে আলিপিৰি, শ্ৰীনিবাসম, সত্যনাৰায়ণপুৰম, পদ্মাৱতীপুৰমত ভক্তই দীঘলীয়া শাৰী পাতিছিল। বুধবাৰে তিৰুপতিৰ বিষ্ণু নিৱাসমৰ ওচৰৰ তিৰুমালা শ্ৰীবাৰী বৈকুণ্ঠ দ্বাৰত সংঘটিত হয় এই ঘটনা।

১.২০ লাখ টোকেন প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছিল

টিভি৯ তেলেগুৰ পৰা পোৱা তথ্যনুসৰি, বৃহস্পতিবাৰৰ পৰা তিৰুপতিৰ ৯টা কেন্দ্ৰৰ ৯৪টা কাউণ্টাৰৰ জৰিয়তে বৈকুণ্ঠ দৰ্শন টোকেন প্ৰদানৰ ব্যৱস্থা কৰিছিল। অৱশ্যে বুধবাৰে সন্ধিয়া বৃহৎ সংখ্যক ভক্তই টোকেনৰ বাবে ভিৰ কৰে। য’ত এই হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় আৰু বহু লোক আহত হয়।

বৃহস্পতিবাৰে পুৱা টিটিডিয়ে ১০, ১১ আৰু ১২ জানুৱাৰীত বৈকুণ্ঠ দ্বাৰ দৰ্শনৰ প্ৰথম তিনিদিনৰ বাবে ১.২০ লাখ টোকেন প্ৰদান কৰাৰ সিদ্ধান্ত লৈছিল। বাকী দিনৰ সন্দৰ্ভত টিটিডিয়ে নিজ নিজ তাৰিখত তিৰুপতিৰ বিষ্ণুনিবাসম, শ্ৰীনিবাসম আৰু ভূদেৱী কমপ্লেক্সত টিকট মুকলি কৰাৰ ব্যৱস্থা কৰিছে।

চন্দ্ৰবাবু নাইডুৰ শোক প্ৰকাশ

অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে ভক্তৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। এই ঘটনাত আহতসকলৰ চিকিৎসাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী নাইডুৱে ফোনযোগে বিষয়ববীয়াৰ সৈতে বাৰ্তালাপ কৰে, লগতে ঘটনাস্থলীলৈ গৈ সাহায্যৰ প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে। যাতে আহতসকলে উন্নত চিকিৎসা লাভ কৰিব পাৰে।

তিৰুপতি কাণ্ডক লৈ শোক প্ৰকাশ কৰে টিটিডিৰ অধ্যক্ষ বি আৰ নাইডুৱে। তেওঁ এই ঘটনাক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে। অধ্যক্ষগৰাকীয়ে কয় যে, এজন ডি এছ পিয়ে গেটখন খুলি দিয়ে, যাৰ বাবে হঠাতে ভক্তৰ ভিৰ হয়, ইয়াৰ ফলত এই অঘটন ঘটে।

Latest News