দেৱালীৰ আনন্দ উপভোগ নহ’ল, ঘৰলৈ ৰাওনা হোৱাৰ সময়তে দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৬জনে
পোহৰৰ উৎসৱ দেৱালী উদযাপনৰ বাবে আজি কৰ্মস্থলীৰ পৰা এখন অটো ভাড়া কৰি ঘৰলৈ উভতিছিল কেইগৰাকীমান লোক। পিছে এক ভয়ানক দুৰ্ঘটনাই তেওঁলোকৰ দেৱালী উদযাপনৰ আশা নিমিষতে মষিমূৰ কৰে। ঘৰলৈ উভতাৰ পথতে হোৱা এক ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় ৬ গৰাকী লোকে।
আজি সমগ্ৰ দেশে উদযাপন কৰিছে পোহৰৰ উৎসৱ দেৱালী। উৎসৱৰ আনন্দত স্বাভাৱিকতেই পোহৰ হৈ পৰিছে প্ৰতিজন ব্যক্তিৰ মন। পৰিয়ালৰ সৈতে দেৱালীৰ আনন্দ উপভোগৰ বাবে নিজ গৃ্হাভিমুখী হৈছে ঘৰৰ পৰা আঁতৰি থাকিবলগা হোৱা লোকসকল। দেৱালী উদযাপনৰ বাবেই আজি কৰ্মস্থলীৰ পৰা এখন অটো বাহন কৰি ঘৰলৈ উভতিছিল কেইগৰাকীমান লোক। পিছে এক ভয়ানক দুৰ্ঘটনাই তেওঁলোকৰ দেৱালী উদযাপনৰ আশা নিমিষতে মষিমূৰ কৰে। ঘৰলৈ উভতাৰ পথতে হোৱা এক ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় ৬ গৰাকী লোকে।
আনহাতে প্ৰাণ ৰক্ষা পৰিলেও গুৰুতৰভাৱে আহত হৈ সম্প্ৰতি চিকিৎসাধীন হ’বলগীয়া হৈছে আন পাঁচজন ব্যক্তি। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বুদাউনত। আজি পুৱা এখন অটো আৰু মেক্স বাহনৰ মাজত এই সংঘৰ্ষৰ সূত্ৰপাত হয়। এই দুৰ্ঘটনাত অটোখনত যাত্ৰা কৰা ৬ জন লোকৰ মৃত্যু হয়। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
জানিব পৰা মতে আটাইকেইজন ব্যক্তি দীপাৱলী উদযাপনৰ বাবে নয়ডাৰ পৰা নিজ গৃ্হাভিমুখে ৰাওনা হৈছিল। তেনে সময়তে মুজাৰিয়া অঞ্চলৰ সমীপত দিল্লী ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাৰ তথ্য পোৱাৰ লগে লগে জিলা দণ্ডাধীশো ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয়। এই দুৰ্ঘটনাত আহত ৫ জন লোকৰ সঠিক চিকিৎসাৰ বাবে জিলা দণ্ডাধীশে নিৰ্দেশনা প্ৰদান কৰে।
প্ৰকাশিত খবৰ অনুসৰি কৰ্তব্যৰ খাতিৰত নয়ডাত থকা এই লোককেইজনে দীপাৱলী উদযাপনৰ বাবে এখন অটো বুকিং কৰি নিজ গৃ্হ অভিমুখে যাত্ৰা কৰিছিল। পুৱা প্ৰায় সাত বজাত তেওঁলোকে যাত্ৰা কৰা অটোখন মুজাৰিয়া থানা এলেকাৰ মুজাৰিয়া গাঁৱৰ সমীপত উপস্থিত হয়। এই সময়ত দিল্লী ঘাইপথত ভুল দিশৰ পৰা আহি থকা এখন মেক্স বাহনৰ সৈতে অটোখনৰ মুখামুখি সংঘৰ্ষ হয়।
ইফালে অটো আৰু মেক্স বাহনখনৰ সংঘৰ্ষৰ লগে লগে পিছফালৰ পৰা অহা আন এখন বাহনেও ডিভাইডাৰত খুন্দা মাৰে। আনহাতে মেক্স বাহনখনৰ সৈতে সংঘৰ্ষৰ ফলত অটোখন প্ৰায় বিধ্বস্ত হৈ পৰে। এই ঘটনাৰ লগে লগে ঘটনাস্থলীত ব্যাপক আতংকময় পৰিস্থিতিৰ স্থিতি হয়। বাহন দুখনৰ সংঘৰ্ষৰ ফলত সৃষ্টি হোৱা শব্দ শুনি স্থানীয় একাংশ লোক ঘটনাস্থলীত সমবেত হয় আৰু এই দুৰ্ঘটনা সম্পৰ্কে আৰক্ষীক অৱগত কৰে।
খবৰ লাভ কৰাৰ লগে লগে মুজাৰিয়া থানা আৰক্ষীৰ এটা দল সেই স্থানত উপস্থিত হয়। আৰক্ষীয়ে প্ৰথমে টেম্পোখনত আবদ্ধ হৈ থকা লোকসকলক বাহিৰলৈ উলিয়াই আনে আৰু এম্বুলেন্সৰ সহায়ত সকলোকে স্থানীয় এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰে। অৱশ্যে চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছতে চিকিৎসকে ইয়াৰে ৬জন লোকক মৃত ঘোষণা কৰাৰ বিপৰীতে ৫জনক চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা আৰম্ভ কৰে।
আনহাতে ডিভাইডাৰত খুন্দা মৰা বাহনখনত থকা লোককেইজন সামান্য আঘাতপ্ৰাপ্ত হয়। তেওঁলোকক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয় বুলি কৰ্তৃপক্ষই সদৰী কৰে। এই দুৰ্ঘটনাত নিহত লোকসকলক ক্ৰমে পানা দেৱী, সুষমা, কানহাই, অতুল, শ্বীনু আৰু কাৰ্তিক বুলি চিনাক্ত কৰা হৈছে। আনহাতে টেম্পো চালকসহ আহত আনকেইজন ব্যক্তি সম্প্ৰতি চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।