৬ বছৰীয়া শিশুৰ লগত বিদ্যালয়ৰ অধ্যক্ষৰ জঘন্য কাণ্ড, গ্ৰেপ্তাৰ
এটি ৬ বছৰীয়া শিশুৰ লগত জঘন্য কাণ্ড সংঘটিত কৰিলে অধ্যক্ষই। অভিযুক্তৰ স্বীকাৰোক্তিৰ পাছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তেওঁক আদালতত হাজিৰ কৰায়। আদালতে অধ্যক্ষগৰাকীক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিদিনে ন ন ধৰ্ষণৰ ঘটনা পোহৰলৈ আহে। মানুহৰূপী একাংশ দানৱৰ কবলৰ পৰা সাৰি নাযায় এটি শিশুয়ো। বিদ্যালয়ক মন্দিৰৰ তুল্য বুলি গণ্য কৰা হয় আৰু শিক্ষক- শিক্ষয়িত্ৰীসকলক ভগৱান। কিন্তু এগৰাকী শিক্ষকৰ মনতো যদি পাষাণ চৰিত্ৰৰ মানুহ এজনে বাস কৰি থাকে তেন্তে আজিৰ শিশু, নাৰীৰ সুৰক্ষা ক’ত? এনে এক ঘটনা পোহৰলৈ আহিছে য’ত এখন বিদ্যালয়ৰ অধ্যক্ষই এটি ৬ বছৰীয়া শিশুৰ লগত ধৰ্ষণ কাণ্ড সংঘটিত কৰাৰ চেষ্টা কৰে। ইমানেই নহয়, শিশুটিক হত্যাও কৰে তেওঁ।
এই ঘটনা সংঘটিত হৈছে গুজৰাটৰ দাহোদাত। এই অঞ্চলটোৰ অধ্যক্ষই এটি ৬ বছৰীয়া শিশুক নিজৰ কামনাৰ বলি বনোৱাৰ চেষ্টা কৰে কিন্তু যেতিয়া শিশুটিয়ে চিঞৰিব আৰম্ভ কৰে তেতিয়া শিশুটিৰ ডিঙি চেপি হত্যা কৰে। পৰৱৰ্তী সময়ত অভিযুক্তই শিশুটিৰ মৃতদেহ পুতি থয় আৰু সাধাৰণভাৱে থাকিবলৈ আৰম্ভ কৰে। অৱশ্যে বৰ্তমান সময়ত অধ্যক্ষগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
ঘটনা সংঘটিত হৈছে পিপলিয়া গাঁৱত। আৰক্ষীৰ মতে, অভিযুক্ত গোবিন্দ নট (৫৫) এখন প্ৰাইমাৰী স্কুলৰ অধ্যক্ষ। ১৯ ছেপ্টেম্বৰৰ পুৱা অধ্যক্ষগৰাকী বিদ্যালয়লৈ গৈ আছিল আৰু তেতিয়াই লগ পাইছিল শিশুটিক। নিজৰ চাৰিচকীয়া বাহনত শিশুটিক উঠাই লৈ পৰৱৰ্তী সময়ত জঘন্য কাণ্ড সংঘটিত কৰাৰ চেষ্টা কৰে। কিন্তু যেতিয়া শিশুটিয়ে চিঞৰিব আৰম্ভ কৰে তেতিয়া অধ্যক্ষগৰাকীয়ে শিশুটিক হত্যা কৰি মৃতদেহ গাড়ীত থৈ দিয়ে। সন্ধিয়াৰ সময়ত গাড়ীৰ পৰা মৃতদেহ উলিয়াই আনি অধ্যক্ষগৰাকীয়ে পুতি থয়। ইফালে সন্ধিয়া হোৱাৰ পাছতো শিশুটি ঘৰলৈ নহাৰ পৰিয়ালৰ চিন্তা হয় আৰু আৰক্ষীৰ খবৰ দিয়ে। পৰিয়ালে আৰক্ষীক জনাই যে শিশুটি অধ্যক্ষগৰাকীৰ গাড়ীত স্কুললৈ গৈছিল।
এই ঘটনাৰ তদন্ত কৰিবলৈ আৰক্ষীয়ে কেইবাটাও দল গঠন কৰে। আৰক্ষীয়ে বিদ্যালয়ৰ শিক্ষক আৰু অন্য ছাত্ৰ- ছাত্ৰীসকলক সোধা- পোছা কৰে আৰু তেতিয়া গম পাই যে সেইদিনা শিশুটি বিদ্যালয়লৈ যোৱা নাছিল। আৰক্ষীয়ে যেতিয়া এই সন্দৰ্ভত অধ্যক্ষগৰাকীক জেৰা চলাই তেতিয়া তেওঁ আৰক্ষীক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰে। কিন্তু আৰক্ষীৰ মাৰথান জেৰাত অধ্যক্ষগৰাকীয়ে সকলো কথা স্বীকাৰ কৰে। তেওঁ কয় যে বিদ্যালয়লৈ যোৱাৰ সময়ত তেওঁ শিশুটিক ধৰ্ষণ কৰাৰ চেষ্টা কৰিছিল। কিন্তু শিশুটিয়ে যেতিয়া চিঞৰিবলৈ আৰম্ভ কৰে তেতিয়া ডিঙি চেপি হত্যা কৰে।
এই কাণ্ড সংঘটিত কৰি অধ্যক্ষগৰাকী বিদ্যালয়লৈ যায় আৰু অইন দিনাৰ দৰে সকলো কাম কৰে। সন্ধিয়া হোৱাৰ পাছত গাড়ীৰ পৰা মৃতদেহটো উলিয়াই তেওঁ পুতি থৈ দিয়ে। অভিযুক্তৰ স্বীকাৰোক্তিৰ পাছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তেওঁক আদালতত হাজিৰ কৰায়। আদালতে অধ্যক্ষগৰাকীক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।