ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে ৬ যুৱক-যুৱতীয়ে, বিচ্ছিন্ন হৈ দূৰত পৰিল ছিন্ন মুণ্ডা…
সোমবাৰে নিশাৰ ভাগত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ইন"ভা বাহন আৰু কন্টেইনাৰৰ মাজত হোৱা সংঘৰ্ষৰ ফলত থিতাতে নিহত ৬ যুৱক-যুৱতী। ঘটনাৰ সময়ত ইন'ভা বাহনখনত তীব্ৰ বেগত আছিল। দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে বাহনখন ভাঙি চূৰমাৰ হৈ যায়।
এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৬ জনকৈ লোকে। সোমবাৰে নিশাৰ ভাগত সংঘটিত এই পথ দুৰ্ঘটনাত যুৱক- যুৱতীসহ ৬ জনৰ মৃত্যু হয় লগতে আহত হয় এজন। এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে উত্তৰাখণ্ডৰ ৰাজধানী ডেৰাডুনত। জানিব পৰা মতে নিশাৰ ভাগত ইন’ভা বাহনখনেৰে ৭ জনকৈ যুৱক- যুৱতী গৈ আছিল। তেনে সময়ত এখন কন্টেইনাৰৰ লগত সংঘটিত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় ৬জন। এই দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে দুজনৰ মূৰ মৃতদেহৰ পৰা বিচ্ছিন্ন হৈ দূৰৈত বাগৰি পৰে। লগতে গাড়ীখনো ভাঙি চূৰমাৰ হৈ যায়।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তথ্য লাভ কৰাৰ লগে লগে উক্ত স্থানত উপস্থিত হৈ গাড়ীৰ পৰা মৃতদেহসমূহ বাহিৰলৈ উলিয়াই আনে। গাড়ীৰ ভিতৰত মৃতদেহবোৰ বেয়াকৈ আৱদ্ধ হৈ আছিল যাৰ বাবে এয়া উদ্ধাৰৰ বাবে আৰক্ষীক বহু সময়ৰ প্ৰয়োজন হয়। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহসমূহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে আহতজনক হাস্পাতালত ভৰ্তি কৰায়। কেণ্ট অঞ্চলৰ অ’ এন জি চি চ’কৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।
তথ্য অনুসৰি, ইন’ভা বাহনখনে প্ৰথমে কন্টেইনাৰত খুন্দা মাৰে আৰু পাছত বিপৰীত দিশত থকা এজোপা গছত প্ৰচণ্ড যোৰে খুন্দা মাৰে। ইন’ভাত থকা যুৱক- যুৱতীসকল কিষাণ নগৰ চ’কৰ পৰা আহি আছিল। তাৰ পাছত অ’এনজিচি চ’কত তীব্ৰ বেগী বাহনখনে কন্টেইনাৰত খুন্দা মাৰে। গাড়ীখনৰ বেগ ইমানেই বেছি আছিল আৰু দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে ইন’ভা বাহনখনৰ এটা অংশ কন্টেইনাৰৰ পাছফালে লাগি ধৰে। তাৰ পাছত গাড়ীখন গৈ প্ৰায় ১০০ মিটাৰ দূৰত্বত থকা এডাল গছত প্ৰচণ্ড খুন্দা মাৰে।
আৰক্ষীয়ে জনাই যে, দুৰ্ঘটনাত গাড়ীখন ভাঙি চূৰমাৰ হয়। গাড়ীত থকা ৬ জন যাত্ৰীৰ থিতাতে মৃত্যু হয়। ইতিমধ্যে মৃতকৰ চিনাক্তকৰণ কৰা হৈছে। মৃতসকল আছিল- ১৯ বছৰীয়া গুণিত, তেওঁ জি এম এছ ৰোড বাসিন্দা , ২৩ বছৰীয়া কুনাল, তেওঁ ৰাজেন্দ্ৰ নগৰৰ বাসিন্দা ( প্ৰকৃত ঘৰ চাম্বা, হিমাচল প্ৰদেশ) , ২৩ বছৰীয়া নব্য গোৱাল, তেওঁ তিলক ৰোডৰ বাসিন্দা, ২৪ বছৰীয়া অতুল আগৰৱাল, তেওঁ কালিদাস ৰোডৰ বাসিন্দা, ২০ বছৰীয়া কামাক্ষা, তেওঁ কানৱালি ৰোডৰ বাসিন্দা আৰু ঋষৱ জৈনক ৰাজপুৰ ৰোডৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে। আনহাতে এই ঘটনাত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ২৫ বছৰীয়া সিধেশ আগৰৱাল।
আৰক্ষীয়ে বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। কন্টেইনাৰখন জব্দ কৰাৰ লগতে যাৱতীয় সকলো কাম- কাজ কৰি তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্ততহে আৰু অধিক তথ্য পোহৰলৈ আহিব।