প্ৰি-পেইড মিটাৰ সন্দৰ্ভত ৰাইজৰ মাজত চলাব লাগে অভিযানঃ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ জনসাধাৰণৰ মাজত অভিযান চলাই স্মাৰ্ট প্ৰি-পেইড মিটাৰৰ উপকাৰিতাৰ বিষয়ে অৱগত কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। শক্তি বিভাগৰ লগতে সকলো জিলা দণ্ডাধীশেও স্মাৰ্ট প্ৰি-পেইড মিটাৰৰ সুবিধা সম্পৰ্কে মানুহক সজাগ আৰু অনুপ্ৰাণিত কৰিব লাগে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশনা প্ৰদান কৰিছে।

প্ৰি-পেইড মিটাৰ সন্দৰ্ভত ৰাইজৰ মাজত চলাব লাগে অভিযানঃ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

27 Sep 2024 21:42 PM

ৰাজ্যত স্মাৰ্ট মিটাৰৰ বিৰোধিতাৰে অব্যাহত আছে প্ৰতিবাদ। স্মাৰ্ট মিটাৰ সংযোগৰ পিছত বৰ্ধিত মাচুলৰ অভিযোগত ৰাজপথত নামি পৰিছে দল-সংগঠনৰ লগতে সাধাৰণ ৰাইজ। অসমৰ সমান্তৰালকৈ বিহাৰতো এতিয়া বিদ্যুতৰ গ্ৰাহকসকলক স্মাৰ্ট মিটাৰৰ সংযোগ দিয়া হৈছে। অসমত যিদৰে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ গঢ়ি উঠিছে, তেনেদৰে বিহাৰত প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই যদিও স্মাৰ্ট মিটাৰ স্থাপনৰ পিছত সমস্যাৰ সন্মুখীন হোৱা বুলি একাংশ লোকে অভিযোগ উত্থাপন কৰিছে। তাৰ মাজতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে শক্তি বিভাগলৈ দিছে এক নিৰ্দেশ।

ৰাজ্যৰ জনসাধাৰণৰ মাজত অভিযান চলাই স্মাৰ্ট প্ৰি-পেইড মিটাৰৰ উপকাৰিতাৰ বিষয়ে অৱগত কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। স্মাৰ্ট মিটাৰ সন্দৰ্ভত একাংশ লোকে মিছা অপপ্ৰচাৰ আৰু উৰাবাতৰি প্ৰচাৰ কৰা বুলি দাবী কৰি এইদৰে মানুহক বিপথে পৰিচালিত কৰা উচিত নহয় বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। তেওঁ লগতে গ্ৰাহকৰ সমস্যা সমাধানৰ বাবে অধ্যৱসায়ীভাৱে কাম কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে।

মুখ্যমন্ত্ৰী নীতিশ কুমাৰে শক্তি বিভাগৰ লগতে সকলো জিলা দণ্ডাধীশেও স্মাৰ্ট প্ৰি-পেইড মিটাৰৰ সুবিধা সম্পৰ্কে মানুহক সজাগ আৰু অনুপ্ৰাণিত কৰিব লাগে বুলি উল্লেখ কৰিছে। আজি শক্তি বিভাগৰ সৈতে এক উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত এই নিৰ্দেশনা আগবঢ়ায় মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। বৈঠকত শক্তি বিভাগৰ সচিব প্ৰদান কৰা তথ্য অনুসৰি এইপৰ্যন্ত বিহাৰত ৫০.২৩ লাখ স্মাৰ্ট প্ৰি-পেইড মিটাৰ স্থাপন কৰা হৈছে।

বাকী থকা স্মাৰ্ট মিটাৰসমূহো ২০২৫ চনৰ ভিতৰত স্থাপন কৰা হ’ব বুলি সচিবগৰাকীয়ে নিশ্চিত কৰিছে। তথ্য অনুসৰি বিহাৰ চৰকাৰে বিদ্যুৎ ব্যৱহাৰৰ ক্ষেত্ৰত ৰাজ্যখনৰ জনসাধাৰণক ১৫ হাজাৰ ৩৪৩ কোটি টকাৰ ৰাজসাহায্য প্ৰদান কৰিছে। পৰ্যালোচনা বৈঠকৰ সময়ত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে যদি কোনো গ্ৰাহকৰ পৰা স্মাৰ্ট মিটাৰ সন্দৰ্ভত কোনো ধৰণৰ অভিযোগ লাভ কৰে, তেন্তে তৎক্ষণাত সমাধান কৰিবলৈ নিৰ্দেশ দিয়ে।

তেওঁৰ মতে, স্মাৰ্ট প্ৰি-পেইড মিটাৰে বিদ্যুতৰ ব্যৱহাৰ ৰাহি কৰাৰ উপৰিও মানুহক বিদ্যুতৰ বিল পৰিশোধ কৰাত সুবিধা প্ৰদান কৰে। স্মাৰ্ট প্ৰি-পেইড মিটাৰ সন্দৰ্ভত একাংশ লোকে ভুল ধাৰণা বিয়পাইছে বুলিও তেও অভিযোগ কৰে। এই প্ৰসঙ্গতে তেওঁ বিদ্যুৎ সেৱা সন্দৰ্ভত পূৰ্বৰ প্ৰতিশ্ৰুতিও দোহাৰে। সেই প্ৰতিশ্ৰুতি আখৰে আখৰে পূৰ কৰি ৰাইজৰ ঘৰে ঘৰে বিদ্যুতৰ ব্যৱস্থা কৰা হ’ল বুলি নীতিশ কুমাৰে দাবী কৰে।

ইফালে বিদ্যুৎ শক্তিৰ লগতে সৌৰশক্তিৰ ব্যৱহাৰো ৰাজ্য চৰকাৰে প্ৰসাৰিত কৰা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সকলো চৰকাৰী অট্টালিকাৰ ছাদত ছ’লাৰ প্লেট লগোৱাৰ লগতে গাঁওসমূহতো  সৌৰ ষ্ট্ৰীট লাইট লগোৱা হৈছে বুলি তেওঁ কয়। তদুপৰি কৃষকসকলে যাতে সুলভ মূল্যত নিয়মিত বিদ্যুৎ লাভ কৰে আৰু জলসিঞ্চনৰ কামত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবে কৃষি ফিডাৰ স্থাপন কৰা হৈছে বুলিও সদৰী কৰে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে।

আচাৰ্য চাণক্যৰ মতে এই ৫ টা স্থানত থকা লোকসকল সদায় হৈ থাকে দুখীয়া!
১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!
দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...