জম্মুৰ LoC সমীপত পুনৰ IED বিস্ফোৰণ, শ্বহীদ এজন বিষয়াকে ধৰি দুই সেনা জোৱান…

মঙলবাৰে আখনূৰ খণ্ডৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত সন্ত্ৰাসবাদীয়ে সংস্থাপন কৰা বুলি ধাৰণা কৰা এটা আই ই ডি বিস্ফোৰণ হয় । বিস্ফোৰণত এজন কেপ্তেইনকে ধৰি সেনাবাহিনীৰ দুজন জোৱান নিহত হোৱাৰ লগতে আন এজন আহত হয় বুলি জানিব পৰা গৈছে ।

জম্মুৰ LoC সমীপত পুনৰ IED বিস্ফোৰণ, শ্বহীদ এজন বিষয়াকে ধৰি দুই সেনা জোৱান...

ভাৰতীয় সেনা

Published: 

11 Feb 2025 19:18 PM

জম্মু-কাশ্মীৰত পুনৰ আইইডি বিস্ফোৰণত দুজন সেনা জোৱান শ্বহীদ হোৱাৰ খবৰ লাভ কৰা গৈছে । খবৰ অনুসৰি, মঙলবাৰে আখনূৰ খণ্ডৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত সন্ত্ৰাসবাদীয়ে সংস্থাপন কৰা বুলি ধাৰণা কৰা এটা আই ই ডি বিস্ফোৰণ হয় । বিস্ফোৰণত এজন কেপ্তেইনকে ধৰি সেনাবাহিনীৰ দুজন জোৱান নিহত হোৱাৰ লগতে আন এজন আহত হয় বুলি জানিব পৰা গৈছে ।

সেনাই এই বিস্ফোৰণত নিহত সংখ্যা নিশ্চিত কৰি কয় যে, সেনাই অঞ্চলত ঘেৰাও কৰাৰ লগতে অঞ্চলটোত অনুসন্ধান চলাই আছে বুলি জানিবলৈ দিছে সেনাৰ সূত্ৰয় । সেনাই জানিবলৈ দিয়া অনুসৰি, মঙলবাৰে বিয়লি প্ৰায় ৩:৫০ বজাত নিৰাপত্তা বাহিনীৰ জোৱানে টহল দি থকাৰ অৱস্থাত এই বিস্ফোৰণ সংঘটিত হয় । এই বিস্ফোৰণত আহত সেনা জোৱানসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদি এজন কেপ্তেইনকে ধৰি দুজন জোৱানৰ মৃত্যু হয় । ইফালে, আনজন আহত জোৱানৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে।

শ্বহীদ জোৱানসকলৰ পৰম বলিদানক প্ৰণাম আৰু শ্ৰদ্ধাঞ্জলি জনাই হোয়াইট নাইট কৰ্পছে। সেনাই জনোৱা মতে, অঞ্চলটোত তালাচী অভিযান চলোৱা হৈছে।

উল্লেখ্য যে, চলিত মাহত জম্মু অঞ্চলৰ ৰাজৌৰী জিলাৰ কেৰী ছেক্টৰৰ এল অ’ চিৰ সমীপত সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদীৰ এই প্ৰচেষ্টা বিফল কৰে । একেদৰে নিৰাপত্তা বাহিনীয়ে ইয়াৰ পূৰ্বে কাশ্মীৰ মণ্ডলৰ বাৰামুল্লাত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদৰ উদ্ধাৰ কৰিছিল।

এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ
২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা...
গৌতম গম্ভীৰে কিমান পেঞ্চন লাভ কৰে জানেনে? শুনিলে হ'ব আচৰিত...
ফাইনেলত জয়ী হোৱাৰ পাছতো ভাৰতে চেম্পিয়নছ ট্ৰফী দেশলৈ আনিব নোৱাৰে, কাৰণ জানেনে?