আজি কৰ্মজীৱন সামৰিলে চন্দ্ৰচূড়েঃ চাওক তেওঁৰ কেইটিমান বিশেষ ৰায়…. | Some Key Judgments By Chief Justice DY Chandrachud Fundamental Right Homosexuality article 370 electoral bond Assam news - Assam Tv9

আজি কৰ্মজীৱন সামৰিলে চন্দ্ৰচূড়েঃ চাওক তেওঁৰ কেইটিমান বিশেষ ৰায়….

আজি অন্তিম আইনী কৰ্মদিন পাৰ কৰা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে দীৰ্ঘদিনীয়া কাৰ্যকালত শীৰ্ষ আদালতত ১২৭৫খন বিচাৰপীঠৰ অংশ হিচাপে অংশগ্ৰহণ কৰাৰ লগতে ৬১৩টা সিদ্ধান্ত লিখিছিল। নিজ কাৰ্যকালত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত প্ৰদান কৰিছিল। চন্দ্ৰচূড়ৰ এনে কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে জানো আহক।

আজি কৰ্মজীৱন সামৰিলে চন্দ্ৰচূড়েঃ চাওক তেওঁৰ কেইটিমান বিশেষ ৰায়….

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়

Published: 

08 Nov 2024 21:55 PM

দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে আজি অন্তিম আইনী কৰ্মদিন কটায় উচ্চতম ন্যায়ালয়ত। চন্দ্ৰচূড়ক ২০১৬ চনত উচ্চতম ন্যায়ালয়লৈ পদোন্নীত কৰা হৈছিল আৰু ২০২২ চনৰ নৱেম্বৰ মাহত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। এই দীৰ্ঘদিনীয়া কাৰ্যকালত চন্দ্ৰচূড়ে শীৰ্ষ আদালতত ১২৭৫খন বিচাৰপীঠৰ অংশ হিচাপে অংশগ্ৰহণ কৰাৰ লগতে ৬১৩টা সিদ্ধান্ত লিখিছিল। নিজ কাৰ্যকালত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত প্ৰদান কৰিছিল। চন্দ্ৰচূড়ৰ এনে কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে জানো আহক।

গোপনীয়তাৰ মৌলিক অধিকাৰঃ ২০১৭ চনৰ ২৪ আগষ্টত উচ্চতম ন্যায়ালয়ৰ নজনীয়া বিচাৰপীঠে সৰ্বসন্মতিক্ৰমে গোপনীয়তাক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছিল। বিচাৰপীঠৰ হৈ সংখ্যাগৰিষ্ঠ মতামত লিখি ন্যায়াধীশ চন্দ্ৰচূড়ে গোপনীয়তা সংবিধানৰ ২১ নং অনুচ্ছেদৰ অধীনত জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰৰ এক অন্তৰ্নিহিত অংশ বুলি উল্লেখ কৰিছিল।

সমকামিতাক অপৰাধমুক্তঃ ২০১৮ চনৰ ৬ ছেপ্টেম্বৰত পাঁচজনীয়া বিচাৰপীঠে সৰ্বসন্মতিক্ৰমে ভাৰতীয় দণ্ডবিধিৰ ১৮৬০ চনৰ ৩৭৭ নং ধাৰা বাতিল কৰে। গোপনীয়তাৰ মৌলিক অধিকাৰক স্বীকৃতি দিয়া পূৰ্বৰ ৰায়দানৰ ভিত্তিত চন্দ্ৰচূড়ে যৌন অভিৰুচিৰ অধিকাৰক স্বীকৃতি নিদিয়াটো গোপনীয়তাক অস্বীকাৰ কৰা বুলি উল্লেখ কৰে।

সবৰীমালা মন্দিৰত প্ৰৱেশৰ গোচৰঃ ২০১৮ চনৰ ২৮ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠে ৪:১ সংখ্যাগৰিষ্ঠতাৰে মহিলাক সবৰীমালা মন্দিৰত প্ৰৱেশৰ পৰা বঞ্চিত কৰাটো অসাংবিধানিক বুলি ৰায় দিছিল। বিচাৰপীঠে ৰায় দিছিল যে এনে প্ৰথাই মহিলাৰ ধৰ্মীয় স্বাধীনতা, সমতা আৰু স্বাধীনতাৰ মৌলিক অধিকাৰ খৰ্ব কৰে।

ৰাম মন্দিৰ বিবাদঃ ২০১৯ চনৰ ৯ নৱেম্বৰত ঐতিহাসিক ৰাম মন্দিৰ বিবাদ গোচৰত ৰায় প্ৰদান কৰা উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠৰ অংশ আছিল ন্যায়াধীশ চন্দ্ৰচূড়। এই বিচাৰপীঠে সৰ্বসন্মতিক্ৰমে অযোধ্যাৰ বিবাদিত ভূমিৰ মালিকীস্বত্ব শ্ৰী ৰাম লাল্লা বিৰাজমানক প্ৰদান কৰিছিল। লগতে উত্তৰ প্ৰদেশ চৰকাৰক মছজিদ নিৰ্মাণৰ বাবে চুন্নী ৱাকফ ব’ৰ্ডক অযোধ্যাত বিকল্প স্থান দিবলৈ নিৰ্দেশ দিয়ে।

ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ প্ৰশাসনঃ ২০১৮ চনৰ ৪ জুলাইত পাঁচজনীয়া বিচাৰপীঠে সৰ্বসন্মতিক্ৰমে ৰায় দিছিল যে দিল্লী চৰকাৰৰ কাৰ্যবাহী মুৰব্বী মুখ্যমন্ত্ৰীহে, লেফটেনেণ্ট গৱৰ্ণৰ (এল জি) নহয়। এই বিচাৰপীঠে দিল্লীৰ বাবে বিশেষ বিধান সন্দৰ্ভত সংবিধানৰ ২৩৯-এ এ অনুচ্ছেদৰ ব্যাখ্যা কৰিছিল।

৩৭০ নং অনুচ্ছেদ বাতিলঃ ২০২৩ চনৰ ১১ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ে জম্মু-কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা ৩৭০ নং অনুচ্ছেদ বাতিল সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপৰ সমৰ্থনত ৰায় প্ৰদান কৰে। এই গোচৰত সংখ্যাগৰিষ্ঠ মতামত লিখিছিল চন্দ্ৰচূড়ে। সকলো ন্যায়াধীশে ৩৭০ অনুচ্ছেদ এক অস্থায়ী ব্যৱস্থা আৰু ৰাষ্ট্ৰৰ তাৎক্ষণিক প্ৰয়োজনীয়তা পূৰণৰ বাবে এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল বুলি ঐক্যমত প্ৰকাশ কৰিছিল।

ইলেক্টৰেল বণ্ডঃ চলিত বৰ্ষত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনৰ পূৰ্বে মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে সৰ্বসন্মতিক্ৰমে ২০১৮ চনৰ ইলেক্টৰেল বণ্ড আঁচনিখন বাতিল কৰে। এই ইলেক্টৰেল বণ্ডে সংবিধানৰ ১৯(১)(ক) অনুচ্ছেদত সন্নিৱিষ্ট ভোটাৰৰ তথ্যৰ অধিকাৰ খৰ্ব কৰিছে বুলি বিচাৰপীঠে ৰায় দিয়ে।

ধাৰা ৬এঃ গত অক্টোবৰ মাহত উচ্চতম ন্যায়ালয়ে অসম চুক্তিক স্বীকৃতি দিয়া এক গুৰুত্বপূৰ্ণ নাগৰিকত্ব নিয়মৰ বৈধতা বজাই ৰাখে। এই নাগৰিকত্ব নিয়মৰ দ্বাৰা ১৯৭১ চনৰ পূৰ্বে  অহা বাংলাদেশী শৰণাৰ্থীসকলক নাগৰিকত্ব প্ৰদান কৰা হৈছে। ১৯৬৬-১৯৭১ চনৰ ভিতৰত ভাৰতত প্ৰৱেশ কৰা বাংলাদেশৰ (তেতিয়াৰ পূব পাকিস্তান) পৰা অহা শৰণাৰ্থীসকলক ভাৰতীয় নাগৰিক হিচাপে পঞ্জীয়নৰ অনুমতি দিবলৈ ১৯৮৫ চনত নাগৰিকত্ব আইনৰ ধাৰা ৬এ প্ৰৱৰ্তন কৰা হৈছিল। ৪:১ সংখ্যাগৰিষ্ঠতাৰে মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে এই ৰায়দান কৰে।

Ayushman Vaya Vandana Cardৰ বাবে কেনেদৰে আবেদন কৰিব? সম্পূৰ্ণ প্ৰক্ৰিয়া জানক
গৰ্ভাৱস্থাত কলাখাৰৰ খোৱা উচিত নে?
Winter Skincare : শীতকালত এইদৰে লওক ছালৰ যতন
শৰীৰত প্ৰ'টিনৰ মাত্ৰা কমিলে কেনেকৈ গ'ম পাব?