নৃশংস, অমানৱীয়! ২০০ টকাৰ বাবে পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ…

পিতৃয়ে পুত্ৰৰ পকেটৰ পৰা দুশ টকা উলিয়াই লওঁতে পুত্ৰই প্ৰথমে পিতৃক তীব্ৰ প্ৰহাৰ কৰে। ইয়াৰ পিছত তেওঁক ঠেলি দিয়ে এটা দ নলাত। তাৰ পাছতে নলাত পৰি প্ৰাণ হেৰুৱালে পিতৃয়ে। এই নৃশংস কাণ্ডৰ পাছত পুত্ৰৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰি আইনী ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনাইছে মাতৃয়ে।

নৃশংস, অমানৱীয়! ২০০ টকাৰ বাবে পুত্ৰৰ হাতত প্ৰাণ গল পিতৃৰ...

২০০ টকাৰ বাবে পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ

Published: 

21 Mar 2025 17:04 PM

পিতা-পুত্ৰৰ সম্পৰ্কৰ কথা হয়তো বুজাই কোৱাৰ প্ৰয়োজন নাই। সন্তানৰ বাবে নিজৰ সকলো ইচ্ছা, সপোন ত্যাগ কৰে এগৰাকী পিতৃয়ে। কিন্তু সেইগৰাকী পিতৃৰ প্ৰতি থকা দায়িত্ব কিয় পাহৰি যায় সন্তানে। বহু সময়ত পিতৃৰ ওপৰত সন্তানে চলোৱা নিৰ্যাতনৰ খবৰ পোহৰলৈ আহে। পিছে কিমান নিষ্ঠুৰ হ’লে এজন পিতৃৰ জীৱন কাঢ়ি ল’ব পাৰে সন্তানে। শেহতীয়াকৈ পোহৰলৈ আহিছে এনে এক ভয়ংকৰ ঘটনা। দুশ টকাৰ বাবে সন্তানে হত্যা কৰিলে নিজ পিতৃক।

উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত সংঘটিত হৈছে এই ঘটনা। য’ত এজন পুত্ৰই মাত্ৰ দুশ টকাৰ বাবে পিতৃৰ প্ৰাণ কাঢ়ি লৈছিল। ঘটনা অনুসৰি মদ্যপান কৰা পিতৃয়ে পুত্ৰৰ পকেটৰ পৰা দুশ টকা উলিয়াই লওঁতে পুত্ৰই প্ৰথমে পিতৃক তীব্ৰ প্ৰহাৰ কৰে। ইয়াৰ পিছত তেওঁক ঠেলি দিয়ে এটা দ নলাত। তাৰ পাছতে নলাত পৰি প্ৰাণ হেৰুৱালে পিতৃয়ে। এই নৃশংস কাণ্ডৰ পাছত পুত্ৰৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰি আইনী ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনাইছে মাতৃয়ে।

জানিব পৰা মতে পুৱায়ান থানা এলেকাৰ মহল্লা আজাদ নগৰত সংঘটিত হৈছে এই ঘটনা। আজাদ নগৰত বাস কৰা ধৰ্মেন্দ্ৰ কুমাৰৰ পত্নী পুনমে আবেদনযোগে জনাইছে যে তেওঁৰ স্বামীয়ে আগতে শ্ৰমিকৰ কাম কৰিছিল আৰু সুৰাৰ প্ৰতি আসক্ত আছিল। এনে পৰিস্থিতিত হোলীৰ দিনা তেওঁ অযোধ্যাৰ পৰা কাম কৰি ঘৰলৈ উভতি আহিছিল। এদিন আগতে স্বামীয়ে পুত্ৰ আনন্দৰ পকেটৰ পৰা দুশ টকা উলিয়াই সেই পইচাৰে মদ খায়।

মহিলাগৰাকীয়ে জনোৱা মতে, যেতিয়া তেওঁৰ পুত্ৰই এই কথা জানিব পাৰিলে তেতিয়া দুয়োৰে মাজত তীব্ৰ বাদ- বিবাদ হয়। ইয়াৰ পিছত পুত্ৰ আনন্দই প্ৰথমে পিতৃ ধৰ্মেন্দ্ৰ কুমাৰক তীব্ৰ প্ৰহাৰ কৰে আৰু তাৰ পিছত পিতৃক ঠেলি দি এটা দ নলাত পেলায়। আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি ধৰ্মেন্দ্ৰক বাহিৰলৈ উলিয়াই অনাৰ সময়লৈকে হাওঁফাওঁৰ ভিতৰত পানী সোমোৱাৰ বাবে তেওঁৰ মৃত্যু হৈছিল। এই সন্দৰ্ভত মাতৃয়ে একমাত্ৰ পুত্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনাইছে। উপৰোক্ত ঘটনাৰ চিচিটিভি ফুটেজ ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে। য’ত পিতৃক পুত্ৰই প্ৰহাৰ কৰি তাৰ পিছত নলাত ঠেলি দিয়া দৃশ্য বন্দী হৈছে।

ইয়াৰ এদিন পূৰ্বে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজতো একেধৰণৰ আন এক ঘটনা পোহৰলৈ আহিছিল। প্ৰয়াগৰাজৰ যমুনানগৰ কৌন্ধীয়াৰা থানা এলেকাৰ ছেহৰা গাঁৱৰ নিবাসী ১৬ বছৰীয়া পুত্ৰই নিজৰ ৬০ বছৰীয়া পিতৃ ভাৰত লালক লোহাৰ ৰডেৰে আঘাত কৰি নৃশংসভাৱে হত্যা কৰে। গাঁওবাসীৰ মতে, অভিযুক্তৰ এগৰাকী ভগ্নীয়ে প্ৰেম বিবাহ কৰিছিল, যাৰ বিৰোধিতা কৰিছিল ভাতৃয়ে। এনে পৰিস্থিতিত পূৰ্বেও ইয়াকে লৈ প্ৰতিদিনে পিতৃৰ সৈতে বিবাদ হৈছিল পুত্ৰৰ।

শৰীৰৰ কোন ঠাইত তিল থকা শুভ? জানক ইয়াৰ প্ৰতিটো অৰ্থ...
Hanuman Chalisa: হনুমান চালিছা কেতিয়া আৰু কেনেকৈ পাঠ কৰিব লাগে?
Period Cramps: মাহেকীয়াত পেটৰ বিষৰ সমস্যা কিয় হয়?
Hanuman Janmotsav 2025: হনুমান জয়ন্তী কেতিয়া? জানক পূজাৰ শুভ সময়