দুৰ্ঘটনাত পতিত সৌৰভ গাংগুলী, তীব্ৰবেগী ট্ৰাকে খুন্দা মাৰে প্ৰাক্তন অধিনায়কগৰাকীৰ বাহনত
Sourav Ganguly: দুৰ্ঘটনাত পতিত প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলী। দুৰ্গাপুৰ এক্সপ্ৰেছৱেৰ দন্তনপুৰ অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনা। য’ত এখন ট্ৰাকে খুন্দা তেওঁৰ ৰেঞ্জ ৰভাৰ বাহনত খুন্দা মাৰে।

ভাৰতৰ অন্যতম শ্ৰেষ্ঠ ক্ৰিকেট অধিনায়ক সৌৰভ গাংগুলী। বৃহস্পতিবাৰে এক দুৰ্ঘটনাত পতিত হয় প্ৰাক্তন অধিনায়কগৰাকী। বৰ্ধমানত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অংশ ল’বলৈ গৈ আছিল তেওঁ। সেই সময়তে ৰাজপথতে ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হয় সৌৰভ গাংগুলী। তথ্য অনুসৰি দুৰ্গাপুৰ এক্সপ্ৰেছৱেৰ মাজেৰে সৌৰভ গাংগুলীৰ বাহনখন পাৰ হৈ যোৱাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। এই সময়তে চিংগুৰৰ সমীপত হঠাতে এখন তীব্ৰবেগী ট্ৰাকে সৌৰভৰ গাড়ীত খুন্দা মাৰে।
তাৰ পাছত সৌৰভ গাংগুলীৰ বাহনৰ চালকে বাহনৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰিবলৈ ব্ৰেক লগাই। এনেতে হঠাৎ পিছফালে থকা কনভয়ৰ বাহন ইখনৰ পিছত সিখনকৈ সৌৰভ গাংগুলীৰ বাহনত খুন্দা মাৰে। এই ভয়ংকৰ দুৰ্ঘটনাটোত কথমপি ৰক্ষা পৰে সৌৰভ গাংগুলীৰ প্ৰাণ। কিছু পৰিমাণে ক্ষতিসাধন হৈছে কনভয়ৰ বাহনসমূহৰ । কিছু সময় ৰাস্তাত ৰৈ বৰ্ধমান অনুষ্ঠানলৈ ৰাওনা হয় গাংগুলী।
প্ৰকৃততে বৃহস্পতিবাৰে বৰ্ধমানলৈ যাওঁতে প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলীৰ বাহনত দুৰ্ঘটনাত পৰিত হয়। দুৰ্গাপুৰ এক্সপ্ৰেছৱেৰ দন্তনপুৰ অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনা। য’ত এখন ট্ৰাকে খুন্দা তেওঁৰ ৰেঞ্জ ৰভাৰ বাহনত খুন্দা মাৰে।
জানিব পৰা মতে বৰষুণৰ মাজতে সৌৰভ গাংগুলীৰ কনভয় আগবাঢ়ি গৈ আছিল। তেনেতে হঠাৎ এখন ট্ৰাকে তেওঁৰ বাহনত খুন্দা মাৰিলে। পৰিস্থিতি চম্ভালিবলৈ সৌৰভ গাংগুলীৰ চালকে হঠাতে ব্ৰেক লগালে, যাৰ ফলত কনভয়ত পিছৰ বাহনবোৰে ইটোৱে সিটোৰ লগত সংঘৰ্ষত লিপ্ত হয়।
কিন্তু এই দুৰ্ঘটনাত সৌৰভ গাংগুলীৰ বাহনত পিছফালৰ পৰা খুন্দা মাৰে যদিও কোনো লোক আহত হোৱা নাই। অৱশ্যে কনভয়ত অন্তৰ্ভুক্ত দুখন বাহনৰ ক্ষতিসাধন হৈছে। দুৰ্ঘটনাটোৰ পিছত সৌৰভ গাংগুলী প্ৰায় ১০ মিনিট সময় পথতে ৰৈ থাকে। অৱশ্যে ইয়াৰ পিছত তেওঁ বৰ্ধমান বিশ্ববিদ্যালয়ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ৰাওনা হয়। এই ভয়ংকৰ দুৰ্ঘটনাটোত কথমপি ৰক্ষা পৰে সৌৰভ গাংগুলীৰ প্ৰাণ, যিয়ে এক অনাকাংশিত অঘটন সাক্ষী হোৱাৰ পৰা সকাহ প্ৰদান কৰিছে দেশবাসীক।