5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কেজৰিৱালৰ বিৰুদ্ধে পুনৰ তদন্ত চলাব ইডিয়ে ! অনুমোদন জনালে দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰে…

প্ৰকাশিত খবৰ অনুসৰি, দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাই দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপ নেতা অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে পুনৰ তদন্তত অনুমোদন জনাইছে। কিন্তু ইয়াৰ বিপৰীতে লেফটেনেণ্ট গৱৰ্ণৰ কোনো ধৰণৰ অনুমোদন জনোৱা নাই বুলি দাবী কৰিছে আপে ।

কেজৰিৱালৰ বিৰুদ্ধে পুনৰ তদন্ত চলাব ইডিয়ে ! অনুমোদন জনালে দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰে…
অৰবিন্দ কেজৰিৱালImage Credit source: PTI
manas-borah
Manas Borah | Published: 21 Dec 2024 15:55 PM

নতুন বছৰত পুনৰ জেল যাত্ৰা কৰিব লাগিব নেকি অৰবিন্দ কেজৰিৱালে ? প্ৰকাশিত খবৰ অনুসৰি, দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাই দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপ নেতা অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে পুনৰ তদন্তত অনুমোদন জনাইছে। কিন্তু ইয়াৰ বিপৰীতে লেফটেনেণ্ট গৱৰ্ণৰ কোনো ধৰণৰ অনুমোদন জনোৱা নাই বুলি দাবী কৰিছে আপে । উল্লেখ্য যে, ২০২৫ চনত অনুষ্ঠিত হ’ব দিল্লীৰ বিধানসভা নিৰ্বাচন । ইতিমধ্যে পুনৰ দিল্লীৰ মচনদ দখল কৰিবলৈ সকলো ফলাৰ পৰা প্ৰস্তুতি চলাইছে আম আদমী পাৰ্টিয়ে ।

এই নিৰ্বাচনৰ পূৰ্বে আপৰ মুৰব্বী কেজৰিৱালে ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে । সূত্ৰৰ খবৰ অনুসৰি, কেজৰিৱালৰ বিৰুদ্ধে পুনৰ ইডিৰ তদন্তত অনুমোদন জনাইছে দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰে। উচ্চতম ন্যায়ালয়ৰ ৬ নৱেম্বৰৰ ৰায়ৰ উদ্ধৃতি দি ইডিয়ে ২০০২ চনৰ বিত্তীয় জালিয়াতি প্ৰতিৰোধ আইনৰ অধীনত অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে তদন্তৰ বাবে অনুমোদন বিচাৰিছিল। উপ-ৰাজ্যপাললৈ লিখা এখন পত্ৰত ইডিয়ে কয় যে, দিল্লী আবকাৰী নীতিত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে।

উচ্চতম ন্যায়ালয়ে ৬ নৱেম্বৰৰ ৰায়দানত নিৰ্দেশ দিছিল যে, চৰকাৰৰ অনুমোদন অবিহনে কোনো জনপ্ৰতিনিধিৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব। চিবিআই আৰু ৰাজ্য আৰক্ষীৰ বাবে অনুমোদনৰ প্ৰয়োজন হ’লেও পূৰ্বে চৰকাৰী চাকৰিয়াল বা জনপ্ৰতিনিধিৰ বিৰুদ্ধে কোনো বিষয়ত তদন্তৰ বাবে ইডিক চৰকাৰী অনুমোদনৰ প্ৰয়োজন নাছিল।

কিন্তু যোৱা নৱেম্বৰ মাহত কেজৰিৱালে ইডিৰ পৰিপূৰক অভিযোগনামা বাতিল কৰিবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল। ইডিয়ে দুৰ্নীতি সংঘটিত হোৱা বুলি দাবী কৰা সময়ত তেওঁ এজন জনপ্ৰতিনিধি আছিল বুলি যুক্তি আগবঢ়ায়। তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ চৰকাৰৰ পৰা কোনো অনুমতি নিবিচৰা কথাও উল্লেখ কৰিছিল কেজৰিৱালে ।

উল্লেখ্য যে, দিল্লীৰ আবকাৰী নীতিৰ দুৰ্নীতিৰ গোচৰত ইডি আৰু চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল কেজৰিৱালক। প্ৰথমে ২১ মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল কেজৰিৱালক। পিছত ২৬ জুনত তেওঁক আকৌ চিবিআইয়ে গ্ৰেপ্তাৰ কৰে। অৱশ্যে দুয়োটা গোচৰতে কেজৰিৱালে উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰে।

ইফালে,দিল্লীৰ উপ ৰাজ্যপালে কেজৰিৱালৰ বিৰুদ্ধে তদন্ত চলাবলৈ কোনো ধৰণৰ অনুমতি দিয়া নাই বুলি দাবী কৰিছে আম আদমী পাৰ্টিয়ে । আবকাৰী গোচৰৰ সহ-অভিযুক্ত তথা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াই কয় যে, যদি এল জি বিনয় ছাক্সেনাই অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে গোচৰ চলাবলৈ অনুমোদন দিছে, তেন্তে ই ডিয়ে সেই অনুমোদনৰ প্ৰতিলিপি কিয় দেখুৱাব পৰা নাই? এইটো স্পষ্ট যে এই খবৰ মিছা আৰু বিভ্ৰান্তিকৰ।

Latest News