সন্ত্ৰাসবাদৰ সৈতে মোকাবিলাৰ বাবে জম্মু কাশ্মীৰত SPECIAL 19: ৮খন জিলাত মোতায়েন এই বাহিনীৰ

শেহতীয়াকৈ জম্মু-কাশ্মীৰত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ নিয়ন্ত্ৰণৰ বাবে নিৰাপত্তাৰক্ষী বাহিনীয়ে উপত্যকাটোত মোতায়েন কৰিছে ‘SPECIAL 19’ৰ এটা দল। জম্মু-কাশ্মীৰৰ মুঠ ৮খন সন্ত্ৰাসবাদ প্ৰভাৱিত জিলাত মোতায়েন কৰা হৈছে এই কাউণ্টাৰ টেৰ’ৰ ইউনিট।

সন্ত্ৰাসবাদৰ সৈতে মোকাবিলাৰ বাবে জম্মু কাশ্মীৰত SPECIAL 19: ৮খন জিলাত মোতায়েন এই বাহিনীৰ

জম্মু-কাশ্মীৰত SPECIAL 19ৰ দল মোতায়েন

Published: 

16 Aug 2024 14:25 PM

অনুচ্ছেদ ৩৭০ বাতিলৰ পিছত প্ৰথমটো বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে জম্মু-কাশ্মীৰ। কিন্তু নিৰ্বাচনলৈ মাজত আৰু মাত্ৰ কিছুদিন থকা অৱস্থাত উপত্যকাটোৰ পৰিস্থিতিয়ে উদ্বেগৰ সৃষ্টি কৰিছে। বিগত কিছুদিনৰ পৰা জম্মু-কাশ্মীৰত ভয়াৱহভাৱে বৃদ্ধি পাইছে সন্ত্ৰাসবাদী কাৰ্যকলাপ। উপত্যকাটোত সন্ত্ৰাসবাদী সদস্যৰ উপস্থিতিৰ বৃদ্ধিয়ে নিৰাপত্তাৰক্ষীৰ লগতে সাধাৰণ লোকৰ মাজলৈ ভাবুকি কঢ়িয়াই আনিছে। বিগত ৭৮ দিনত উপত্যকাটোত ১১টা সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে। সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে কেইবাগৰাকীও নিৰাপত্তাৰক্ষী জোৱানে। ক্ৰমবৰ্ধমান এনে ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি জম্মু-কাশ্মীৰৰ বিভিন্ন স্থানত বিপুল সংখ্যক নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে।

এনে পৰিস্থিতিত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ নিয়ন্ত্ৰণৰ বাবে নিৰাপত্তাৰক্ষী বাহিনীয়ে এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। সন্ত্ৰাসবাদ দমনৰ লক্ষ্যৰে উপত্যকাটোত মোতায়েন কৰা হৈছে ‘SPECIAL 19’ৰ এটা দল। জম্মু-কাশ্মীৰৰ মুঠ ৮খন সন্ত্ৰাসবাদ প্ৰভাৱিত জিলাত মোতায়েন কৰা হৈছে এই কাউণ্টাৰ টেৰ’ৰ ইউনিট।

এগৰাকী উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত গঠিত এই বিশেষ দলসমূহক কৌশলগতভাৱে আঠখন জিলাত নিয়োগ কৰা হৈছে। বিগত সময়ছোৱাত সন্ত্ৰাসবাদী সংগঠনৰ কূটাঘাতমূলক কাৰ্যকলাপ অধিক বৃদ্ধি পোৱা উধমপুৰ, কথুৱা, ৰিয়াছি, ডোডা, কিষ্টৱাৰ, ৰামবন, ৰাজৌৰী আৰু টেইলছ জিলাত এই ‘SPECIAL 19’ৰ দল মোতায়েন কৰা হৈছে।

এই নতুন ইউনিটসমূহে সামৰি লোৱা নিৰ্দিষ্ট অঞ্চলসমূহ হৈছে ক্ৰমে উধমপুৰ জিলাৰ লতি, পঞ্চাৰী অঞ্চল, কথুৱা জিলাৰ মালহাৰ, বানি অঞ্চল, ৰিয়াছি জিলাৰ পৌনি/ৰনছু, মাহৰ/চাছানা, গুলাবগড়, পাছানা অঞ্চল, ডোডা জিলাৰ দেশা/কাস্তীগড়, অচ্ছৰ অঞ্চল, কিষ্টৱাৰ জিলাৰ ডাচন, দ্ৰাবশাল্লা, ৰামবন জিলাৰ ৰামছু, চন্দ্ৰকোট/বাতোটে, সংগলদন/ধৰমকুণ্ড, ৰাজৌৰী জিলাৰ কলাকোট, পুঞ্চ জিলাৰ বাফ্লিয়াজ/বেহৰামগল্লা, মাণ্ডি/লোৰাণ আৰু গুৰচাই অঞ্চল।

এই দলসমূহে উপত্যকাটোত নিয়োজিত অন্যান্য নিৰাপত্তা বাহিনী দলসমূহৰ সৈতে সহযোগিতামূলকভাৱে কাম কৰিব। এই ‘SPECIAL 19’ দলে মূলতঃ সন্ত্ৰাসবাদ প্ৰতিৰোধৰ বাবে কাম কৰিব। লগতে নিয়োজিত অঞ্চলসমূহৰ আন নিয়মীয়া অপৰাধ নিৰ্মূলৰ ক্ষেত্ৰতো ভূমিকা ল’ব। প্ৰধানতঃ সন্ত্ৰাসবাদৰ শেহতীয়া গতিবিধিৰ  মোকাবিলাৰ লগতে অঞ্চলটোৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ এই দলসমূহ গঠন কৰা হৈছে।

লক্ষণীয়ভাৱে জম্মু-কাশ্মীৰত ক্ৰমাৎ বৃদ্ধি পোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণ সন্দৰ্ভত যোৱা ১৪ আগষ্টত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দিল্লীত এখন বৈঠক আহ্বান কৰিছিল। এই বৈঠকত জ্ম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ বন্ধ কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰা হৈছিল। উল্লেখ্য যে আজি বিয়লি ৩ বজাত নিৰ্বাচন আয়োগে জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিব।

বিধানসভা নৈৰ্বাচনৰ পৰিপ্ৰেক্ষিতত উপত্যকাটোত নিৰাপত্তা সুনিশ্চিত কৰি তুলিবলৈ যেন বদ্ধপৰিকৰ হৈছে কেন্দ্ৰীয় চৰকাৰ। এই লক্ষ্যৰেই জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ ভাবুকি হ্ৰাস কৰাৰ উদ্দেশ্যে এইদৰে ৮ খনকৈ জিলাত ‘SPECIAL 19’ৰ দল নিয়োগৰ সিদ্ধান্ত লৈছে কেন্দ্ৰই।

আচাৰ্য চাণক্যৰ মতে এই ৫ টা স্থানত থকা লোকসকল সদায় হৈ থাকে দুখীয়া!
১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!
দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...