২৫ বছৰৰ পাছত ৩৫.৭ ডিগ্ৰী অতিক্ৰম কৰিলে কাশ্মীৰৰ তাপমাত্ৰাই…
২৭ জুলাইত শ্ৰীনগৰত সৰ্বোচ্চ তাপমাত্ৰাই ৩৫.৭ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰে । এই তাপমাত্ৰ অঞ্চলটোৰ স্বাভাৱিক তাপমাত্ৰাতকৈ ৬ ডিগ্ৰী চেলছিয়াছ বেছি বুলি কোৱা হৈছে । ইয়াৰ পূৰ্বে চলিত মাহৰ ৪ তাৰিখে অঞ্চলটোত সৰ্বাধিক গৰম অনুভৱ কৰা গৈছিল ।
২৫ বছৰৰ পাছত সৰ্বাধিক তাপমাত্ৰা ৰেৰ্কড কৰা হ’ল কাশ্মীৰত । আজি অৰ্থাৎ ২৭ জুলাইত শ্ৰীনগৰত সৰ্বোচ্চ তাপমাত্ৰাই ৩৫.৭ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰে । এই তাপমাত্ৰ অঞ্চলটোৰ স্বাভাৱিক তাপমাত্ৰাতকৈ ৬ ডিগ্ৰী চেলছিয়াছ বেছি বুলি কোৱা হৈছে । ইয়াৰ পূৰ্বে চলিত মাহৰ ৪ তাৰিখে অঞ্চলটোত সৰ্বাধিক গৰম অনুভৱ কৰা গৈছিল । বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, ১৯৯৯ চনৰ পিছত জুলাই মাহত ৰেকৰ্ড কৰা উষ্ণতাতকৈ এই উষ্ণতা সৰ্বাধিক বুলি কোৱা হৈছে ।
প্ৰকাশিত খবৰ অনুসৰি, বৰ্ধিত গৰমৰ বাবে অঞ্চলটোৰ লোক সকলে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে । এই উষ্ণতা স্থানীয় বাসিন্দাৰ বাবে বহুত বেছি । ইয়াৰ কাৰণ অঞ্চলটোৰ লোকসকল প্ৰায়ে কম উষ্ণতাত বসবাস কৰাৰ অভ্যাস আছে । ইতিমধ্যে গৰমৰ বাবে অঞ্চলটোৰ বিদ্যালয় সমূহৰ পাঠদানৰ সময়সূচীও সলনি কৰা হৈছে বুলি জানিব পৰা গৈছে ।
ইফালে, বতৰৰ আপডেট অনুসৰি, গৰমৰ মাজতে অঞ্চলটোত ২৮ জুলাইৰ পৰা ৩১ জুলাইলৈ মাজে মাজে বৰষুণ হ’ব পাৰে। ইয়াৰ বাবেই জম্মু অঞ্চলত ভূমিস্খলন আৰু শিল বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
যোৱা কেইসপ্তাহমানৰ পৰা উপত্যকাটোৰ উষ্ণতা বৃদ্ধি হোৱা দেখা গৈছে। ইয়াৰ বাবে উপত্যকাৰ সকলো নদী, নলা, বিলৰ জলপৃষ্ঠ প্ৰায় ৫০ শতাংশ হ্ৰাস পাইছে। উপত্যকাৰ প্ৰায় প্ৰতিটো অঞ্চলতে পানীৰ নাটনি হোৱাৰ লগতে প্ৰায়বোৰ চহৰ-নগৰতে খোৱাপানীৰ নাটনি হোৱাৰ খবৰো প্ৰকাশ পাইছে ।
উল্লেখ্য যে, প্ৰকাশিত খবৰ অনুসৰি, ৪ জুলাইত প্ৰচণ্ড গৰমৰ বাবে বিদ্যালয় শিক্ষা বিভাগে উপত্যকাৰ সকলো বিদ্যালয় ৮ জুলাইৰ পৰা ১০ দিনৰ গ্ৰীষ্মকালীন ছুটীৰ কথা ঘোষণা কৰিছিল। মনকৰিবলগীয়া যে, বতৰ বিজ্ঞান বিভাগে অঞ্চলটোত লঘুৰ পৰা মধ্যমীয়া বৰষুণৰ ভৱিষ্যতবাণী কৰিছে। ইয়াৰ পৰা অঞ্চলটোৰ লোক সকলে গৰমৰ পৰা কিছু সকাহ পোৱাৰ সম্ভাৱনা আছে।
লগতে পঢ়কঃ Heatwave : ৰঙিয়াত প্ৰচণ্ড গৰমে প্ৰাণ কাঢ়িলে দৈনিক হাজিৰা কৰা এজন শ্ৰমিকৰ