শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মহাকুম্ভত অঘটন ! মৌনি আমাৱস্যা উপলক্ষে পবিত্ৰ স্নানৰ সময়তে পদপিষ্ট বহু লোক…

বুধবাৰে পুৱা মৌনি আমাৱস্যা উপলক্ষে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত স্নানৰ সময়ত উপস্থিত বহু লোক পদপিষ্ট হোৱাৰ খবৰ লাভ কৰা গৈছে । প্ৰকাশিত খবৰ অনুসৰি, এতিয়ালৈকে প্ৰায় পদপিষ্ট হৈ প্ৰায় ১০ জন লোকৰ মৃত্যু হৈছে ।

মহাকুম্ভত অঘটন ! মৌনি আমাৱস্যা উপলক্ষে পবিত্ৰ স্নানৰ সময়তে পদপিষ্ট বহু লোক…
মহাকুম্ভ ২০২৫Image Credit source: PTI
manas-borah
Manas Borah | Updated On: 29 Jan 2025 09:08 AM

মহাকুম্ভ মেলাত ডাঙৰ অঘটনৰ খবৰ লাভ কৰা গৈছে । ত্ৰিবেণী সংগমত আজি পুৱা স্নানৰ সময়তে বহু লোক পদপিষ্ট হোৱাৰ দৰে ঘটনা সংঘটিত হোৱা বুলি খবৰ লাভ কৰা গৈছে । বুধবাৰে পুৱা মৌনি আমাৱস্যা উপলক্ষে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত স্নানৰ সময়ত উপস্থিত বহু লোক পদপিষ্ট হোৱাৰ খবৰ লাভ কৰা গৈছে । প্ৰকাশিত খবৰ অনুসৰি, এতিয়ালৈকে প্ৰায় পদপিষ্ট হৈ প্ৰায় ১০ জন লোকৰ মৃত্যু হৈছে । কিন্তু এই তথ্য এতিয়াও নিশ্চিত কৰা নাই ।

মৌনি আমাৱস্যা ‘অমৃত স্নান’ৰ বাবে জনসমাগম বৃদ্ধি পোৱাৰ ফলত বহুলোক পদপিষ্ট হোৱা বুলি জানিব পৰা গৈছে । সূত্ৰই সদৰী কৰা মতে, ত্ৰিবেণী সংগমত ভিৰ কৰা ব্যাপক জনসমাগমৰ বাবে প্ৰশাসনে পৰিচালনা আৰু নিয়ন্ত্ৰণত অসুবিধাৰ সৃষ্টি হৈছিল । ইফালে ভক্তসকলক পবিত্ৰ স্নান কৰাৰ পাছত আনৰ বাবে ঘাট খালী কৰিবলৈও কোৱা হৈছিল। এই ঘটনাৰ সংঘটিত হোৱাৰ ফলস্বাৰূপে এতিয়া বহুলোক স্নান নকৰাকৈয়ে উভতি আহিছে বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, পদপিষ্ট হৈ বহু লোক আহত হোৱাৰ লগতে ১০ জনতকৈ অধিক নিহত হোৱা বুলি আশংকা কৰা হৈছে । একেদৰে আহত সকলক ততাতৈয়াকৈ মহাকুম্ভ মেলাৰ বাবে ব্যৱস্থা কৰা হাস্পতালত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে । অৱশ্যে কিমানজন লোকে নিহত আৰু আহত হৈছে সেই তথ্য এতিয়া নিশ্চিত কৰিব পৰা নাই ।

ঘটনাৰ পিছতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে ফোনযোগে যোগাযোগ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে মহাকুম্ভৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰি তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। চৰকাৰী সূত্ৰই জনোৱা মতে, প্ৰধানমন্ত্ৰী মোদীয়ে নিৰন্তৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু এই পৰ্যন্ত দুবাৰকৈ আদিত্যনাথৰ সৈতে কথা পাতিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, মৌনি আমাৱস্যা উপলক্ষে পবিত্ৰ স্নান কৰিবলৈ মহাকুম্ভত বিপুল জনসমাগম হয়। ত্ৰিবেণী সংগমত ভিৰৰ হেঁচাত পদপিষ্ট হোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয় । বহু তীৰ্থযাত্ৰী আহত হয়, বহু লোকৰ ভিৰৰ হেঁচাত অসুস্থ হৈ পৰে। কমেও ৩০ জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে।

কুম্ভৰ আয়োজক কৰ্তৃপক্ষৰ মতে, কুম্ভমেলাৰ চৌহদত নিৰ্মাণ কৰা কেন্দ্ৰীয় চিকিৎসালয়ত ২৫-৩০ গৰাকী মহিলাক ভৰ্তি কৰা হৈছে, তেওঁলোকৰ চিকিৎসা চলি আছে। কোনো লোক গুৰুতৰভাৱে আহত হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।