মই ৰাধা, তুমি কৃষ্ণ! ছাত্ৰীয়ে শিক্ষকক আগবঢ়ালে প্ৰেমৰ প্ৰস্তাৱ, পাছত… – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

মই ৰাধা, তুমি কৃষ্ণ! ছাত্ৰীয়ে শিক্ষকক আগবঢ়ালে প্ৰেমৰ প্ৰস্তাৱ, পাছত…

কোচিং কৰাৰ সময়ত এগৰাকী ছাত্ৰীৰ শিক্ষকৰ লগত প্ৰেম হয়। ছাত্ৰীগৰাকীয়ে শিক্ষকক কয় যে, 'মই তোমাৰ ৰাধা আৰু তুমি মোৰ কৃষ্ণ।' মোৰ কৃষ্ণ আমাৰ পুৰণি প্ৰেম।'

মই ৰাধা, তুমি কৃষ্ণ! ছাত্ৰীয়ে শিক্ষকক আগবঢ়ালে প্ৰেমৰ প্ৰস্তাৱ, পাছত...

প্ৰতীকি ফটো

Published: 

21 Jul 2024 21:25 PM

প্ৰেমৰ লগত জড়িত বহু ঘটনা বিভিন্ন সময়ত পোহৰলৈ আহে। কিন্তু এইবাৰ শিক্ষকৰ লগত হোৱা এক প্ৰেমৰ ঘটনা সংঘটিত হৈছে। শিক্ষকৰ লগত প্ৰেম অনুভৱ কৰাৰ পাছতে ছাত্ৰীগৰাকীয়ে কোচিং চেন্টাৰলৈ গৈ সকলোৰে সন্মুখত অনুভৱ ব্যক্ত কৰে। ছাত্ৰীগৰাকীয়ে কয় যে, ”মই ৰাধা, তুমি কৃষ্ণ”। এই কথা শুনিয়ে আচৰিত হৈ পৰে শিক্ষকজন। অতি সংবেদনশীল আৰু সুস্থিৰভাৱে শিক্ষকগৰাকীয়ে ছাত্ৰীগৰাকীয়ে বুজাই প্ৰেম প্ৰত্যাখ্যান কৰে।

এই কথাক লৈ ক্ষোভিত হৈ পৰে ছাত্ৰীগৰাকী আৰু ঘৰলৈ গৈ বিহ পান কৰে। যেতিয়া ছাত্ৰীগৰাকীৰ অৱস্থাৰ অধিক অৱনতি ঘটে লগে লগে পৰিয়ালৰলোকে হাস্পাতালত ভৰ্তি কৰায়। বৰ্তমান ছাত্ৰীগৰাকীৰ অৱস্থা সংকটজনক। এই  এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বৰেলীৰ নবাবগঞ্জত।  ২০ জুলাইত সংঘটিত হয় এই ঘটনা।

জানিব পৰা মতে কোচিং কৰাৰ সময়ত এগৰাকী ছাত্ৰীৰ শিক্ষকৰ লগত প্ৰেম হয়। ছাত্ৰীগৰাকীয়ে শিক্ষকক কয় যে, ‘মই তোমাৰ ৰাধা আৰু তুমি মোৰ কৃষ্ণ।’ মোৰ কৃষ্ণ, আমাৰ পুৰণি প্ৰেম।’ এই কথা শুনি শিক্ষকজনে একো বুজি নাপালে কি কৰিব। তেওঁ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি ছাত্ৰীগৰাকীক কোচিং ক্লাছৰ পৰা বাহিৰ কৰি দিয়ে। এই কথা সহ্য কৰিব নোৱাৰি ছাত্ৰীগৰাকী ঘৰলৈ গৈ বিহ পান কৰে। স্বাস্থ্যৰ অধিক অৱনতি ঘটনাত ছাত্ৰীগৰাকীক তেওঁৰ পৰিয়ালৰ লোকে তেওঁক ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে।

যেতিয়া শিক্ষকগৰাকীয়ে ছাত্ৰীগৰাকীৰ বিহ পান কৰাৰ কথা গ’ম পাই, লগে লগে কোচিঙৰ অন্য শিক্ষাৰ্থীৰ সৈতে আৰক্ষী থানালৈ গৈ নিজৰ পক্ষ দাখিল কৰে। আৰক্ষীৰ আগত শিক্ষকজনে কয় যে, শনিবাৰে ছাত্ৰীগৰাকী কোচিঙলৈ আহি হুলুস্থুল কৰিছিল। সকলো ছাত্ৰ- ছাত্ৰীৰ আগত কৈছিল যে ”মই ৰাধা, তুমি কৃষ্ণ। আমাৰ প্ৰেম অতি পুৰণি। তুমি মোক গ্ৰহণ কৰিব লাগিবই। নহ’লে বিহ পান কৰিম”। আৰক্ষীয়ে জনোৱা অনুসৰি ঘটনা সন্দৰ্ভত এতিয়ালৈকে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে কোনো ধৰণৰ এজাহাৰ দাখিল কৰা নাই। শিক্ষকগৰাকীৰ ভাষ্য লোৱা হৈছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

দীপাৱলীৰ দিনটোত নকৰিব এই ভুল!
নছৰল্লাহৰ মৃত্যুৰ এমাহৰ পাছত নতুন নেতা নিৰ্বাচিত কৰিলে হিজবুল্লাহে...
পৰম্পৰা ৰক্ষা কৰি প্ৰদূষণমুক্ত দীপাৱলী কেনেকৈ উদযাপন কৰিব ? জানক
দেৱালীৰ সময়ত ভাগ্য ফুলিব এই ৫ ৰাশিৰ! লাভ কৰিব চাকৰি, ধন-সম্পত্তি...