5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

হাঁহিমুখীয়া ছাত্ৰীগৰাকীয়ে অতি উৎসাহেৰে পালন কৰিছিল জন্মদিন, পাছদিনাই সংঘটিত মৰ্মান্তিক ঘটনা

আজি- কালি প্ৰায় ভাগলোক ডিপ্ৰেছনৰ কবলত পৰা দেখা যায়। নতুন প্ৰজন্মৰ মাজত ডিপ্ৰেছনৰ প্ৰভাৱ বেছি। যিমানেই সমাজ আধুনিক হৈ গৈ আছে, টেকনলজীয়ে স্থান লৈছে সিমানেই মানুহ অকলশৰীয়া হৈ পৰিছে।

হাঁহিমুখীয়া ছাত্ৰীগৰাকীয়ে অতি উৎসাহেৰে পালন কৰিছিল জন্মদিন, পাছদিনাই সংঘটিত মৰ্মান্তিক ঘটনা
যুৱতী
barasha-sarma
Barasha Sarma | Updated On: 28 Jul 2024 21:49 PM

আজিৰ যুগৰ এক ভয়ংকৰ সত্য। কেতিয়াবা ডিপ্ৰেছনত পৰা লোকসকলে এয়াও নাজানে যে তেওঁলোকে কি পৰিস্থিতিৰ মাজেৰে গতি কৰি আছে। এনে লোকসকলে সাধাৰণে হাঁহি- ধেমালি কৰি থাকে  গতিকে তেওঁলোকৰ অৱস্থা বুজা আনৰ বাবেও ইমান সহজ নহয়।  আজি- কালি প্ৰায় ভাগলোক ডিপ্ৰেছনৰ কবলত পৰা দেখা যায়। নতুন প্ৰজন্মৰ মাজত ডিপ্ৰেছনৰ প্ৰভাৱ বেছি। যিমানেই সমাজ আধুনিক হৈ গৈ আছে, টেকনলজীয়ে স্থান লৈছে সিমানেই মানুহ অকলশৰীয়া হৈ পৰিছে। ডিপ্ৰেছনৰ লগত জড়িত এক ঘটনাই ৰাজস্থানৰ পৰা পোহৰলৈ আহিছে।

জানিব পৰা মতে নীট পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ১৮ বছৰীয়া এগৰাকী যুৱতীয়ে আত্মহত্যা কৰে। পঞ্চম মহলাৰ পৰা জপিয়াই মৃত্যুক সাৱতি লয় তেওঁ। ছাত্ৰীগৰাকীয়ে জয়পুৰৰ বিদ্যাধৰ নগৰ অঞ্চলত বাস কৰিছিল। ইয়াৰে অট্টালিকাৰ পঞ্চম মহলাৰ পৰা জপিয়াই আত্মহত্যা কৰে যুৱতীগৰাকীয়ে।

মৃত্যুৰ পূৰ্বে যুৱতীগৰাকীয়ে মাক-দেউতাক আৰু বন্ধু-বান্ধৱীলৈ চুইচাইড নোট লিখি থৈ যায়। জানিব পৰা মতে যুৱতীগৰাকী হতাশাত ভুগি আছিল। NEET পৰীক্ষাত কম নম্বৰ পোৱাৰ বাবে  ডিপ্ৰেছনত আছিল। ছুইচাইড নোটত যুৱতীগৰাকীয়ে মাক-দেউতাকলৈ লিখিছিল যে তেওঁ মাক- বাপেকৰ সপোন পূৰণ কৰিব নোৱাৰিলে। সেইবাবে এই পদক্ষেপ লৈছে।  ছাত্ৰীগৰাকীয়ে পৰিয়ালৰলোকক ক্ষমাও খোজে।

আশ্চৰ্যজনক কথাটো হ’ল এই ঘটনাৰ এদিন আগতে অৰ্থাত বৃহস্পতিবাৰে ছাত্ৰীগৰাকীয়ে পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে অতি উৎসাহেৰে জন্মদিন পালন কৰিছিল। জন্মদিনৰ এটা দিন পাছত যুৱতীগৰাকীয়ে এনে কাম কৰিব বুলি কোনেও বিশ্বাস কৰিব পৰা নাই। আনকি জন্মদিনৰ ফটোখনতো যুৱতীগৰাকীয়ে হাঁহি থকা দেখা যায়। এই ঘটনাৰ পাছতেই সমগ্ৰ অঞ্চলটোত শোকৰ ছা পৰিছে। পিতৃ- মাতৃ কান্দি কান্দি ভাগৰি গৈছে। বন্ধু- বৰ্গইও যেন বিশ্বাস কৰিব পৰা নাই এদিন পূৰ্বে জন্মদিন পালন কৰা যুৱতীগৰাকীৰ মৃত্যু হৈছে বুলি।

জানিব পৰা মতে ঘটনাৰ সময়ত ছাত্ৰীগৰাকীৰ পৰিয়ালৰলোক শুই আছিল। যেতিয়া এই আত্মহত্যা কৰাৰ কথা পৰিয়াললোকে জানিব পাৰে  লগে লগে ঘটনাস্থলীত উপস্থিত হয়। কিন্তু তেতিয়ালৈকে মৃত্যু হৈছিল যুৱতীগৰাকীৰ। পৰি ৰৈছিল ৰক্তাক্ত শৰীৰ। এই ঘটনা বিশ্বাস কৰিব পৰা নাছিল পৰিয়ালৰলোকে।  লগে লগে পৰিয়ালৰলোকে আৰক্ষীক খবৰ দিয়ে। আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে।

Latest News