দেশত কৃষকতকৈ বেছি চৰমপন্থা লৈছে শিক্ষাৰ্থীয়ে, উচ্চতম ন্যায়ালয়ত ভয়ংকৰ তথ্যৰ উন্মোচন
উচ্চতম ন্যায়ালয়ৰ এটা গোচৰৰ শুনানিৰ সময়ত ২০২১ চনত সমগ্ৰ দেশতে ১৩ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে চৰমপন্থা লোৱা কথা পোহৰলৈ আহে। এই সংখ্যা এটা দশকত দুগুণ বৃদ্ধি পাইছে। ২০২১ চনত ১০ হাজাৰ ২৮১ জন কৃষকে আত্মহত্যা কৰিছিল। অৰ্থাৎ আত্মহত্যাৰ পৰিসংখ্যাত কৃষকৰ তুলনাত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বেছি আছিল।

উচ্চতম ন্যায়ালয়ে গঠন কৰিছে দহজনীয়া ৰাষ্ট্ৰীয় টাস্ক ফ’ৰ্চ। উচ্চ শিক্ষানুষ্ঠানত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য বা অন্যান্য চিন্তাৰ ওপৰত কাম কৰিব এই অধ্যয়নে। যাতে তাত আত্মহত্যাৰ হাৰ বৃদ্ধি পোৱা ঘটনা বন্ধ কৰিব পৰা যায়। উচ্চতম ন্যায়ালয়ৰ এটা গোচৰৰ শুনানিৰ সময়ত ২০২১ চনত সমগ্ৰ দেশতে ১৩ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে চৰমপন্থা লোৱা কথা পোহৰলৈ আহে। এই সংখ্যা এটা দশকত দুগুণ বৃদ্ধি পাইছে। ২০২১ চনত ১০ হাজাৰ ২৮১ জন কৃষকে আত্মহত্যা কৰিছিল। অৰ্থাৎ আত্মহত্যাৰ পৰিসংখ্যাত কৃষকৰ তুলনাত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বেছি আছিল। আইআইটি দিল্লীৰ দুগৰাকী পিছপৰা শ্ৰেণীৰ ছাত্ৰৰ মৃত্যুৰ সৈতে জড়িত গোচৰৰ শুনানি গ্ৰহণ কৰিছিল আদালতে। প্ৰাৰম্ভিক তদন্তত আৰক্ষীয়ে এই মৃত্যুক আত্মহত্যা বুলি গণ্য কৰা হৈছিল যদিও পৰিয়ালৰ লোকে ইয়াক জাতি বৈষম্যৰ বাবে হত্যা বুলি অভিহিত কৰে।
এই গোচৰৰ শুনানি উচ্চতম ন্যায়ালয়ত “অমিত কুমাৰ বনাম ভাৰত চৰকাৰ” নামেৰে চলি আছে। জ্যেষ্ঠ ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ আৰ মহাদেৱানৰ বিচাৰপীঠে গ্ৰহণ কৰিছে এই গোচৰৰ শুনানি। ২০২৩ চনৰ জুলাই মাহৰ এই গোচৰৰ সন্দৰ্ভত আদালতৰ শুনানি এতিয়া টাস্ক ফ’ৰ্চ গঠনৰ পৰ্যায়ত উপনীত হৈছে। বি টেকৰ ছাত্ৰ আয়ুষ আশ্ৰাক তেওঁৰ হোষ্টেলৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল। তাৰ কিছুদিন পিছত ১ ছেপ্টেম্বৰত আইআইটি দিল্লীৰ বি টেকৰ ছাত্ৰ ২১ বছৰীয়া অনিল কুমাৰক নিজৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ হয়। ২০১৯ চনত আইআইটি দিল্লীত নামভৰ্তি কৰা অনিল উত্তৰ প্ৰদেশৰ বাণ্ডা জিলাৰ বাসিন্দা আছিল। এই দুই ছাত্ৰৰ পৰিয়ালে তেওঁলোকৰ সন্তানক হত্যা কৰা বুলি দাবী কৰাৰ পিছত প্ৰতিষ্ঠানটোৱে এই বিষয়টোক ঢাকি ৰাখিবলৈ চেষ্টা কৰে।
ইয়াৰ উপৰিও আইআইটি দিল্লীৰ অধ্যাপক আৰু কৰ্মচাৰীয়ে এই দুগৰাকী ছাত্ৰ-ছাত্ৰীক জাতিৰ ভিত্তিত বৈষম্য কৰা বুলি অভিযোগ উত্থাপন হৈছিল। কিন্তু যোৱা বছৰ আৰক্ষীয়ে দিল্লী উচ্চ ন্যায়ালয়ত উত্তৰ দাখিল কৰি কয় যে, তেওঁলোকৰ তদন্তত ছাত্ৰ দুজন বিৰুদ্ধে কোনো ধৰণৰ জাতিগত বৈষম্যৰ কোনো সুনিৰ্দিষ্ট প্ৰমাণ পোৱা নগ’ল। উল্লেখ কৰা অনুসৰি পঢ়া-শুনাৰ হেঁচাত দুয়োজন ছাত্ৰই আত্মহত্যা কৰে। আৰক্ষী প্ৰতিবেদনৰ এই পিছত দিল্লী উচ্চ ন্যায়ালয়ে এই গোচৰত কোনো ধৰণৰ অপৰাধমূলক গোচৰ ৰুজু কৰিবলৈ অস্বীকাৰ কৰে। ইয়াৰ পিছতে উচ্চতম ন্যায়ালয়ৰ কাষ চাপি সকাহ বিচাৰি কাতৰ অনুৰোধ জনায় দুয়োগৰাকী ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে । সোমবাৰে শুনানিৰ অন্তত উচ্চতম ন্যায়ালয়ে এই বিষয়ত এফআইআৰ ৰুজু কৰি বিতং তদন্তৰ নিৰ্দেশ দিয়ে।
শুনানিৰ সময়ত আদালতে লক্ষ্য কৰে যে ছাত্ৰ আত্মহত্যাৰ বিষয়টো কেৱল এটা বা দুটা প্ৰতিষ্ঠানতে সীমাবদ্ধ নহয়। ২০২৪ চনৰ ১৮ ফেব্ৰুৱাৰীত কেৰেলাৰ ৱায়ানাদৰ এখন কলেজৰ এজন ছাত্ৰক তেওঁৰ হোষ্টেলৰ বাথৰুমত মৃত অৱস্থাত উদ্ধাৰ হয়। একেদৰে ২০২৫ চনৰ ১৯ মাৰ্চত গুজৰাট ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ এগৰাকী কলেজীয়া ছাত্ৰক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। ২০২৫ চনৰ ২৫ ফেব্ৰুৱাৰীত আই আই টি পাটনাৰ এগৰাকী ছাত্ৰই হোষ্টেলৰ সপ্তম মহলাৰ পৰা জপিয়াই আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। ২০২৫ চনৰ ১৫ ফেব্ৰুৱাৰীত ওড়িশাৰ ভুৱনেশ্বৰ কলিংগা ইনষ্টিটিউট অৱ টেকন’লজিৰ পৰা বি.টেক কৰি থকা এজন ছাত্ৰক মৃত অৱস্থাত উদ্ধাৰ হয়। এনে অগণন গোচৰৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ে এই বিষয়টো ভালদৰে বুজিবলৈ ৰাষ্ট্ৰীয় টাস্ক ফ’ৰ্চ গঠন কৰিছে। য’ত মুঠ দহজন সদস্য থাকিব।