5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ছত্তীশগড়ত নিৰাপত্তাৰক্ষী-নক্সালবাদীৰ মাজত সংঘৰ্ষ, ১০ নক্সালবাদী নিহত, বহু অস্ত্ৰ-শস্ত্ৰ জব্দ

চুকমাৰ ভেজ্জি অঞ্চলত নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ মাজত সংঘটিত হৈছে সংঘৰ্ষ। নিৰাপত্তাৰক্ষী বিষয়াই জনোৱা তথ্য অনুসৰি এই সংঘৰ্ষত ১০জন মাওবাদী নিহত হৈছে। তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ঘটনাস্থলীৰ পৰা AK-47, SLRকে ধৰি বহুটো অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছে। এতিয়াও অব্যাহত আছে নক্সালবাদীৰ গুলীবৰ্ষণ।

ছত্তীশগড়ত নিৰাপত্তাৰক্ষী-নক্সালবাদীৰ মাজত সংঘৰ্ষ,  ১০ নক্সালবাদী নিহত, বহু অস্ত্ৰ-শস্ত্ৰ জব্দ
ছত্তীশগড়ত নিৰাপত্তাৰক্ষী-নক্সালবাদীৰ মাজত সংঘৰ্ষ
trishna-kalita
Trishna Kalita | Updated On: 22 Nov 2024 15:05 PM

শুকুৰবাৰে ছত্তীশগড়ৰ চুকমা জিলাত নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ মাজত সংঘৰ্ষ। এই সংঘৰ্ষত ১০জন মাওবাদী নিহত হৈছে। নিৰাপত্তাৰক্ষী-নক্সালবাদীৰ মাজত মাজত এতিয়াও ভেজ্জি অঞ্চলত অব্যহত আছে সংঘৰ্ষ। এই সন্দৰ্ভত চুকমাৰ এছ পি কিৰণ চৱনে কয় যে এতিয়ালৈকে ১০জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ঘটনাস্থলীৰ পৰা AK-47, SLRকে ধৰি আন আন বহু অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছে। ।

বস্তাৰৰ আইজি পি সুন্দৰৰাজে জনোৱা তথ্য অনুসৰি এদিন আগতে নক্সালবাদীসকলে ওড়িশা হৈ ছত্তীশগড়ত প্ৰৱেশ কৰাৰ তথ্য পোৱা গৈছিল। ইয়াৰ পিছতে নক্সালবাদীৰ সন্ধানত নিয়োজিত হৈ পৰিছিল নিৰাপত্তাৰক্ষীসকল। ইয়াৰ মাজতে ভেজ্জিত গুলীবৰ্ষণ আৰম্ভ কৰে নক্সালবাদীয়ে। এই সংঘৰ্ষত ১০জন নক্সালবাদী নিহত হোৱাৰ খবৰ পোৱা গৈছে। ঘটনাস্থলীৰ পৰা তিনিটা স্বয়ংক্ৰিয় বন্দুককে ধৰি আন কেইবাটাও অস্ত্ৰ উদ্ধাৰ কৰা হৈছে।

বিষয়াজনৰ মতে, অঞ্চলটোত DRG & CRPF দলৰ সৈতে নক্সালবাদীৰ সংঘৰ্ষ অব্যাহত আছে। জংঘলেৰে আগুৰি আছে নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ মাজত সংঘৰ্ষ সংঘটিত হোৱা অঞ্চলটো। চাৰিওফালে পাহাৰেৰে আৱৰি আছে অঞ্চলটো। কোৰাজুগুড়া, দান্তেচপুৰম, নাগাৰাম আৰু ভাণ্ডাৰ্পদাৰ গাঁওৰ ওচৰৰ জংঘলত সংঘটিত হৈছিল এই সংঘৰ্ষ ।

বস্তাৰলৈ শান্তি আৰু উন্নয়নৰ যুগ ঘূৰি আহিছে’: মুখ্যমন্ত্ৰী বিষ্ণু দেৱ চাই

নিৰাপত্তা বাহিনীৰ এই সাফল্যত আনন্দ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী বিষ্ণু দেও চাইয়ে কয় যে তেওঁৰ চৰকাৰে নক্সালবাদৰ প্ৰতি শূন্য সহনশীলতাৰ নীতিৰ ওপৰত কাম কৰি আছে। তেওঁ লগতে কয় যে, “বস্তাৰত নাগৰিকৰ উন্নয়ন, শান্তি আৰু নিৰাপত্তা নিশ্চিত কৰাটো তেওঁৰ চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ। বস্তাৰলৈ ঘূৰি আহিছে শান্তি, উন্নয়ন আৰু প্ৰগতিৰ যুগ।”

নিৰাপত্তা বাহিনীক তেওঁলোকৰ সাহস আৰু নিষ্ঠাৰ বাবে অভিনন্দন জনাই মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী বিষ্ণু দেৱ চায়ে কয় যে, “ছত্তীশগড়ৰ পৰা নক্সালবাদীক নিৰ্মূল কৰাটো নিশ্চিত।” তেওঁ কয়, “২০২৬ চনৰ মাৰ্চমাহৰ ভিতৰত ছত্তীশগড়ৰ পৰা নক্সালসকলক নিশ্চিহ্ন কৰাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্ধাৰণ কৰা লক্ষ্য পূৰণৰ দিশত আমি পৰিকল্পিতভাৱে আগবাঢ়ি আছোঁ।

৪ দিন পূৰ্বে কাংকেৰত ৫ নক্সালবাদী নিহত

ইয়াৰ পূৰ্বে দেওবাৰে ছত্তীশগড়ৰ কাংকেৰত সেনা আৰু মাওবাদীৰ মাজত সংঘৰ্ষ হৈছিল। এই সময়ছোৱাত আৰক্ষীয়ে পাঁচজন নক্সালবাদীক হত্যা কৰে। তাত ২গৰাকী মহিলাও অন্তৰ্ভুক্ত আছিল।আৰক্ষীয়ে তেওঁলোকৰ পৰা এটা আইএনএছএএছ, এটা SLRৰ আৰু এটা 12 বোৰৰS’e ৰাইফলসহ বৃহৎ পৰিমাণৰ কাৰ্ট্ৰিজ জব্দ কৰিছিল। একে সময়তে, দেওবাৰে নিৰাপত্তাৰক্ষীয়ে ছত্তীশগড়ৰ বলৰামপুৰত নক্সালবাদীৰ এক বৃহৎ ষড়যন্ত্ৰ বিফল কৰিছিল। পথৰ কাষত চলোৱা এটা তালাচী অভিযানত সেনাই এটা ৪ কিলোগ্ৰাম আইডি টিফিন বোমা নিষ্ক্ৰিয় কৰিছিল।

নাৰায়ণপুৰত সংঘৰ্ষত ৩২ নক্সালবাদী নিহত

ইয়াৰ পূৰ্বে অক্টোবৰত ছত্তীশগড়ৰ নাৰায়ণপুৰত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ৩২ জন মাওবাদী নিহত হয়। সৈন্যবাহিনীয়ে নাৰায়ণপুৰ-দান্তেৱাড়া সীমান্তত মাওবাদীৰ গতিবিধি সন্দৰ্ভত তথ্য লাভ কৰিছিল। উক্ত তথ্যৰ ভিত্তিত নিৰাপত্তাৰক্ষীয়ে অভিযান চলাই ৩২জন নক্সালবাদীক হত্যা কৰে।

Latest News