ঐতিহাসিক সিদ্ধান্তঃSC/ST ৰ সংৰক্ষণৰ ভিতৰত উপ- শ্ৰেণী বিভাজনৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ
ৰাজ্য চৰকাৰে ইয়াৰ পীড়িত জনসাধাৰণৰ বাবে ১৫ শতাংশ সংৰক্ষণ ৰাখি উপ- শ্ৰেণী বিভাজন কৰিব পাৰে। অনুসূচিত জাতিৰ মাজত বহু বৈষম্য থাকে। ইয়াৰ লগতে ন্যয়ালয় চিন্নাইয়া গোচৰত উপ-শ্ৰেণীবিভাজনৰ বিৰুদ্ধে ৰায় দিয়া ২০০৪ চনৰ উচ্চতম ন্যায়ালয়ৰ ৰায় নাকচ কৰে।
বৃহস্পতিবাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰে। উচ্চতম ন্যায়ালয়ে অনুসূচিত জাতি-জনজাতিৰ শ্ৰেণীৰ ভিতৰত উপ-শ্ৰেণী বিভাজনৰ (কোটাৰ ভিতৰত কোটা) বৈধতা সন্দৰ্ভত ৰায়দান কৰে। আদালতে ৰাজ্যসমূহক অনুসূচিত জাতি (SC) আৰু অনুসূচিত জনজাতি (ST)ত উপ-শ্ৰেণী বিভাজন কৰাৰ অনুমতি প্ৰদান কৰিছে। ন্যায়ালয়ৰ ৭জন ন্যায়াধীশৰ বিচাৰপীঠে এই ৰায় প্ৰদান কৰে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ চি জে আই ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত গঠিত ৭ জনীয়া বিচাৰপীঠে অনুসূচিত জাতি- জনজাতিৰ বাবে উপ-শ্ৰেণী বিভাজন কৰিব পৰা যাব বুলি কয়।
ৰায় প্ৰদান কৰা ৭ জনয়ী বিচাৰপীঠত আছিল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ বি আৰ গাৱৈ, বিক্ৰম নাথ, ন্যায়াধীশ বেলা এম ত্ৰিবেদী, ন্যায়াধীশ পংকজ মিঠাল, ন্যায়াধীশ মনোজ মিশ্ৰ আৰু ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মা। মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে ৬টা ৰায় সৰ্বসন্মতিক্ৰমে, আনহাতে ন্যায়াধীশ বেলা এম ত্ৰিবেদীয়ে এই ক্ষেত্ৰত মতানৈক্য প্ৰকাশ কৰিছে।
মুখ্য ন্য়ায়াধীশগৰাকীয়ে এই সিদ্ধান্তক ঐতিহাসিক বুলি কয়। তেওঁ কয় যে, অনুসূচিত জাতিৰ সকলো সম নহয়। উপ- শ্ৰেণী বিভাজনে সংবিধানৰ ১৪ নং অনুচ্ছেদৰ অধীনত নিৰ্ধাৰিত সমতাৰ নীতি উলংঘা নকৰে। ইয়াৰ লগতে উপ- শ্ৰেণী বিভাজনে সংবিধানৰ ৩৪১(২) অনুচ্ছেদো উলংঘা নকৰে। সংবিধানৰ ১৫ আৰু ১৬ নং অনুচ্ছেদত এনে কোনো কথা নাই যে যিয়ে কোনো ৰাজ্যক উপ- শ্ৰেণী বিভাজন কৰাত বাধা প্ৰদান কৰে।
ন্যায়ালয়ে কয় যে, অনুসূচিত জাতি সমজাতীয় গোট নহয়। গতিকে ৰাজ্য চৰকাৰে ইয়াৰ পীড়িত জনসাধাৰণৰ বাবে ১৫ শতাংশ সংৰক্ষণ ৰাখি উপ- শ্ৰেণী বিভাজন কৰিব পাৰে। অনুসূচিত জাতিৰ মাজত বহু বৈষম্য থাকে। ইয়াৰ লগতে ন্যয়ালয় চিন্নাইয়া গোচৰত উপ-শ্ৰেণীবিভাজনৰ বিৰুদ্ধে ৰায় দিয়া ২০০৪ চনৰ উচ্চতম ন্যায়ালয়ৰ ৰায় নাকচ কৰে।
ন্যায়ালয়ে কয় যে, অনুসূচিত জাতিসমূহৰ মাজত উপ- শ্ৰেণী বিভাজন তেওঁলোকৰ বৈষম্যৰ মাত্ৰাৰ ভিত্তিত কৰিব লাগে। ৰাজ্যৰ দ্বাৰা চৰকাৰী চাকৰি আৰু শৈক্ষিক প্ৰতিষ্ঠানত নামভৰ্তিৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰতিনিধিত্ব অভিজ্ঞতাভিত্তিক তথ্য সংগ্ৰৰ জৰিয়তে কৰিব পাৰে। ই চৰকাৰৰ ইচ্ছাৰ ওপৰত আধাৰিত নহয়।
উল্লেখ কৰা প্ৰয়োজন যে, পঞ্জাৱ চৰকাৰে অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আসনৰ ৫০ শতাংশ ‘বাল্মিকী’ আৰু ‘মাজাহাবী শিখ’ক দিয়াৰ ব্যৱস্থা কৰিছিল। কিন্তু ২০০৪ চনৰ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ ভিত্তিত পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে এই সিদ্ধান্ত নিষেধাজ্ঞা জাৰি কৰিছিল। ইয়াৰ বিৰুদ্ধে পঞ্জাৱ চৰকাৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। সেই আবেদনৰ শুনানি গ্ৰহণ কৰিয়েই ১ আগষ্ট, ২০২৪ ত উচ্চতম ন্যায়ালয় এই সিদ্ধন্ত লয়।