5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Kolkata Doctor Rape Murder Case : ‘FIR দাখিল কৰাত কিয় দেৰি হ’ল ?’ প্ৰথম শুনানিত ইটোৰ পাছত সিটো কঠিন প্ৰশ্ন উচ্চতম ন্যায়ালৰ

এই শুনানীৰ সময়ত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে উচ্চতম ন্য়ায়ালৰ বিচাৰপীঠে । আৰ জি কৰ কাণ্ডৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ লগতে দুজন ন্যায়াধীশৰ কেইবাটাও কঠিন প্ৰশ্নৰ উত্তৰ দিবলগীয়া হৈছিল বংগ চৰকাৰে । উল্লেখ্য যে, বংগ চৰকাৰৰ হৈ উচ্চতম ন্যায়ালয়ত যুক্তি দৰ্শাইছিল জ্যেষ্ঠ অধিবক্তা কপিল ছিবালকে ধৰি কেইবাগৰাকী অধিবক্তাই ।

Kolkata Doctor Rape Murder Case : ‘FIR দাখিল কৰাত কিয় দেৰি হ’ল ?’ প্ৰথম শুনানিত ইটোৰ পাছত সিটো কঠিন প্ৰশ্ন উচ্চতম ন্যায়ালৰ
manas-borah
Manas Borah | Updated On: 20 Aug 2024 20:13 PM

মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে কলকাতাৰ আৰ জি কৰ গোচৰৰ শুনানি গ্ৰহণ কৰে। এই শুনানীৰ সময়ত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে উচ্চতম ন্য়ায়ালৰ বিচাৰপীঠে । আৰ জি কৰ কাণ্ডৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ লগতে দুজন ন্যায়াধীশৰ কেইবাটাও কঠিন প্ৰশ্নৰ উত্তৰ দিবলগীয়া হৈছিল বংগ চৰকাৰে । উল্লেখ্য যে, বংগ চৰকাৰৰ হৈ উচ্চতম ন্যায়ালয়ত যুক্তি দৰ্শাইছিল জ্যেষ্ঠ অধিবক্তা কপিল ছিবালকে ধৰি কেইবাগৰাকী অধিবক্তাই ।

আৰ জি কৰ কাণ্ডৰ গোচৰটোক কেনেদৰে বাখ্যা কৰিলে উচ্চতম ন্যায়ালয়ে

শুনানিৰ আৰম্ভণিতে মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, ‘এয়া কেৱল হত্যাৰ গোচৰ নহয়। ভয়ংকৰ অপৰাধ । সমগ্ৰ দেশৰ চিকিৎসকৰ সুৰক্ষাৰ বিষয়ক লৈয়ো এই গোচৰটোৱে প্ৰশ্ন উত্থাপন কৰিছে । যুৱ চিকিৎসক, ইন্টাৰ্ণ, বিশেষকৈ মহিলা চিকিৎসকৰ বাবে কৰ্মক্ষেত্ৰৰ সুৰক্ষাৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰিছে । ডিউটি ​​ৰুম নাই । সুৰক্ষাৰ বাবে এটা প্ৰট’কল প্ৰস্তুত কৰিব লাগে। নিৰাপদ কৰ্মস্থলী সৃষ্টি কৰিব লাগিব। যদি মহিলাসকলে কৰ্মক্ষেত্ৰলৈ যাব নোৱাৰে তেন্তে সমতা বুলি একো নাথাকিব। কেৱল কিতাপ আৰু কলমতেই আৱদ্ধ নাথাকি, এনে বিশেষ প্ৰট’কল সৃষ্টি কৰিব লাগে।”

উচ্চতম ন্যায়ালয়ৰ দুগৰাকী অধিবক্তা আৰু তেলেংগানাৰ এগৰাকী চিকিৎসকে কিছুদিন পূৰ্বে আৰ জি কৰ বিষয়ত মুখ্য ন্যায়াধীশলৈ পত্ৰ লিখিছিল। পত্ৰখনত আৰ জি কৰ বিষয়ত স্বতঃস্ফূৰ্ত ব্যৱস্থা ল’বলৈ অনুৰোধ জনোৱা হৈছিল। ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ে নিজা উদ্যোগত গোচৰটো মানি লয়।

FIR দাখিল কৰাত কিয় দেৰি হ’ল ?

শুনানীৰ আৰম্ভণিৰে পৰাই বংগ চৰকাৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ ইটোৰ পিছত সিটো কঠিন প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হৈছিল। মুখ্য ন্যায়াধীশ গৰাকীয়ে প্ৰশ্ন কৰে যে, মৃতদেহ দেখাৰ পিছত কাৰ অভিযোগৰ ওপৰত ভিত্তি কৰি প্ৰথম FIR দাখিল হ’ল ? মৃতদেহ গতাই দিয়াৰ তিনি ঘণ্টাৰ পিছত কিয় এই FIR দাখিল কৰা হৈছিল ?

ইয়াৰ উত্তৰত ৰাজ্য চৰকাৰ অধিবক্তা কপিল ছিবালে কয় যে, মৃতকৰ পিতৃৰ অভিযোগৰ ভিত্তিত প্ৰথম এফ আই আৰ দাখিল কৰা হৈছিল। পিছত অধ্যক্ষই অভিযোগ দাখিল কৰিলে। ৰাজ্যৰ হৈ অধিবক্তাগৰাকীয়ে কয় যে, প্ৰতিবাদকাৰী চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ দাবী অনুসৰি ন্যায়িক দণ্ডাধীশৰ উপস্থিতিত ভিডিঅ’গ্ৰাফীৰ জৰিয়তে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়। ইয়াৰ পিছতে মৃতদেহটো পৰিয়ালৰ হাতত গতাই দিয়ে।

তেতিয়া মুখ্য ন্যায়াধীশে জানিব বিচাৰে, কেতিয়া প্ৰথম অভিযোগ দাখিল কৰা হৈছিল? ৰাজ্যৰ তথ্য অনুসৰি নিশা ১১.৪৫ বজাত প্ৰথম এফআইআৰ দাখিল কৰা হয়। তেতিয়া মুখ্য ন্যায়াধীশে জানিব বিচাৰে যে, এফআইআৰ দাখিল কৰাত কিয় ইমান দেৰি হৈছিল ? কিয় পৰিয়ালৰ হৈ প্ৰথম এফআইআৰ দাখিল কৰা হ’ল? অধ্যক্ষ আৰ উপাধ্যক্ষজনে কি কৰি আছিল?

ভুক্তভোগীৰ নাম আৰু ছবি কেনেকৈ ভাইৰেল হ’ল ?

যুৱ চিকিৎসকগৰাকীৰ মৃতদেহ আৰ জিৰ কৰ্তৃপক্ষই উদ্ধাৰ কৰাৰ প্ৰায় ডেৰ সপ্তাহ পাৰ হৈ গ’ল। ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত ভুক্তভোগীৰ নাম প্ৰকাশ পাইছে । তেওঁৰ এখন ছবি ভাইৰেল হৈ পৰিছে। সেই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে এটা প্ৰশ্ন উত্থাপন কৰে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে প্ৰকৃততে উদ্বেগ প্ৰকাশ কৰি কয়, ‘ভুক্তভোগীৰ নাম আৰু ছবি বিয়পাই দিয়া হৈছে। আনকি মৰণোত্তৰ পৰীক্ষাৰ পূৰ্বে আৰু পিছতো ভাইৰেল হৈ পৰিছে মৃতদেহৰ ছবি। উচ্চতম ন্যায়ালয়ৰ গাইডলাইন পাছতো এয়া কেনেকৈ হ’ল?”

মুখ্য ন্যায়াধীশৰ প্ৰশ্নৰ উত্তৰত অধিবক্তা কপিল ছিবালে ৰাজ্য চৰকাৰৰ হৈ কয়, “আৰক্ষী যোৱাৰ আগতেই ছবিখন তোলা হৈছিল ।” মন কৰিবলগীয়া যে কেৱল উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাই নহয়, ভুক্তভোগীৰ নাম প্ৰকাশৰ সন্দৰ্ভত নিৰ্দিষ্ট আইনও আছে । ভাৰতীয় আইনে ধৰ্ষণ বা যৌন নিৰ্যাতনৰ গোচৰত ভুক্তভোগীৰ নাম, পৰিচয় বা ফটো প্ৰকাশ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে।

ভুক্তভোগীয়ে আত্মহনন কৰা বুলি পৰিয়ালক কোৱা হৈছিল নেকি ?

কনিষ্ঠ চিকিৎসকজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত পৰিয়ালটোক তেওঁলোকৰ সন্তানে আত্মহনন কৰা বুলি জনোৱা হয়। ইয়াৰ ইয়াৰ বিপৰীতে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত তেওঁৰ মৃত্যুক ‘হত্যা’ বুলি উল্লেখ কৰা হৈছে। এই প্ৰশ্ন উত্থাপন হৈছিল উচ্চতম ন্যায়ালয়ত। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে  প্ৰশ্ন কৰে যে, পুৱা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতো কিয় আৰ জি কৰ মেডিকেল কলেজৰ অধ্যক্ষই আত্মহনন বুলি ক’বলৈ চেষ্টা কৰিছিল? কিন্তু এই কথা সঁচা নহয় বুলি যুক্তি দিয়ে কপিল ছিবালে।

মুখ্য ন্যায়াধীশে আৰু প্ৰশ্ন কৰে যে, নিশালৈকে কোনো এফআইআৰ দাখিল কৰা হোৱা নাছিল, অধ্যক্ষজনে কি কৰি আছিল? আৰক্ষীৰ উপস্থিতিৰ পিছতো এই কাণ্ডক লৈ ১৪ আগষ্টৰ নিশা কেনেকৈ সংঘটিত হ’ল আইন শৃংখলাজনিত পৰিস্থিতি ? আৰক্ষীয়ে কি কৰি আছিল?

বংগ আৰক্ষীক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিভাগীয় বিচাৰপীঠে আৰম্ভণিতে ৰাজ্যিক আৰক্ষীৰ ভূমিকাক লৈয়ো উদ্বেগ প্ৰকাশ কৰে। মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে, প্ৰথম অৱস্থাত এফআইআৰ সঠিকভাৱে দাখিল কৰা হোৱা নাছিল। আৰক্ষীয়ে কি কৰি আছিল? ইমান ডাঙৰ ঘটনা সংঘটিত হ’ল এখন চিকিৎসালয়ত। তেতিয়া আৰক্ষীয়ে কি কৰি আছিল?”

১৪ আগষ্টৰ নিশা আৰ জিত সংঘটিত হোৱা আইন শৃংখলাজনিত কাণ্ডত আৰক্ষীৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰে মুখ্য ন্যায়াধীশগৰাকীয়ে। তেওঁ কয়, “মাজনিশা হাস্পতালখনত ৭,০০০ হাজাৰ লোক সমবেত হল , কিন্তু পুলিচে গমই নাপালে ? আৰক্ষীয়ে হাস্পতালৰ সম্পত্তি ধ্বংস কৰিবলৈ অনুমতি দিছিল নেকি?”

মুখ্য ন্যায়াধীশে কয়, ‘আমি বহুত চিন্তিত। ৰাজ্যই নিজৰ শক্তি প্ৰয়োগ কৰি প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰে। যোৱা ৯ আগষ্টত চিকিৎসকগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। ছচিয়েল মিডিয়াত এই ঘটনাৰ ছবি আৰু ভিডিঅ’ বিয়পি পৰে। ১৩ আগষ্টত এই ঘটনাৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ কৰা হয়। ১৪ তাৰিখে নিশা ১২:৩০ বজাৰ ভিতৰত হাস্পতালত এক উশৃংখল পৰিস্থিতি সৃষ্টি হৈছিল । আমি বুজি নাপাওঁ স্বাধীনতা দিৱসৰ দিনা ৰাজ্যখনে আৰক্ষীৰ দ্বাৰা আইন-শৃংখলা বজাই ৰাখিব নোৱাৰিলে?” প্ৰশাসনৰ চূড়ান্ত ব্যৰ্থতাৰ কথা প্ৰকাশ কৰিলে মুখ্য ন্যায়াধীশে।

ৰাষ্ট্ৰীয় টাস্ক ফ’ৰ্চ’ গঠন

কেৱল এজন চিকিৎসকৰ হত্যাকাণ্ডই নহয়, আৰ জি কৰ কাণ্ডই সমগ্ৰ দেশতে ডাঙৰ প্ৰশ্নৰ উত্থাপন কৰিছে। চিকিৎসালয়ত চিকিৎসক বা নাৰ্ছ কিমান নিৰাপদ? কৰ্মক্ষেত্ৰত মহিলাসকল সঁচাকৈয়ে সুৰক্ষিত নহয় নেকি? কেৱল গোচৰটো মানি লোৱাই নহয়, শুনানিৰ প্ৰথম দিনাই উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে এই বিষয়ত ‘ৰাষ্ট্ৰীয় টাস্ক ফ’ৰ্চ’ গঠন কৰা কথা উল্লেখ কৰে । সেই টাস্ক ফ’ৰ্চত থাকিব দেশৰ বিভিন্ন প্ৰতিষ্ঠানৰ চিকিৎসক।

এই টাস্ক ফ’ৰ্চত থাকিব, চাৰ্জেণ্ট ভাইচ এডমিৰেল আৰতি ছাৰিন, ডাঃ ড. নাগেশ্বৰ ৰেড্ডী, ডাঃ ড. এম শ্ৰীনিবাস, ডাঃ প্ৰতিমা মূৰ্তি,ডাঃ গোবৰ্ধন দত্ত পুৰী,ডাঃ সৌমিত্ৰ ৰাৱাট, অধ্যাপিকা অনিতা সাক্সেনা, অধ্যাপক পল্লৱ সপ্ৰে,ডাঃ পদ্ম শ্ৰীবাস্তৱ । লগতে এই টাস্ক ফ’ৰ্চত থাকিব কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট সচিব, কেন্দ্ৰীয় গৃহ সচিব, কেন্দ্ৰীয় স্বাস্থ্য সচিব, ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ অধ্যক্ষ, ৰাষ্ট্ৰীয় পৰীক্ষক ব’ৰ্ড।

মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে, টাস্ক ফ’ৰ্চে নিৰাপত্তাৰ দিশটো চাব। চিকিৎসকৰ সুৰক্ষাৰ ক্ষেত্ৰত যাতে কোনো অসুবিধা নহয় তাৰ প্ৰতি গুৰুত্ব দিব লাগে বুলি কোৱা হৈছে। তুদুপৰি উচ্চতম ন্যায়ালয়ে জৰুৰীকালীন কক্ষত অতিৰিক্ত নিৰাপত্তা, কোনোৱে যাতে অস্ত্ৰ লৈ প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে স্ক্ৰীনিং ব্যৱস্থা,ৰোগীৰ বাহিৰে আন লোকৰ প্ৰৱেশ নিয়ন্ত্ৰণ, ভিৰ নিয়ন্ত্ৰণ, চিকিৎসক, নাৰ্ছৰ বাবে বিশেষ জিৰণি কক্ষ, পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা থাকিব, চিচিটিভি, নিয়মীয়াকৈ সুৰক্ষা ব্যৱস্থাসমূহ পুনৰীক্ষণ, জৰুৰীকালীন পৰিস্থিতিত নাৰ্ছ, চিকিৎসকৰ বাবে হেল্পলাইন নম্বৰ আদি ব্যৱস্থা কৰাৰ ওপৰতো গুৰুত্ব দিব লাগে বুলি উল্লেখ কৰে উচ্চতম ন্যায়ালয়ে । ইয়াৰ উপৰিও ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক চৰকাৰী চিকিৎসালয়ৰ সামগ্ৰিক ব্যৱস্থাটো নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়ে । লগতে এই সমগ্ৰহ ঘটনা পৰ্যবেক্ষণ কৰিব উচ্চতম ন্য়ায়ালয়ে ।

Latest News