সকলো ক্ষেত্ৰত বিচ্ছেদৰ পাছত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গন্য কৰা উচিত নহয়ঃ উচ্চতম ন্যায়ালয়
বিবাহৰ প্ৰতিশ্ৰুতিৰে ধৰ্ষণৰ গোচৰ সন্দৰ্ভত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে বিশেষ ৰায়দান কৰে। ন্যায়ালয়ে কয় যে, সকলো ক্ষেত্ৰতে সম্পৰ্ক বিচ্ছেদ হোৱাৰ পিছত শাৰীৰিক সম্পৰ্কক বিবাহৰ মিছা প্ৰতিশ্ৰুতিৰে কৰা ধৰ্ষণ বুলি গণ্য কৰা উচিত নহয়।

প্ৰেমৰ সম্পৰ্কত সন্মতি সাপক্ষে শাৰীৰিক সম্পৰ্ক স্থাপন সাধাৰণ কথা। কিন্তু সম্পৰ্ক বিচ্ছেদ হোৱাৰ পাছত বিবাহৰ মিছা প্ৰতিশ্ৰুতি দি ধৰ্ষণৰ অভিযোগ দাখিল কৰিব পাৰিনে? শেহতীয়াকৈ এই বিষয়টো স্পষ্ট কৰি দিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়। এক শুনানিৰ সময়ত ন্যায়ালয়ে কয় যে, সকলো ক্ষেত্ৰতে সম্পৰ্ক বিচ্ছেদ হোৱাৰ পিছত শাৰীৰিক সম্পৰ্কক বিবাহৰ মিছা প্ৰতিশ্ৰুতিৰে কৰা ধৰ্ষণ বুলি গণ্য কৰা উচিত নহয়। এই সময়চোৱাত ন্যায়ালয়ে বিচ্ছেদৰ পাছত বৃদ্ধি হোৱা অপৰাধমূলক ঘটনা সন্দৰ্ভতো উদ্বেগ প্ৰকাশ কৰে।
ন্যায়াধীশ বি ভি নাগাৰত্ন আৰু ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মাৰ বিচাৰপীঠে এগৰাকী প্ৰাক্তন অধিবক্তাৰ বিৰুদ্ধে থকা বিবাহৰ ভুৱা প্ৰতিশ্ৰুতেৰে ধৰ্ষণৰ গোচৰত ৰায় প্ৰদান কৰি এই মন্তব্য কৰে। জানিব পৰা মতে, ২০১৫ চনত প্ৰাক্তন অধিবক্তাগৰাকীৰ বিৰুদ্ধে অপৰাধমূলক অভিযোগ উত্থাপন হৈছিল।অভিযুক্তই এই অভিযোগৰ পৰা মুক্ত পাবলৈ কলিকতা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। কিন্তু ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন আবেদন নাকচ কৰে। ইয়াৰ পাছতে অধিবক্তাগৰাকী উচ্চতম ন্যায়ালয়ৰ কাষ চাপে আৰু উচ্চতম ন্যায়ালয়ে কলিকতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ খাৰিজ কৰে।
অভিযুক্ত কলকাতাৰ এখন আদালতৰ প্ৰাক্তন অধিবক্তা। এগৰাকী মহিলাই অভিযোগ কৰিছিল যে তেওঁ অভিযুক্তক ২০১৪ চনত লগ পাইছিল। বিবাহ বিচ্ছেদৰ গোচৰৰ বাবে তেওঁ আদালতলৈ গৈছিল আৰু তাতেই তেওঁক লগ পাইছিল। ক্ৰমান্বয় তেওঁলোকৰ মাজত ভাল সম্পৰ্ক গঢ় লৈ উঠিছিল। অভিযুক্ত অধিবক্তাগৰাকীৰ পত্নী আছিল যদিও দুয়ো পৃথকে পৃথকে আছিল। মহিলাগৰাকীয়ে কৰা অভিযোগ অনুসৰি অভিযুক্ত অধিবক্তাগৰাকীয়ে মহিলাগৰাকীৰ বিবাহ বিচ্ছেদৰ পাছত তেওঁৰ আৰু পুত্ৰৰ দায়িত্ব ল’ব বুলি প্ৰতিশ্ৰুতি দিছিল।
ইয়াৰ পাছত দুয়োৰ মাজত সন্মতি সাপক্ষে যৌন সম্পৰ্ক স্থাপন হয়। কিন্তু পৰৱৰ্তী সময়ত অধিবক্তাগৰাকীয়ে মহিলাগৰাকীক এৰাই চলাবলৈ আৰম্ভ কৰে আৰু তেওঁক যোগাযোগ নকৰিবলৈ কয়। এই সন্দৰ্ভতে মহিলাগৰাকীয়ে বিবাহৰ প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্ক স্থাপন কৰা বুলি আদালতৰ কাষ চাপিছিল।
এই গোচৰৰ ৰায় প্ৰদান কৰি সৰ্বোচ্চ ন্যায়ালয়ে কয় যে, এফ আই আৰ আৰু চাৰ্জশ্বীট শুদ্ধ বুলি বিবেচিত হ’লেও বিবাহৰ প্ৰতিশ্ৰুতি লাভ কৰাৰ পিছতহে মহিলাগৰাকীয়ে শাৰীৰিক সংগম কৰিবলৈ সন্মতি দিয়াটো যুক্তিসংগত নহয়। এই কথা স্পষ্ট যে শাৰীৰিক সম্পৰ্ক দুয়োজনৰ মাজত সহমতত আছিল। তেওঁক বাধ্য কৰোৱা হোৱা নাছিল। ইয়াৰোপৰি মহিলাগৰাকীয়ে গম পাইছিল যে অভিযুক্তৰ পত্নী আছে। ন্যায়ালয়ে এই ৰায় প্ৰদান কৰিয়ে ন্যায়াধীশগৰাকীৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ খাৰিজ কৰে। উল্লেখ কৰা প্ৰয়োজন যে, ২০১৬ চনত কলিকতা উচ্চ ন্যায়ালয়ে অভিযুক্তক অগ্ৰিম জামিন প্ৰদান কৰিছিল।