বিবাহ বহিৰ্ভূত সম্পৰ্কৰ সন্তানৰ আইনী পিতৃ কোন হ’ব? উচ্চতম ন্যায়ালয়ে দিলে ঐতিহাসিক ৰায়
বিবাহ বহিৰ্ভূত সম্পৰ্কৰ ক্ষেত্ৰত এগৰাকী মহিলাই জন্ম দিয়া সন্তানৰ আইনী পিতৃ কোন হ’ব, এই বিষয়ত সৃষ্টি হোৱা বিবাদ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিছে এক ঐতিহাসিক ৰায়। শেহতীয়াকৈ কেৰালাৰ এক গোচৰত উচ্চতম ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে।
বিবাহ বহিৰ্ভূত সম্পৰ্কৰ ক্ষেত্ৰত এগৰাকী মহিলাই জন্ম দিয়া সন্তানৰ আইনী পিতৃ কোন হ’ব, এই বিষয়ত সৃষ্টি হোৱা বিবাদ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিছে এক ঐতিহাসিক ৰায়। শীৰ্ষ আদালতে এক গোচৰৰ ৰায়দান কৰি উল্লেখ কৰে যে যদি কোনো মহিলাই বিবাহিত অৱস্থাত বিবাহ বহিৰ্ভূত প্ৰেমত লিপ্ত হয় আৰু সেই পুৰুষৰ ফালৰ পৰা সন্তান জন্ম দিয়ে, তেতিয়াও মহিলাগৰাকীৰ স্বামী সেই সন্তানৰ বৈধ পিতৃ হ’ব। শেহতীয়াকৈ কেৰালাৰ এক গোচৰত উচ্চতম ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে।
উচ্চতম ন্যায়ালয়ে কয় যে শিশুৰ জন্মৰ সবিশেষ সন্দৰ্ভত কোনো ধৰণৰ অপ্ৰয়োজনীয় অনুসন্ধান বা প্ৰশ্ন যাতে উত্থাপন নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশ দিয়া হৈছে। যদি কোনো স্বামীয়ে সন্তানৰ দায়িত্ব ল’ব বিচাৰে বা তেওঁৰ পিতৃত্বক অস্বীকাৰ কৰিব বিচাৰে, তেতিয়া পত্নীৰ সৈতে তেওঁৰ কোনো শাৰীৰিক সম্পৰ্ক নাই বুলি স্বামীয়ে প্ৰমাণ কৰিব লাগিব। উল্লেখ্য যে শীৰ্ষ আদালতে কেৰালাৰ মিলান জোচেফ নামৰ এগৰাকী লোকৰ গোচৰত এই ৰায় প্ৰদান কৰিছে।
এই মিলান জোচেফ নামৰ লোকজনৰ জন্ম হৈছিল ২০০১ চনত। সেই সময়ত তেওঁৰ মাতৃৰ বিবাহ হৈছিল ৰাজু কুৰিয়ান নামৰ এজন ব্যক্তিৰ লগত। পিছত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। ২০০৭ চনত মিলান জোচেফৰ মাতৃয়ে কোচিন পৌৰসভালৈ গৈ মিলানৰ পিতৃৰ নাম ইভান ৰথিনামলৈ সলনি কৰিবলৈ আবেদন কৰে। মহিলাগৰাকীয়ে লগতে ইভান ৰথিনাম মিলানৰ জৈৱিক পিতৃ বুলিও প্ৰকাশ কৰে।
কিন্তু পৌৰসভাই আদালতৰ নিৰ্দেশ অবিহনে পিতৃৰ নাম সলনি কৰাটো সম্ভৱ নহয় বুলি স্পষ্ট কৰি দিয়ে। ইয়াৰ পিছতে মহিলাগৰাকীয়ে প্ৰথম অতিৰিক্ত মুনছিফ আদালতত অপৰাধমূলক গোচৰ ৰুজু কৰে। মহিলাগৰাকীয়ে আদালতত ৰথিনামক মিলান জোচেফৰ পিতৃ বুলি ঘোষণা কৰে। আনকি তেওঁ ১৯৭৩ চনৰ ফৌজদাৰী বিধি আইনৰ ১২৫ নং ধাৰাত ৰথিনামৰ পৰা ভৰণ-পোষণৰ দাবী জনায়।
দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত ২০০৯ চনত আদালতে ৰায় দিছিল যে যিহেতু শিশুটিৰ জন্মৰ সময়ত ৰাজু কুৰিয়ানৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল, সেয়েহে কুৰিয়ান মিলন জোচেফৰ আইনী পিতৃ। পিছত ২০১১ চনত উপ-বিচাৰক আদালত আৰু কেৰালা উচ্চ ন্যায়ালয়ে একেটা ৰায়কে গৃহীত কৰে। তাৰ পিছত ২০১৫ চনত আলাপ্পুজা পৰিয়াল আদালতত আন এখন আবেদন দাখিল কৰে। ইতিমধ্যে স্বামী ৰাজু কুৰিয়ানে তেওঁৰ সৈতে বিচ্ছেদ কৰা বুলিও তেওঁ আদালতক জনায়।
ইভান ৰথিনাম যিহেতু জোচেফৰ জৈৱিক পিতৃ, সেয়েহে ইভান ৰথিনামে তেওঁক আৰু তেওঁৰ সন্তানক পোহপাল দিয়াৰ দায়িত্ব লোৱা উচিত বুলি মহিলাগৰাকীয়ে আদালতত অৱগত কৰে। আদালতে পিতৃত্ব আৰু আইনী বৈধতা দুয়োটা পৃথক বিষয় বুলি উল্লেখ কৰি গোচৰটো দাখিল কৰিবলৈ অনুমতি দিয়ে। ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ত এই গোচৰ ৰুজু হয়। শীৰ্ষ আদালতে ভাৰতীয় প্ৰমাণ আইন, ১৮৭২ৰ ১১২ নং ধাৰা অনুসৰি বৈধ বিবাহৰ সময়ত জন্ম হোৱা সন্তানৰ স্বামী বৈধ পিতৃ হ’ব বুলি ৰায় দিয়ে।
আদালতে লগতে স্পষ্ট কৰি দিয়ে যে ডি এন এৰ প্ৰমাণে অন্য ইংগিত দিলেও পিতৃত্ব বিচাৰ কৰাৰ সময়ত সামাজিক বৈধতা গুৰুত্বপূৰ্ণ হ’ব। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সূৰ্য্যকান্ত আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে এই ৰায় প্ৰদান কৰে। এটি শিশুৰ জৈৱিক পিতৃ থাকিব পাৰে, কিন্তু আইনে স্বামীক আইনী পিতৃ হিচাপে স্বীকৃতি দিয়ে বুলি বিচাৰপীঠে স্পষ্ট কৰি দিয়ে।