খাইছিল অংগ! মাতৃৰ প্ৰাণ লোৱা পুত্ৰৰ মৃত্যুদণ্ডৰ ৰায় স্থগিত উচ্চতম ন্যায়ালয়ৰ
বুধবাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰে। মাতৃক হত্যা কৰা আৰু পাছত মৃতদেহৰ অংগ ৰান্ধি খোৱা অভিযুক্তৰ মৃত্যুদণ্ডৰ শাস্তি স্থগিত ৰাখে। ২০১৭ চনত সংঘটিত এই ভয়ংকৰ ঘটনাই জোকাৰি গৈছিল সমগ্ৰ অঞ্চল।
বুধবাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰে। নিজ মাতৃক হত্যা কৰা আৰু মৃতদেহৰ অংগ ভক্ষণ কৰা অপৰাধত দোষী সাব্যস্ত হোৱা সুনীল কুচকোৰবীৰ মৃত্যুদণ্ডৰ ৰায় স্থগিত কৰে। উল্লেখ কৰা প্ৰয়োজন যে, কোলহাপুৰ আদালতে ২০১৭ চনৰ এক গোচৰৰ ভিত্তিত সুনীল কুচকোৰবীক মৃত্যুদণ্ড বিহিছিল। আদালতে এয়া নৰভক্ষণৰ ঘটনা বুলি উল্লেখ কৰাৰ লগতে দোষীৰ সংস্কাৰৰ কোনো আশা নাই বুলি কৈছিল। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰেৱতী মোহিত দেৰে আৰু পৃথ্বীৰাজ চৌহানৰ বিচাৰপীঠে এই ঘটনাটো ৰেয়াৰেষ্ট অফ দ্যা ৰেয়ৰ (বিৰল)বুলি কৈছিল। লগতে কৈছিল যে, তেওঁ কাৰাদণ্ড দিলে জেলতো একেধৰণ অপৰাধ কৰিব পাৰে।
এই ঘটনাৰ ওপৰতেই শুনানি গ্ৰহণ কৰি অভিযুক্তৰ মৃত্যুদণ্ডৰ শাস্তি স্থগিত কৰে সৰ্বোচ্চ ন্যায়ালয়ে। জানিব পৰা মতে দোষীৰ তৰফৰ পৰা দাখিল কৰা আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ৰ ন্যায়মূৰ্তি সূৰ্যকান্ত, পংকজ মিথল আৰু উজ্বল ভূঞাৰ তিনিজনীয়া বিচাৰপীঠে জাননী জাৰি কৰে। দোষীয়ে দাখিল কৰা আবেদনত বোম্বে আদালতে নিম্ন আদালতৰ মৃত্যুদণ্ডৰ ৰায়ক বাহাল ৰখা সিদ্ধান্তৰ প্ৰত্যাহ্বান জনাইছিল। ১১ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ে আবেদনৰ শুনানি গ্ৰহণ কৰি এক জাননী জাৰি কৰে আৰু ইয়াৰ উত্তৰ ২০২৫ চনৰ ১৪ এপ্ৰিলৰ ভিতৰত দিব লাগিব বুলি কয়। গতিকে এই সময়চোৱাত অভিযুক্তৰ মৃত্যুদণ্ড স্থগিত ৰখা হ’ব।
মৃতদেহ খাইছিল
উল্লেখ্য যে, ২০১৭ চনৰ ২৮ আগষ্টত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল। সুনীল কুচকোৰবী নামৰ লোকজনে নিজৰ ৬০ বছৰীয়া মাতৃ যল্লবা কুচকোৰবীক তেওঁ ঘৰতেই হত্যা কৰিছিল। ইয়াৰ পাছত অভিযুক্ত পুত্ৰই মাতৃৰ মৃতদেহৰ অংগ উলিয়াই নিমখ, মচলা লগাই ৰান্ধি খাইছিল। জানিব পৰা মতে সুনীলৰ বৃদ্ধা মাতৃগৰাকীয়ে গাঁৱে গাঁৱে গৈ বেলুন বেচা কাম কৰিছিল। তেওঁৰ দুটা সন্তান আছিল- ৰাজু আৰু সুনীল।
কেনেকৈ হত্যা কৰিছিল
এই ঘটনাৰ তদন্ত পোহৰলৈ আহে যে সুনীল সুৰা আসক্ত আছিল। ঘটনাৰ দিনা তেওঁ মাতৃক টকাৰ দাবী কৰিছিল। কিন্তু মাতৃয়ে টকা নিদিয়াত দুয়োৰে মাজত কাজিয়া হয়। ইয়াৰ পাছত সুনীল পুনৰ ঘৰৰ পৰা ওলাই আহি সুৰাপান কৰে আৰু নিশা ১ মান বজাত ঘৰলৈ গৈ পুনৰ মাতৃৰ সৈতে কাজিয়া কৰে। ইয়াৰ পৰিণতিতে সুনীলে মাতৃক হানি খুচি হত্যা কৰে।
ঘটনা সন্দৰ্ভত জানিব পাৰি ওচৰ চুবুৰীয়াই আৰক্ষীক খবৰ দিয়ে। ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতেই আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু অভিযুক্তক আটক কৰে। আৰক্ষী উপস্থিত হোৱাৰ সময়ত অভিযুক্তই মাতৃৰ হৃদৰ এটা অংগ ৰান্ধিবলৈ প্ৰস্তুতি কৰি আছিল। এই ঘটনাৰ ওপৰত ১২ জনে সাক্ষ্য দিছিল আৰু ২০২১ চনত কলহাপুৰ আদালতে তেওঁক মৃত্যুদণ্ড বিহিছিল।