শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী মুখ্য় ন্যায়াধীশ কোন হ’ব ? কিমান দিনীয়া হ’ব তেওঁৰ কাৰ্যকাল ?

কোন হ'ব উচ্চতম ন্যায়ালৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ ? বৰ্তমানৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই অহা ১৩ মে’ত অৱসৰ গ্ৰহণ কৰিব । ইতিমধ্যে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই পৰৱৰ্তী মুখ্য ন্যায়াধীশৰ নাম প্ৰস্তাৱ হিচাপে আগবঢ়াইছে ।

উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী মুখ্য় ন্যায়াধীশ কোন হ’ব ? কিমান দিনীয়া হ’ব তেওঁৰ কাৰ্যকাল ?
উচ্চতম ন্যায়ালয়
manas-borah
Manas Borah | Published: 16 Apr 2025 17:56 PM

নতুন মুখ্য় ন্যায়াধীশ লাভ কৰিব উচ্চতম ন্যায়ালয়ে । পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভাই। ১৪ মে’ত মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিব ৰামকৃষ্ণ গাভাই। ইতিমধ্যে উচ্চতম ন্যায়ালৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে তেওঁ নাম প্ৰস্তাৱ হিচাপে আগবঢ়াইছে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই ।

বৰ্তমানৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই অহা ১৩ মে’ত অৱসৰ গ্ৰহণ কৰিব । পিছদিনা মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব বি আৰ গাভাই। তেওঁ হ’ব উচ্চতম ন্যায়ালয়ৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ। নিয়ম অনুসৰি, মুখ্য ন্যায়াধীশে তেওঁৰ উত্তৰাধিকাৰীৰ নাম প্ৰস্তাৱ হিচাপে আগবঢ়ায় । মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই আইন মন্ত্ৰালয়ক ন্যায়াধীশ বি আৰ গাভাইৰ নামটো প্ৰস্তাৱ হিচাপে দিয়ে ।

অৱশ্যে মুখ্য ন্যায়াধীশ হিচাপে বি আৰ গাভাইৰ কাৰ্যকাল দীঘলীয়া নহয়। মাত্ৰ ৬ মাহৰ বাবে মুখ্য ন্যায়াধীশ হিচাপে থাকিব গাভাই। অহা নৱেম্বৰ মাহত তেওঁ অৱসৰ ল’ব।

উচ্চতম ন্যায়ালয়ৰ দ্বিতীয় দলিত মুখ্য ন্যায়াধীশ হ’বলৈ সাজু হৈছে বি আৰ গাভাই। ইয়াৰ পূৰ্বে ২০০৭ চনত কে জি বালকৃষ্ণনক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। বি আৰ গাভাইৰ জন্ম হৈছিল মহাৰাষ্ট্ৰৰ আমৰাৱতীত। ১৯৮৫ চনত আইনী কেৰিয়াৰ আৰম্ভ কৰা তেখেতে বেৰিষ্টাৰ ৰাজা ভোছলেৰ সৈতে কাম কৰিছিল। ইয়াৰ পিছত তেওঁ ১৯৮৭ চনৰ পৰা ১৯৯০ চনলৈকে বোম্বে উচ্চ ন্যায়ালয়ত অনুশীলন কৰিছিল।

১৯৯২ চনত বোম্বেই উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠত অতিৰিক্ত ৰাজহুৱা প্ৰচিকিউটৰ হিচাপে নিযুক্তি লাভ কৰে।২০০৩ চনত বম্বে উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হয়, আৰু ২০০৫ চনত স্থায়ী ন্যায়াধীশ হয়। বি আৰ গাভাই ২০১৯ চনত উচ্চতম ন্যায়ালয়লৈ পদোন্নতি লাভ কৰিছিল।