শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

NIA য়ে কৰিব জেৰাঃ মুম্বাই আক্ৰমণৰ অভিযুক্ত তাহাউৰ ৰাণাক সুধিব পাৰে এই কেইটা প্ৰশ্ন…

অৱশেষত ভাৰতলৈ অনা হ'ল ২৬/১১ মুম্বাই আক্ৰমণৰ অভিযুক্ত তাহাউৰ ৰহমানক। বৃহস্পতিবাৰৰ নিশাৰ পৰা নিয়াই তেওঁক জেৰা চলাব। এই সময়চোৱাত বিভিন্ন প্ৰশ্নৰ সন্মুখীন হ'ব তেওঁ।

NIA য়ে কৰিব জেৰাঃ মুম্বাই আক্ৰমণৰ অভিযুক্ত তাহাউৰ ৰাণাক সুধিব পাৰে এই কেইটা প্ৰশ্ন…
তাহাউৰ ৰহমান
barasha-sarma
Barasha Sarma | Published: 10 Apr 2025 19:57 PM

অৱশেষত ভাৰতলৈ অনা হ’ল ২৬/১১ মুম্বাই আক্ৰমণৰ অভিযুক্ত তাহাউৰ ৰাণাক। অভিযুক্তগৰাকীক NIA ৰ মুখ্য কাৰ্যালয়ৰ তৃতীয় মহলাত এন আই এৰ আইজি, ডিআইজি পৰ্যায়ৰ বিষয়াই বৃহস্পতিবাৰৰ নিশাৰ পৰা জেৰা আৰম্ভ কৰিব। ইয়াৰ বাবে ইতিমধ্যে চেটআপ প্ৰস্তুত কৰা হৈছে। ভাৰতত উপস্থিত হোৱাৰ পাছতে তাহাউৰ ৰাণাক NIAয়ে বিমান বন্দৰত গ্ৰেপ্তাৰ কৰে।

NIA ৰ মুখ্য কাৰ্যালয়ক তলৰ মহলাত চেল বনোৱা হৈছে আৰু তৃতীয় মহলাত জেৰা চলিব। জিম্মাত লোৱাৰ পাছত বিশেষ চেলৰ কমাণ্ডো, এন আই এৰ বিষয়াসকল আহিব NIA ৰ মুখ্য কাৰ্যালয়লৈ। এই বিশেষ কোষটোৱে NIAৰ দল আৰু সন্ত্ৰাসবাদী ৰাণাক সম্পূৰ্ণ নিৰাপত্তাৰ সৈতে NIAৰ মুখ্য কাৰ্যালয়লৈ লৈ যাব। এই সময়ছোৱাত ৰানা ২৪ ঘণ্টীয়া চিচিটিভিৰ চোৰাংচোৱাগিৰিৰ অধীনত থাকিব।

তাহাউৰ ৰাণাক জেৰাৰ সময়ত তেওঁৰ ২৬/১১ৰ আক্ৰমণত ভূমিকাৰ কথা সুধিব। এই সময়চোৱাত তেওঁক সুধিব পৰা সাম্ভাব্য প্ৰশ্ন কেইটামান তলত উল্লেখ কৰা হ’ল-

  1. ২০০৮ চনৰ ২৬ নৱেম্বৰৰ সময়ছোৱাত আপোনাৰ অৱস্থান ক’ত আছিল?
  2. ২০০৮ চনৰ ৮ নৱেম্বৰৰ পৰা ২০০৮ চনৰ ২১ নৱেম্বৰৰ ভিতৰত ভাৰতলৈ কিয় আহিছিল আৰু এই সময়ছোৱাত ক’লৈ গৈছিল?
  3. ভাৰতত থকাৰ সময়ত ক;ত আছিল আৰু কাক কাক লগ কৰিছিল?
  4.  জানিছিল নেকি যে, ২০০৮ চনৰ ২৬ নৱেম্বৰত মুম্বাইত ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হ’ব?
  5. ডেভিদ কলমেন হেডলীক কেতিয়াৰ পৰা চিনি পায়? কিয় ভুৱা ভিছাৰে তেওঁক ভাৰতলৈ আহিব দিয়া হৈছিল?
  6. ডেভিদ কলমেন হেডলী কিয় ভাৰতলৈ আহিছিল? ভাৰতত থকাৰ সময়ছোৱাত তেওঁ আপোনাৰ লগত কি কথা পাতিছিল?
  7. মুম্বাই আক্ৰমণৰ সময়ত তোমাৰ আৰু হেডলীৰ ভূমিকা কি আছিল?
  8. ভাৰতৰ ভিছা লাভ কৰাত হেডলীক কেনেকৈ সহায় কৰিছিল?
  9. মুম্বাই আক্ৰমণৰ পৰিকল্পনাৰ সময়ত আপুনি তেওঁক সহায় কৰিছিল নে তেওঁ আপোনাৰ সহায় কৰিছিল, দুয়োৰে ভূমিকা কি আছিল?
  10. আক্ৰমণৰ বাবে তথ্য সংগ্ৰহ কৰাত তেওঁ আপোনাক কেনেকৈ সহায় কৰিছিল?
  11. লস্কৰ-ই-তৈবাৰ মুৰব্বী হাফিজ ছাইদক কেনেকৈ চিনি পায়, প্ৰথমবাৰৰ বাবে হাফিজক কেতিয়া আৰু ক’ত লগ পাইছিল? হাফিজ ছাইদৰ সৈতে আপোনাৰ সম্পৰ্ক কি আছিল?
  12. লস্কৰ-ই-তৈবাক কেনেকৈ সহায় কৰিছিল? আপোনাৰ সহায়ৰ বিনিময়ত লস্কৰে আপোনাক কি দিলে?
  13. লস্কৰ-ই-তৈবাৰ হাফিজ ছাইদৰ বাহিৰে আপুনি কিমান মানুহক চিনি পায়?  শেষবাৰৰ বাবে কেতিয়া কথা পাতিছিল?
  14. লস্কৰ-ই-তৈবাত কিমান মানুহ আছে? ইয়াৰ গঠন কেনেকুৱা? নিযুক্তি কেনেকৈ হয়? কোনে কৰে?
  15. লস্কৰ চলাবলৈ পুঁজি ক’ৰ পৰা আহে? কোনে আটাইতকৈ বেছি ধন সংগ্ৰহ কৰে?
  16. অস্ত্ৰ-শস্ত্ৰ কোনে যোগান ধৰে? কোনবোৰ দেশৰ পৰা আপুনি অস্ত্ৰ-শস্ত্ৰ লাভ কৰে?
  17. পাকিস্তানী সেনা আৰু আই এছ আইয়ে আপোনালোকক কেনেকৈ সহায় কৰে?
  18. আক্ৰমণ কৰিবলৈ আপোনালোকে লক্ষ্য কেনেকৈ বাছি লয়? আই এছ আইয়ে আপোনাক লক্ষ্যত আক্ৰমণ কৰিবলৈ নিৰ্দেশনা দিয়ে নেকি?
  19. লস্কৰ আৰু হুজিৰ মানুহক কোনে প্ৰশিক্ষণ দিয়ে?
  20. যিকোনো এটা গোটক কিমানজন আই এছ আই বিষয়াই কেনেধৰণৰ প্ৰশিক্ষণ দিয়ে? প্ৰশিক্ষণৰ সময়ত কি কোৱা হয়? আৰু প্ৰশিক্ষণত কি কৰা হয়?
  21. কিয় চিকিৎসকৰ চাকৰি এৰি সন্ত্ৰাসবাদৰ পথ বাছি লৈছিল? হেডলীৰ উদ্দেশ্য কি আছিল?
  22. পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ সৈতে কাৰ সম্পৰ্ক আছিল? হেডলিয়ে আপোনাক চিনাকি কৰাই দিছিল নে হেডলীক চিনাকি কৰাই দিছিল?
  23. আই এছ আইৰ পৰিকল্পনা কি আছিল? আক্ৰমণ সংঘটিত হোৱা ঠাইবোৰেই একমাত্ৰ লক্ষ্য আছিল নে আন লক্ষ্যও আছিল।
  24. কেৱল আই এছ আই পক্ষৰ মেজৰ ইকবাল আৰু সমীৰ আলীহে এই আক্ৰমণত জড়িত আছিল নে জ্যেষ্ঠ লোকো জড়িত আছিল? যদি তেওঁলোক জড়িত আছিল তেন্তে তেওঁলোক কোন আছিল?
  25. সন্ত্ৰাস বিয়পোৱাৰ পৰিকল্পনাৰ বাবে কোনে বিত্তীয় সাহায্য দিয়ে?
  26. আই এছ আইৰ বাহিৰে পাকিস্তান চৰকাৰেও সন্ত্ৰাসবাদী আক্ৰমণৰ তথ্য লাভ কৰে নেকি?
  27. আক্ৰমণৰ সময়ত সন্ত্ৰাসবাদীক কোনে নিৰ্দেশনা দিয়ে?
  28. আত্মঘাতী আক্ৰমণৰ বাবে সাজু কৰিবলৈ ল’ৰাক কি কোৱা হয়?
  29. সমগ্ৰ আক্ৰমণৰ পৰিকল্পনাত কিমানজন লোক জড়িত?
  30. তেওঁলোকৰ ভূমিকা কি?

 

অন্য খবৰ পঢ়কঃ শীঘ্ৰেই ভাৰতলৈ অনা হ’ব পাৰে মুম্বাই ২৬/১১ ৰ অভিযুক্ত তাহব্বুৰ ৰাণাক, আমেৰিকা ন্যায়ালয়ে নাকচ কৰিলে আবেদন….