Teachers Day 2024: আপোনাৰ প্ৰিয় শিক্ষকগৰাকীক এনেদৰে জনাওক শিক্ষক দিৱসৰ শুভেচ্ছা | Teachers Day 2024: Wishes, Messages, Status, Posters and quotes to share with your favourite teachers; details in assamese Assam news - Assam Tv9

Teachers Day 2024: আপোনাৰ প্ৰিয় শিক্ষকগৰাকীক এনেদৰে জনাওক শিক্ষক দিৱসৰ শুভেচ্ছা

Updated On: 

05 Sep 2024 08:26 AM

"মোৰ জন্মদিন পালন কৰাতকৈ ৫ ছেপ্টেম্বৰৰ দিনটো যদি শিক্ষক দিৱস হিচাপে পালন কৰা তেন্তে এয়া মোৰ বাবে বৰ সৌভাগ্য হ’ব"। তেতিয়াৰ পৰাই প্ৰতি বছৰে ৫ ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে। 

Teachers Day 2024: আপোনাৰ প্ৰিয় শিক্ষকগৰাকীক এনেদৰে জনাওক শিক্ষক দিৱসৰ শুভেচ্ছা

শিক্ষক দিৱস

Follow Us On

ভাৰতৰ প্ৰথম উপ- ৰাষ্ট্ৰপতি তথা দেশৰ দ্বিতীয় ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ আজি জন্ম দিন। মহান দাৰ্শনিক, শিক্ষাবিদ, ৰাজনেতাগৰাকীৰ জন্মদিনটোত আজি সমগ্ৰ দেশে পালন কৰিব শিক্ষক দিৱস। এই উপলক্ষ্যে দেশৰ প্ৰতিখন বিদ্যালয়, মহাবিদ্যালয়তে বিভিন্ন ধৰণৰ অনুষ্ঠান আয়োজিত হ’ব। এই অনুষ্ঠানত ছাত্ৰ- ছাত্ৰীসকলে গীত-মাত, ভাষণ আদিৰে সৰ্বপল্লী ৰাধাকৃষ্ণণক স্মৰণ কৰাৰ লগতে শিক্ষক- শিক্ষয়িত্ৰীসকলকো কৃতজ্ঞতা জ্ঞাপন কৰে।

প্ৰতিগৰাকী ছাত্ৰ- ছাত্ৰীৰে প্ৰিয় শিক্ষক থাকে। শিক্ষক দিৱসৰ এই পবিত্ৰ দিনটোত তলত দিয়া ধৰণে শিক্ষাগুৰুসকলক শুভেচ্ছা জ্ঞাপন কৰিব পাৰে-

  • শিক্ষক দিৱসৰ শুভেচ্ছা। মহান দাৰ্শনিক, শিক্ষাবিদ ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণক তেখেতৰ এই পুণ্য তিথিত শ্ৰদ্ধাৰে সুঁৱৰিছো। প্ৰতিগৰাকী শিক্ষাগুৰুলৈ মোৰ শ্ৰদ্ধা…
  • আপোনাক অশেষ ধন্যবাদ। মোৰ জীৱনৰ এজন গুৰু, বন্ধু আৰু পথ প্ৰদৰ্শক হোৱাৰ বাবে আপোনাৰ ওচৰত মই চিৰ ঋণী হৈ ৰ’ম। মোৰ জীৱনত আপোনাৰ দৰে শিক্ষাগুৰু এজন পাই মই নিজকে ধন্য অনুভৱ কৰে। আপোনালৈও শিক্ষক দিৱসৰ শুভেচ্ছা।
  • শিক্ষক দিৱসৰ দিনা আপোনালৈও অশেষ শুভেচ্ছা। মোৰ জীৱন গঢ় দিয়াত আপোনাৰ কষ্ট, মোৰ ওপৰত থকা বিশ্বাসৰ প্ৰতি সদায় মই কৃতজ্ঞ গৈ ৰ’ম। আপুনি মোৰ প্ৰেৰণা।
  • শিক্ষক দিৱসৰ শুভেচ্ছা! আপুনি কেৱল এজন শিক্ষক নহয়, এজন আদৰ্শ আৰু পথ প্ৰদৰ্শক। শিক্ষাৰ ক্ষেত্ৰখনত সুন্দৰ অভিজ্ঞতা কৰি তোলাৰ বাবে ধন্যবাদ।
  • আজিৰ এই শুভ দিনটোত মই আপোনাক ধন্যবাদ জনাইছো। প্ৰিয় শিক্ষক, আপোনালৈ শিক্ষক দিৱসৰ শুভেচ্ছা।

শুভ বাৰ্তা

  • শিক্ষক এডাল জ্বলি থকা মমবাতিৰ দৰে,যিয়ে নিজক জ্বলি আনক পোহৰ দিয়ে- সৰ্বপল্লী ৰাধাকৃষ্ণণ
  • দেশ দুৰ্নীতিমুক্ত আৰু সুন্দৰ মনৰ জাতি হ’বলৈ তিনি মূল উপাদানৰ প্ৰয়োজন- পিতৃ, মাতৃ আৰু শিক্ষক।” – ড° এ পি জে আব্দুল কালাম।
  • ঈশ্বৰ সকলো আত্মাৰ আত্মা – পৰম আত্মা – পৰম চেতনা- সৰ্বপল্লী ৰাধাকৃষ্ণণ
  • যেতিয়া আমি জানো বুলি ভাবো, তেতিয়াই আমি শিকা বন্ধ কৰি দিওঁ।- সৰ্বপল্লী ৰাধাকৃষ্ণণ
  • প্ৰকৃত শিক্ষক সেইসকল, যিয়ে আমাক নিজৰ বাবে চিন্তা কৰাত সহায় কৰে।- সৰ্বপল্লী ৰাধাকৃষ্ণণ

ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম হৈছিল ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰত তামিলনাডুৰ তিৰুতনী গ্ৰামৰ এটা ব্ৰাহ্মণ পৰিয়ালত। ৰাধাকৃষ্ণণ এগৰাকী প্ৰখ্যাত দাৰ্শনিক, লেখক, শিক্ষক, সাংস্কৃতিক প্ৰবাহক, ৰাজনেতা আছিল। ১৯৬২ চনত সৰ্বপল্লী ৰাধাকৃষ্ণণ ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি হোৱাৰ সময়ত তেওঁৰ একাংশ  প্ৰাক্তন ছাত্ৰই  জন্মদিন পালন কৰিবলৈ বিচাৰিছিল। তেতিয়া তেওঁ কৈছিল- মোৰ জন্মদিন পালন কৰাতকৈ ৫ ছেপ্টেম্বৰৰ দিনটো যদি শিক্ষক দিৱস হিচাপে পালন কৰা তেন্তে এয়া মোৰ বাবে বৰ সৌভাগ্য হ’ব। তেতিয়াৰ পৰাই প্ৰতি বছৰে ৫ ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version