আজি শিক্ষক দিৱস, জানক ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণণৰ বিষয়ে সকলো…
কেৱল শিক্ষা ক্ষেত্ৰতেই নহয়, ৰাজনৈতিক ক্ষেত্ৰতো তেওঁৰ অৱদান আছিল অতুলনীয়। তেওঁ ১৯৫২ চনৰ পৰা ১৯৬২ চনলৈ ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি আৰু ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈ ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
আজি ৫ ছেপ্টেম্বৰ, শিক্ষক দিৱস। ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম বাৰ্ষিকী আৰু শিক্ষাগুৰুসকলক কৃতজ্ঞতা জনোৱাৰ উদ্দেশ্যে সমগ্ৰ দেশতে আজি পালন কৰা হ’ব শিক্ষক দিৱস। এই দিৱস উপলক্ষ্যে প্ৰতিখন বিদ্যালয়, মহাবিদ্যালয়তে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হয়। ছাত্ৰ- ছাত্ৰীসকলে নৃত্য, গীত, কবিতা, ভাষণ আদিৰে সৰ্বপল্লী ৰাধাকৃষ্ণণক সোঁৱৰণ কৰাৰ লগতে শিক্ষাগুৰুসকলক কৃতজ্ঞতা জ্ঞাপন কৰে। এই দিৱস পালনৰ সময়ত আহক আমি জানো সৰ্বপল্লী ৰাধাকৃষ্ণণৰ বিষয়ে।
ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম হৈছিল ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰত তামিলনাডুৰ তিৰুতনী গ্ৰামৰ এটা ব্ৰাহ্মণ পৰিয়ালত। ৰাধাকৃষ্ণণ এগৰাকী প্ৰখ্যাত দাৰ্শনিক, লেখক, শিক্ষক, সাংস্কৃতিক প্ৰবাহক, ৰাজনেতা আছিল। ভাৰতৰ বৌদ্ধিক আৰু শৈক্ষিক জগতত তেওঁৰ ভূমিকা অতুলনীয়। ৰাধাকৃষ্ণণক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ৰে বিভূষিত কৰা হৈছিল।
ড° ৰাধাকৃষ্ণণে মাদ্ৰাজৰ খ্ৰীষ্টান কলেজত দৰ্শন বিজ্ঞান অধ্যয়ন কৰিছিল। তেওঁক ভাৰতৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ দাৰ্শনিক হিচাপে গণ্য কৰা হয়। ডিগ্ৰী সাং কৰাৰ পিছত তেওঁ মাদ্ৰাজ প্ৰেচিডেন্সি কলেজত দৰ্শন বিভাগৰ অধ্যাপক হয়। ইয়াত কিছুদিন কটোৱাৰ পাছত মহীশূৰ বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে শিশুসকলক দৰ্শন বিজ্ঞানৰ শিক্ষা দিছিল। ড° ৰাধাকৃষ্ণনে ১৯৩৯ চনৰ পৰা ১৯৪৮ চনলৈকে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ চতুৰ্থ উপাচাৰ্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮৪ চনত তেওঁ মৰণোত্তৰভাৱে ভাৰতৰত্ন বঁটা লাভ কৰে।
১৯০৩ চনৰ ৮ মে’ত ১৪ বছৰ বয়সত ‘শিৱকামু’ নামৰ এগৰাকী ছোৱালীৰ সৈতে তেওঁৰ বিবাহ পাশত আৱদ্ধ হৈছিল। তেতিয়া তেওঁৰ পত্নীৰ বয়স আছিল মাত্ৰ ১০ বছৰ। শিৱকামুৰ তেলেগু ভাষাত ভাল জ্ঞান আছিল। তেওঁ ইংৰাজী ভাষাতো লিখিব, পঢ়িব পাৰিছিল। ১৯০৭ চনত তেওঁ প্ৰথম শ্ৰেণীৰ সৈতে কলা শাখাত স্নাতক ডিগ্ৰী আৰু দৰ্শনত সুখ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯০৮ চনত তেওঁলোকৰ এটি কন্যা সন্তান জন্ম হৈছিল। মাত্ৰ ২০ বছৰ বয়সতে স্নাতকোত্তৰ লাভ কৰাৰ লগতে এজন ৰাধাকৃষ্ণণ বিদগ্ধ পণ্ডিত হৈ পৰিছিল।
কেৱল শিক্ষা ক্ষেত্ৰতেই নহয়, ৰাজনৈতিক ক্ষেত্ৰতো তেওঁৰ অৱদান আছিল অতুলনীয়। তেওঁ ১৯৫২ চনৰ পৰা ১৯৬২ চনলৈ ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি আৰু ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈ ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৪৯ চনৰ পৰা ১৯৫২ চনলৈ ছোভিয়েট ইউনিয়নত ভাৰতৰ ৰাষ্ট্ৰদূত আছিল।
১৯৬২ চনত সৰ্বপল্লী ৰাধাকৃষ্ণণ ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি হোৱাৰ সময়ত তেওঁৰ একাংশ প্ৰাক্তন ছাত্ৰই জন্মদিন পালন কৰিবলৈ বিচাৰিছিল। তেতিয়া তেওঁ কৈছিল- মোৰ জন্মদিন পালন কৰাতকৈ ৫ ছেপ্টেম্বৰৰ দিনটো যদি শিক্ষক দিৱস হিচাপে পালন কৰা তেন্তে এয়া মোৰ বাবে বৰ সৌভাগ্য হ’ব। তেতিয়াৰ পৰাই প্ৰতি বছৰে ৫ ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে। ড° ৰাধাকৃষ্ণণে তেওঁৰ লেখা আৰু ভাষণৰ জৰিয়তে বিশ্ববাসীক ভাৰতীয় দৰ্শনৰ সৈতে পৰিচয় কৰাই দিছিল। তেওঁৰ লেখাৰ প্ৰশংসা সমগ্ৰ বিশ্বতে হৈছিল। ভাৰতীয় দৰ্শন আৰু ভাৰতীয় ধৰ্মৰ বিষয়ে তেওঁ গভীৰভাৱে অধ্যয়ন কৰিছিল। তেওঁৰ প্ৰথম দৰমহা আছিল মাত্ৰ ৩৭ টকা।
ৰাধাকৃষ্ণণে প্ৰায় ৪০ বছৰ শিক্ষকতা কৰিছিল আৰু শিক্ষক সমাজৰ বাবে কাম কৰি গৈছিল। ছাত্ৰ- ছাত্ৰীসকলৰ মাজতো আছিল তেওঁৰ বিশেষ জনপ্ৰিয়তা। ১৯১২ চনত ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ “মনোবিজ্ঞানৰ অত্যাৱশ্যকীয় উপাদান” শীৰ্ষক এখন সৰু পুস্তিকাও প্ৰকাশ পাইছিল। এয়া আছিল তেওঁৰ শ্ৰেণীত দিয়া বক্তৃতাৰ সংকলন। সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জ্ঞানৰ পৰিধি আমি শব্দৰে জুখিব নোৱাৰো। তেওঁ আছিল এজন মহান মনিষী, দাৰ্শনিক আদি। ৰাধাকৃষ্ণণৰ বানীয়ে আজিও মানুহক প্ৰেৰণা যোগায়। তেওঁৰ মৃত্যু হৈছিল ৮৬ বছৰ বয়সত ১৭ এপ্ৰিল ১৯৭৫ চনত।