নাই অক্সিজেন, নাই খাদ্য! ৫ দিন ধৰি সুৰংগৰ ভিতৰত আৱদ্ধ ৮ শ্ৰমিক, কেনে আছে তেওঁলোক…
যোৱা ৫ টা দিন ধৰি সুৰংগৰ ভিতৰত আৱদ্ধ ৮জনকৈ শ্ৰমিক। নাই অক্সিজেন, নাই খোৱা পানী। বৰ্তমান শ্ৰমিকসকলক উদ্ধাৰৰ বাবে সকলো চেষ্টা অব্যাহত আছে যদিও সফল হোৱা নাই উদ্ধাৰকাৰী দল।

৫ টা দিন উকলিল, কিন্তু আজিও সুৰংগৰ ভিতৰত আৱদ্ধ হৈ আছে ৮জনকৈ শ্ৰমিক। প্ৰশ্ন হয়, কুশলে আছেনে তেওঁলোক? তেলেংগানাৰ নগৰকুৰনুল জিলাৰ শ্ৰীশৈলাম লেফ্ট বেংক কৈনাল (এছ এল বি চি)ৰ সুৰংগত আৱদ্ধ হৈ আছে এই শ্ৰমিকসকল। ঘটনাৰ দিনাৰ পৰা তেওঁলোকক উদ্ধাৰৰ বাবে অহৰহ চেষ্টা চলাই থকা হৈছে যদিও এতিয়ালৈকে সফল হোৱা নাই উদ্ধাৰকাৰী দল। আনকি এতিয়ালৈকে শ্ৰমিকসকলৰ সৈকে কোনো যোগাযোগো স্থাপন কৰিব পৰা নাই। ইয়াৰ মাজতে মঙলবাৰে NDRF বাহিনীয়ে সুৰংগ ভাঙি পৰা স্থানত উপস্থিত হ’বলৈ সক্ষম হয়। যোৱা ৪-৫ দিন এই স্থান বোকা ,পানী, ধ্বংসাৱশেষেৰে ভৰি আছিল। যাৰ বাবে দলটোৱে তাত উপস্থিত হ’ব পৰা নাছিল।
বাকী কামখিনি ৰেট মাইনাৰ্ছৰ হাতত গতাই দিয়া হৈছে। ৰেট মাইনাৰ্ছে ২০২৩ চনত উত্তৰাখণ্ডৰ ছিল্ক্যাৰা সুৰংগত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক নিৰাপদে উদ্ধাৰ কৰিছিল। বৰ্তমান তেওঁলোকে পথৰ মূল্যায়ন কৰি আছে। প্ৰথম অৱস্থাত দলটোৱে ভিতৰলৈ গৈ পৰিস্থিতিতৰ মূল্যায়ন। ইয়াৰোপৰি উদ্ধাৰকাৰী দলটোৱে সুৰংগটোৰ মাটি আৰু ধ্বংসাৱশেষ আঁতৰ কৰাৰ বিকল্প ব্যৱস্থাৰ সন্ধান কৰি আছে।
তথ্য অনুসৰি জানিব পৰা মতে, আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ বাবে সুৰংগৰ দুৰ্গম এলেকাত থাৰ্মোকল নাৱেই উদ্ধাৰকাৰী দলটোক সহায় কৰিব। অৱশ্যে এই শ্ৰমিকসকল জীয়াই থকাৰ সম্ভাৱনা এতিয়া কম। ২২ ফেব্ৰুৱাৰীৰ পুৱা প্ৰায় ৮:৩০ বজাৰ পৰা আৱদ্ধ হৈ আছে শ্ৰমিকসকল।
ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী ভট্টি বিক্ৰমাৰ্কাই কয় যে, সুৰংগটো ভাঙি পৰাৰ বাবে ধ্বংসাৱশেষ আৰু পানী ভৰি আছে। যাৰ বাবে উদ্ধাৰকাৰী দলটোৱে সুৰংগটোত অক্সিজেন যোগান ধৰা আৰু পানী আঁতৰ কৰাৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে। ইয়াৰোপৰি সুৰংগটোৰ মাটি আৰু ধ্বংসাৱশেষ আঁতৰোৱাৰ বাবে সকলো চেষ্টা অব্যাহত আছে বুলি তেওঁ কয়।
উল্লেখ্য যে, শ্ৰমিকসকলৰ এই অভিযানত নিয়োজিত হৈ আছে ১১টা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক সংস্থা। ইয়াৰ ভিতৰত আছে সেনা, নৌসেনা, মাৰ্কছ কমাণ্ডোছ, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, মৰ্ফ, চিংগাৰেনি, হাইড্ৰা, ভাৰতীয় ভূতাত্ত্বিক জৰীপ, নৱযুগা আৰু এল এণ্ড টি সুৰংগ বিশেষজ্ঞ আৰু নেশ্যনেল জিঅ’ফিজিকেল ৰিচাৰ্চ ইনষ্টিটিউট (এন জি আৰ আই)।
ঘটনা সন্দৰ্ভত উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, যেতিয়ালৈকে শ্ৰমিকসকলক উদ্ধাৰ কৰা নহয়, তেতিয়ালৈকে উদ্ধাৰ অভিযান বন্ধ নহয়। ইতিমধ্যে ঘটনাস্থলীত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বহু বিশেষজ্ঞৰ দল উপস্থিত হৈ পৰিস্থিতি সন্দৰ্ভত বুজ লৈ আছে। গতিকে আশা কৰা হৈছে এই শ্ৰমিকসকলক উদ্ধাৰ কৰিব পৰা যাব।
অন্য খবৰ পঢ়কঃ ৩০ ঘন্টা ধৰি সুৰংগৰ ভিতৰত আৱদ্ধ ৮ শ্ৰমিক, চাৰিওফাল ভৰি পৰিছে পানী আৰু বোকাৰে