সুৰংগৰ ভিতৰতে জীৱনৰ শেষ উশাহ ল’ব ৮ শ্ৰমিকে! কেবিনেট মন্ত্ৰীৰ ভাষ্যই দিলে তাৰেই ইংগিত

শনিবাৰে তেলেংগানাৰ এক নিৰ্মাণৰত সুৰংগৰ এটা অংশ খহি পৰাৰ ফলত কৰ্মৰত অৱস্থাতে সুৰংগৰ ভিতৰত আৱদ্ধ হৈ পৰে ৮ জন শ্ৰমিক। এই শ্ৰমিকসকলক উদ্ধাৰৰ বাবে এতিয়াও অব্যাহত আছে উদ্ধাৰ অভিযান। পিছে এতিয়া এই শ্ৰমিকসকলৰ জীয়াই থকাৰ সম্ভাৱনা তেনেই ক্ষীণ বুলি মন্তব্য কৰিছে ৰাজ্যখনৰ এগৰাকী মন্ত্ৰীয়ে।

সুৰংগৰ ভিতৰতে জীৱনৰ শেষ উশাহ ল’ব ৮ শ্ৰমিকে! কেবিনেট মন্ত্ৰীৰ ভাষ্যই দিলে তাৰেই ইংগিত

ঘটনাস্থলীত অব্যাহত উদ্ধাৰ অভিযান

Published: 

24 Feb 2025 13:37 PM

যোৱা শনিবাৰে তেলেংগানাত সংঘটিত হৈছিল এক ভয়ংকৰ দুৰ্ঘটনা। এক নিৰ্মাণৰত সুৰংগৰ এটা অংশ খহি পৰাৰ ফলত কৰ্মৰত অৱস্থাতে সুৰংগৰ ভিতৰত আৱদ্ধ হৈ পৰে ৮ জন শ্ৰমিক। এই শ্ৰমিকসকলক উদ্ধাৰৰ বাবে এতিয়াও অব্যাহত আছে উদ্ধাৰ অভিযান। ঘটনাৰ দুটা দিন অতিক্ৰম কৰাৰ পিছত এই শ্ৰমিকসকল জীয়াই থকাৰ সম্ভাৱনা ক্ৰমাৎ ক্ষীণ হৈ পৰিছে। এতিয়া তেলেংগানা চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰীয়ে মুকলিকৈ তেনে সম্ভাৱনাই প্ৰকাশ কৰিছে। সুৰংগৰ এই দুৰ্ঘটনা সন্দৰ্ভত তেলেংগানাৰ মন্ত্ৰী জুপল্লী কৃষ্ণ ৰাৱে এক বিবৃতি প্ৰকাশ কৰিছে।

সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে শ্ৰীশৈলাম লেফ্ট বেংক কেনেলৰ সুৰংগৰ ভিতৰত আবদ্ধ হৈ থকা ৮ জন শ্ৰমিকৰ জীয়াই থকাৰ সম্ভাৱনা অতি ক্ষীণ বুলি মন্তব্য কৰিছে। অৱশ্যে তেওঁলোকক উদ্ধাৰ কৰাৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হৈছে বুলিও তেওঁ দোহাৰে। মন্ত্ৰীগৰাকীয়ে লগতে সুৰংগটো বোকা আৰু পানীৰে ভৰি পৰাত আৱদ্ধ লোকসকলক উদ্ধাৰ কৰিবলৈ কমেও তিনি-চাৰি দিন সময় লাগিব বুলি জানিবলৈ দিয়ে।

বোকা আৰু পানীৰে সুৰংগটো ভৰি পৰাৰ ফলত উদ্ধাৰকাৰী দলটোৰ বাবে উদ্ধাৰৰ কাম অত্যন্ত কঠিন কামত পৰিণত হৈছে। সংবাদ সংস্থা পিটিআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মন্ত্ৰী কৃষ্ণ ৰাৱে কয় যে তেওঁ নিজেই দুৰ্ঘটনাস্থলীৰ পৰা প্ৰায় ৫০ মিটাৰ দূৰত্বলৈ প্ৰত্যক্ষ কৰি পৰিস্থিতিৰ বুজ লৈছে। ঘটনাস্থলীৰ পৰিস্থিতি চাই শ্ৰমিকসকলৰ জীয়াই থকাৰ সম্ভাৱনা অত্যন্ত ক্ষীণ বুলি তেওঁ স্পষ্টকৈ উল্লেখ কৰে।

ঘটনাস্থলীত তোলা ফটোত ৯ মিটাৰ ব্যাসৰ সুৰংগটোত থকা ৩০ ফুটৰ ভিতৰত প্ৰায় ২৫ ফুটমান বোকাৰে ভৰি পৰা বুলি তেওঁ জানিবলৈ দিছে। শ্ৰমিকসকলক উদ্দেশ্যি নাম মতাৰ সময়ত তেওঁলোকৰ পৰা কোনো সঁহাৰি লাভ কৰা নাছিল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে এনে অৱস্থালৈ চাই তেওঁলোকৰ জীয়াই থকাৰ সম্ভাৱনা কম যেন অনুভৱ হৈছে বুলি মন্তব্য কৰে। তেওঁ লগতে বহু অত্যাধুনিক মেচিনৰ সহায়ত উদ্ধাৰ অভিযান চলাই থকা হৈছে বুলি জানিবলৈ দিয়ে।

সুৰংগৰ ভিতৰলৈ অক্সিজেন যোগান ধৰাৰ লগতে পানী আঁতৰোৱাৰ কাম অবিৰতভাৱে চলি আছে বুলিও তেওঁ লগতে কয়। যোৱা ৪৮ ঘণ্টা ধৰি সুৰংগটোত আবদ্ধ হৈ থকা লোকসকলক ইতিমধ্যে চিনাক্ত কৰা হৈছে। আৱদ্ধ লোকসকলক উত্তৰ প্ৰদেশৰ মনোজ কুমাৰ আৰু শ্ৰী নিভাছ, জম্মু-কাশ্মীৰৰ ছানী সিং, পঞ্জাৱৰ গুৰপ্ৰীত সিং আৰু ঝাৰখণ্ডৰ পৰা সন্দীপ সাহু, জগতা জেছ, সন্তোষ সাহু আৰু অনুজ সাহু বুলি চিনাক্ত কৰিছে কৰ্তৃপক্ষই।

আপোনাৰ ছাল শুকান নেকি? তেন্তে ব্যৱহাৰ নকৰিব এইসমূহ সামগ্ৰী..
লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...