বিৰিয়ানি খোৱাৰ পূৰ্বে সাৱধান! চিকেন বিৰিয়ানিয়ে প্ৰাণ ল’লে যুৱতীৰ, সংকটজনক অৱস্থাত কেইবাজনকো চিকিৎসালয়ত ভৰ্তি

চিকেন বিৰিয়ানি খোৱাৰ পাছত অসুস্থ হৈ পৰে ১৯ বছৰীয়া যুৱতীগৰাকী। ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসা চলি থকা সময়তে মৃত্যু হয় যুৱতীগৰাকীৰ। এই সন্দৰ্ভত আৰক্ষী থানাৰ এজাহাৰ দাখিল কৰে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে। ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

বিৰিয়ানি খোৱাৰ পূৰ্বে সাৱধান! চিকেন বিৰিয়ানিয়ে প্ৰাণ ললে যুৱতীৰ, সংকটজনক অৱস্থাত কেইবাজনকো চিকিৎসালয়ত ভৰ্তি

চিকেন বিৰিয়ানিয়ে প্ৰাণ ল'লে যুৱতীৰ!

Updated On: 

06 Nov 2024 16:20 PM

সাধাৰণতে আমি সু-স্বাদু খাদ্যৰ সন্ধানত বিভিন্ন হোটেল অথবা ৰেষ্টুৰেণ্টলৈ যাও। পৰিয়ালৰ সৈতে অথবা বন্ধুৰ সৈতে সময় কটাই বাহিৰৰ খাদ্য গ্ৰহণ কৰো।  কিন্তু এই খাদ্যই আপোনাৰ জীৱনলৈ বিপদ নমাই আনিব পাৰে। বিভিন্ন সময়ত বাহিৰৰ খাদ্য গ্ৰহণ কৰি অসুস্থ হোৱাৰ খবৰ আমি পাই থাকো। তথাপিও যেন আমি সজাগ নহয়। বিভিন্ন সময়ত প্ৰশাসনে অভিযান চলাই তেনেকুৱা বহু হোটেল, ৰেষ্টুৰেণ্ট বন্ধ কৰে যিবোৰত অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য ৰন্ধা হয়। গুৱাহাটী মহানগৰীটো বিগত  কেইবাদিনত বহু কেইখন নামি-দামি  ৰেষ্টুৰেণ্ট ছীল কৰিছে প্ৰশাসনে। এই ক্ষেত্ৰত মানুহে বাহিৰৰ খাদ্য গ্ৰহণ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয় হৈ পৰিছে।

প্ৰায় মানুহৰে বিৰিয়ানি প্ৰিয় খাদ্য। যদি আপুনিও বিৰিয়ানী খাই ভাল পায়, তেন্তে সাৱধান হওক! কাৰণ বিৰিয়ানি খাই প্ৰাণ গ’ল এগৰাকী যুৱতীৰ। চিকেন বিৰিয়ানি খোৱাৰ পাছত অসুস্থ হৈ পৰে যুৱতীগৰাকী, লগতে গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল আন কেইবাজনো লোক। তেলেংগানাৰ হায়দৰাবাদত সংঘটিত হৈছে এই ঘটনা। চিকেন বিৰিয়ানি খাই এগৰাকী ১৯ বছৰীয়া যুৱতী অসুস্থ হৈ পৰে। তেওঁক তৎক্ষণাৎ চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল কিন্তু চিকিৎসাৰ সময়তে তেওঁৰ মৃত্যু হয়।

অসুস্থ আন ১৫জনক নিৰ্মল জিলা কেন্দ্ৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দুদিন পূৰ্বে, বোথ মণ্ডল চেণ্টাৰস্থিত ছেইণ্ট থমাছ স্কুলৰ পাঁচগৰাকী কৰ্মচাৰীয়ে নিৰ্মলৰ গ্ৰিল নাইন হোটেলত একেলগে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিছিল। য’ত তেওঁলোকে চিকেন বিৰিয়ানি খাইছিল। তাৰ পিছত ফুল কালিবাই নামৰ এগৰাকী ১৯ বছৰীয়া যুৱতীৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। যুৱতীগৰাকীৰ লগতে আন ৪জনক সংকটজনক অৱস্থাক কামাৰেড্ডীলৈ প্ৰেৰণ কৰা হৈছিল।

যুৱতীগৰাকীৰৰ মৃত্যুৰ পিছত, পৰিয়ালে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল। ইফালে, বিদ্যালয়খনৰ স্বত্বাধিকাৰীয়ে গ্ৰিল নাইন মাল্টি-কুইজিন ৰেষ্টুৰেণ্টৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীৰে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে। SSI প্ৰবীণ কুমাৰে জনোৱা মতে বিষয়টোৰ তদন্ত চলি আছে আৰু আৰক্ষীয়ে পৰৱৰ্তী পদক্ষেপত গ্ৰহণ কৰিছে।

কেৱল এয়াই নহয়, ৪ নৱেম্বৰৰ সোমবাৰে নিশা গ্ৰীল নাইন মাল্টি-কুইজিন হোটেলত খাদ্য খাই প্ৰায় ২০জন লোকও অসুস্থ হৈ পৰাৰ খবৰ পোৱা গৈছে। তেওঁলোকৰ দুজনৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে। মৃত ছোৱালীজনীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰিল নাইন ৰেষ্টুৰেণ্টৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছে৷ শেহতীয়াকৈ হায়দৰাবাদত ম’মো খাই এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে আৰু ৫০জন লোক অসুস্থ হৈ পৰিছিল। এতিয়া বিৰিয়ানী খোৱাৰ পিছত এনে ঘটনা পোহৰলৈ আহিছে৷

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস