শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দোষীক ৰেহাই দিয়া নহয় ! পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পাছতে জম্মু-কাশ্মীৰলৈ ৰাওনা অমিত শ্বাহ…

জম্মু-কাশ্মীৰৰ পৰিস্থিতিৰ বুজ ল’বলৈ মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শ্ৰীনগৰলৈ ৰাওনা হয়। পিটিআইৰ এক প্ৰতিবেদন অনুসৰি, এই আক্ৰমণ সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে দুদিনীয়া ছৌদি আৰৱ ভ্ৰমণত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে। ঘটনা সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে জম্মু-কাশ্মীৰলৈ যাবলৈও নিৰ্দেশ দিয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

দোষীক ৰেহাই দিয়া নহয় ! পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পাছতে জম্মু-কাশ্মীৰলৈ ৰাওনা অমিত শ্বাহ…
পহলগামত সন্ত্ৰাসবাদী আক্ৰমণImage Credit source: PTI
manas-borah
Manas Borah | Updated On: 22 Apr 2025 19:40 PM

জম্মু-কাশ্মীৰৰ পহলগামত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হৈছে । পহলগামৰ পৰ্যটকলৈ লক্ষ্য কৰি এই আক্ৰমণ সংঘটিত কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে । প্ৰকাশিত খবৰ অনুসৰি এই আক্ৰমণত এজন লোক নিহত হোৱাৰ বিপৰীতে কেইবাজনো লোক আহত হয়। আহত লোকসকল ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আক্ৰমণৰ খবৰ লাভ কৰাৰ পাছতে নিৰাপত্তাৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় । ইতিমধ্যে সমগ্ৰ অঞ্চলটোত তালাচী অভিযান আৰম্ভ কৰিছে সেনাই।

জম্মু-কাশ্মীৰ অভিমুখে ৰাওনা গৃহমন্ত্ৰীৰ

এই ঘটনা সংঘটিত হোৱাৰ পাছতে জম্মু-কাশ্মীৰৰ পৰিস্থিতিৰ বুজ ল’বলৈ মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শ্ৰীনগৰলৈ ৰাওনা হয়। পিটিআইৰ এক প্ৰতিবেদন অনুসৰি, এই আক্ৰমণ সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে দুদিনীয়া ছৌদি আৰৱ ভ্ৰমণত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে। ঘটনা সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে জম্মু-কাশ্মীৰলৈ যাবলৈও নিৰ্দেশ দিয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইয়াৰ পাছতে শ্বাহে জম্মু-কাশ্মীৰ অভিমুখে ৰাওনা হয় বুলি জানিব পৰা গৈছে ।

গৃহমন্ত্ৰীগৰাকীয়ে ‘এক্স’ৰ এটা পোষ্টত কয় যে, তেওঁ প্ৰধানমন্ত্ৰীক এই বিষয়ে অৱগত কৰিছে আৰু প্ৰধানমন্ত্ৰীগৰাকী ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সংশ্লিষ্ট বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈছে। শ্ৰীনগৰত শ্বাহে সকলো সংস্থাৰ সৈতে জৰুৰী নিৰাপত্তা পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিব।

ইফালে, কোৱা হৈছে যে সন্ত্ৰাসবাদী দলটো আৰক্ষীৰ পোছাক পৰিধান কৰি আহিছিল। এই আক্ৰমণত মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

এই জঘন্য কাণ্ডৰ আঁৰত থকা সকলক ৰেহাই দিয়া নহয় : প্ৰধানমন্ত্ৰী

এক্স হেণ্ডেলত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়,”জম্মু-কাশ্মীৰৰ পহলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিছো। যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিলোঁ। আহতসকল সোনকালে আৰোগ্য লাভ কৰিবলৈ প্ৰাৰ্থনা জনাইছো। ক্ষতিগ্ৰস্তসকলক সকলো ধৰণৰ সাহায্য প্ৰদান কৰা হৈছে।”

“এই জঘন্য কাণ্ডৰ আঁৰত থকা সকলক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব । তেওঁলোকক ৰেহাই দিয়া নহয় ! তেওঁলোকৰ নিকৃষ্ট এজেণ্ডা কেতিয়াও সফল নহ’ব। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ আমাৰ সংকল্প অদম্য আৰু ই আৰু অধিক শক্তিশালী হ’ব।” এই দৰে কয় প্ৰধানমন্ত্ৰীয়ে ।

গৃহমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

গৃহমন্ত্ৰী অমিত শ্বাহে কয়, “কাশ্মীৰ ! মোৰ চিন্তা মৃতকৰ পৰিয়ালৰ সদস্যসকলৰ লগত। এই সন্ত্ৰাসবাদী কাৰ্যৰ সৈতে জড়িতসকলক ৰেহাই দিয়া নহ’ব আৰু দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আগবাঢ়ি যাম ।”

তেওঁ লগতে জানিবলৈ দিয়ে যে, এই ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সংশ্লিষ্ট বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। অতি সোনকালেই সকলো সংস্থাৰ সৈতে জৰুৰী নিৰাপত্তা পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিবলৈ শ্ৰীনগৰলৈ ৰাওনা হ’ব।