উপভোগ কৰা নহ’ল ‘মিনি ছুইজাৰলেণ্ড’ৰ নান্দনিক দৃশ্য ! পহলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত ২৬ জন, শ্ৰীনগৰত উপস্থিত অমিত শ্বাহ…
পহলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত এতিয়ালৈকে ২৬ জন লোক নিহত হোৱাৰ খবৰ লাভ কৰা গৈছে । নিহত লোকসকলৰ মাজৰ বেছি সংখ্যকেই পৰ্যটক বুলি জানিব পৰা গৈছে । ইফালে, কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতি পুনৰীক্ষণ কৰিবলৈ শ্ৰীনগৰত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

পহলগাম সন্ত্ৰাসবাদীৰ আক্ৰমণ
কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণত এতিয়ালৈকে ২৬ জন লোক নিহত হোৱাৰ খবৰ লাভ কৰা গৈছে । নিহত লোকসকলৰ মাজৰ বেছি সংখ্যকেই পৰ্যটক বুলি জানিব পৰা গৈছে । ইফালে, এই আক্ৰমণ সংঘটিত হোৱাৰ পাছতে কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতি পুনৰীক্ষণ কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শ্ৰীনগৰত উপস্থিত হৈছে।
প্ৰকাশিত খবৰ অনুসৰি, আক্ৰমণত নিহত ২৬ জনৰ ভিতৰত দুজন বিদেশী আৰু দুজন স্থানীয় লোক আছে বুলি সবিশেষ তথ্য নোপোৱাকৈ এজন উচ্চপদস্থ বিষয়াই জানিবলৈ দিছে। জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই এই সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিছে । পহলগামৰ পৰা প্ৰায় ছয় কিলোমিটাৰ দূৰত্বত অৱস্থিত বৈছাৰণ ঘন বনাঞ্চল আৰু পাহাৰেৰে আবৃত এখন বিস্তৃত অঞ্চলত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পৰ্যটকৰ ওপৰত এই আক্ৰমণ সংঘটিত হয় ।
কাশ্মীৰত পৰ্যটকক লক্ষ্য কৰি সংঘটিত কৰা সন্ত্ৰাসবাদী আক্ৰমণৰ খবৰ বিয়পি পৰাৰ লগে লগে নিষিদ্ধ পাকিস্তানস্থিত লস্কৰ-ই-তৈবা (লেট) সন্ত্ৰাসবাদী সংগঠনৰ সহযোগী গোট দ্য ৰেজিষ্টেন্স ফ্ৰন্ট (টি আৰ এফ)য়ে ইয়াৰ দায়িত্ব স্বীকাৰ কৰে।
ইফালে, এই আক্ৰমণ সংঘটিত হোৱাৰ কেইঘণ্টামানৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লৰালৰিকৈ শ্ৰীনগৰলৈ ৰাওনা হয় আৰু শ্ৰীনগৰ বিমানবন্দৰৰ পৰা পোনে পোনে ৰাজভৱনলৈ যায়। জম্মু-কাশ্মীৰ আৰক্ষীৰ সঞ্চালক প্ৰধান নলিন প্ৰভাতে ঘটনাৰ সন্দৰ্ভত গৃহমন্ত্ৰীক অৱগত কৰে। ব্রিফিঙৰ সময়ত উপ-ৰাজ্যপাল মনোজ সিনহা, মুখ্যমন্ত্রী ওমৰ আব্দুল্লা, কেন্দ্রীয় গৃহ সচিব গোবিন্দ মোহন আৰু চোৰাংচোৱা ব্যুৰোৰ সঞ্চালক তপন ডেকা উপস্থিত থাকে৷
ইয়াৰ পূৰ্বে বিষয়াসকলে কয় যে, শ্বাহে নিৰাপত্তাৰক্ষীৰ উচ্চ পৰ্যায়ৰ বৈঠকৰ অধ্যক্ষতা কৰাৰ কথা আছিল। বুধবাৰে গৃহমন্ত্ৰীগৰাকীয়ে পহলগাম ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে বুলিও জানিবলৈ দিছে বিষয়াসকলে ।