শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Jammu & Kashmir Terrorists attack: ৰক্তাক্ত ভূ-স্বৰ্গ, সন্ত্ৰাসবাদীৰ গুলীত নিহত পৰ্যটক

জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীয়ে পৰ্যটকৰ ওপৰত গুলীচালনা কৰিছে। এই ঘটনাত এজন পৰ্যটকৰ মৃত্যু হোৱাৰ বিপৰীতে ৫জন পৰ্যটক আহত হৈছে। তথ্য লাভ কৰাৰ পিছতে নিৰাপত্তাৰক্ষীৰ দলটোৱে সেই স্থানত উপস্থিত হৈ অঞ্চলটোত তালাচী অভিযান আৰম্ভ কৰে।

Jammu & Kashmir Terrorists attack: ৰক্তাক্ত ভূ-স্বৰ্গ, সন্ত্ৰাসবাদীৰ গুলীত নিহত পৰ্যটক
ৰক্তাক্ত ভূ-স্বৰ্গ, সন্ত্ৰাসবাদীৰ গুলীত নিহত পৰ্যটক
barasha-misra
Barasha Misra | Updated On: 22 Apr 2025 17:49 PM

জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদী আক্ৰমণ। এই আক্ৰমণ পৰ্যটকলৈ লক্ষ্য কৰি চলোৱা হৈছিল, য’ত ১ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৫ জন লোক আহত হয়। আহতসকলক চিকিৎসাৰ বাবে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আক্ৰমণৰ তথ্য লাভ কৰাৰ লগে লগে নিৰাপত্তাৰক্ষীৰ দলটোৱে সেই স্থানত উপস্থিত হৈ সমগ্ৰ অঞ্চলটো খালী কৰি তালাচী অভিযান আৰম্ভ কৰে।

বহু বছৰৰ পাছত দেখা গৈছে যে, এইদৰে সন্ত্ৰাসবাদীয়ে পৰ্যটকক লক্ষ্য কৰি লৈছে। পূৰ্বতে সন্ত্ৰাসবাদীয়ে নিৰাপত্তা বাহিনী বা আন লোককো লক্ষ্য কৰি লৈছিল যদিও এইবাৰ তেওঁলোকৰ লক্ষ্য নিৰীহ পৰ্যটক। ঘোঁৰাত উঠি থকা অৱস্থাত পৰ্যটকক লক্ষ্য কৰি লৈছিল সন্ত্ৰাসবাদীয়ে।

আহত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব পাৰে

প্ৰথম অৱস্থাত এই আক্ৰমণত ১০ জন পৰ্যটক আহত হোৱাৰ খবৰ আহিছিল যদিও এতিয়া পৰিস্থিতি স্পষ্ট হৈ পৰিছে। প্ৰায় ছয়জন পৰ্যটকক আক্ৰমণ কৰা হয় য’ত এজনৰ মৃত্যু হোৱাৰ বিপৰীতে ৫জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। পৰ্যটকৰ লগতে এই আক্ৰমণত স্থানীয় একাংশ লোকো আহত হৈছে।

পহলগাম পৰ্যটকৰ প্ৰিয় ঠাই

দৰাচলতে যোৱা কেইমাহমানৰ পৰা জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী নিৰ্মূলৰ বাবে বৃহৎ পৰিসৰৰ অভিযান চলোৱা হৈছে। নিৰাপত্তা বাহিনীৰ এই অভিযানত সন্ত্ৰাসবাদীক আতংকিত কৰি তুলিছিল । সেইবাবেই তেওঁলোকে সাধাৰণ জনতাক লক্ষ্য কৰি লৈছে। গ্ৰীষ্মকালীন ছুটীও আৰম্ভ হৈছে, গতিকে বৃহৎ সংখ্যক পৰ্যটকে পৰিয়ালৰ সৈতে ভ্ৰমণ কৰিবলৈ এনে স্থানলৈ যায়। গ্ৰীষ্ম বন্ধৰ দিনত পহলগামত পৰ্যটকৰ যথেষ্ট উপস্থিতি দেখা যায়।

আন পৰ্যটকক পহলগামলৈ যাবলৈ বাধা প্ৰদান

সূত্ৰ অনুসৰি, সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত নিৰাপত্তা বাহিনী আৰু স্থানীয় আৰক্ষীয়ে আন পৰ্যটকক পহলগামলৈ যোৱাত সাময়িকভাৱে নিষেধাজ্ঞা আৰোপ কৰিছে। সমগ্ৰ অঞ্চলটো খালী কৰি প্ৰতিটো কোণত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে যাতে তাত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীক নিৰ্মূল কৰিব পৰা যায়।

ৰবীন্দ্ৰ ৰাইনাই কয়- সন্ত্ৰাসবাদীক ৰেহাই দিয়া নহ’ব

জম্মু-কাশ্মীৰৰ বিজেপি নেতা ৰবীন্দ্ৰ ৰাইনাই কয় যে দক্ষিণ কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত সন্ত্ৰাসবাদীক শীঘ্ৰে নিৰ্মূল কৰা হ’ব। সন্ত্ৰাসবাদীক সহায় কৰাসকলকো ৰেহাই দিয়া নহ’ব। এই কাপুৰুষ পাকিস্তানী সন্ত্ৰাসবাদীয়ে কাশ্মীৰ ভ্ৰমণ কৰিবলৈ অহা নিৰস্ত্ৰ আৰু নিৰীহ পৰ্যটকক লক্ষ্য কৰি লৈছে। আহত অৱস্থাত একাংশ পৰ্যটকক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সমগ্ৰ অঞ্চলটো ঘেৰাও কৰিছে সেনা আৰক্ষীয়ে। সন্ত্ৰাসবাদীক তেওঁলোকৰ অপৰাধৰ শাস্তি দিয়া হ’ব।

‘কাশ্মীৰ ৰেজিষ্টেন্স’ৰ পোষ্ট

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত এজন পৰ্যটকে প্ৰাণ হেৰুৱাৰ বিপৰীতে ৭ জন লোক আহত হয়। গুৰুতৰভাৱে আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ছ’চিয়েল মিডিয়াত এটা পোষ্ট ওলোৱাৰ বাবেই এই আক্ৰমণ সংঘটিত কৰিছে সন্ত্ৰাসবাদী সংগঠন ‘কাশ্মীৰ ৰেজিষ্টেন্স’ই।

Pahlgam

সন্ত্ৰাসবাদী সংগঠন ‘কাশ্মীৰ ৰেজিষ্টেন্সে’ ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয় যে, অস্থানীয় লোকক ৮৫ হাজাৰৰো অধিক আৱাস কাৰ্ড প্ৰদান কৰা হৈছে, যাৰ ফলত ইয়াত জনগাঁথনিগত পৰিৱৰ্তনৰ হৈছে। এই অস্থানীয় লোকসকলে পৰ্যটক হিচাপে আহি আৱাস অনুমতি লাভ কৰে আৰু তাৰ পিছত মাটিৰ মালিকৰ দৰে আচৰণ কৰিবলৈ আৰম্ভ কৰে। ফলত অবৈধভাৱে বসতি স্থাপন কৰিবলৈ চেষ্টা কৰাসকলৰ বিৰুদ্ধে হিংসা সংঘটিত হ’ব।