জম্মু-কাশ্মীৰত সেনাৰ কনভয়ত আক্ৰমণ সন্ত্ৰাসবাদীৰঃ অব্যাহত সেনাৰ অভিযান | Terrorists attack on army convoy in Jammu Kashmir Akhnoor Battal area Assam news - Assam Tv9

জম্মু-কাশ্মীৰত সেনাৰ কনভয়ত আক্ৰমণ সন্ত্ৰাসবাদীৰঃ অব্যাহত সেনাৰ অভিযান

আজি পুৱা জম্মু-কাশ্মীৰৰ আখনূৰৰ বটল অঞ্চলত সেনাবাহিনীৰ এক কনভয়ত আক্ৰমণ চলায় সন্ত্ৰাসবাদীয়ে। সেনাৰ কনভয়ত থকা এখন এম্বুলেন্স সন্ত্ৰাসবাদীৰ লক্ষ্য হৈ পৰে। অৱশ্যে সন্ত্ৰাসবাদীৰ এই আক্ৰমণত সেনাৰ কোনো কৰ্মীৰ ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে।

জম্মু-কাশ্মীৰত সেনাৰ কনভয়ত আক্ৰমণ সন্ত্ৰাসবাদীৰঃ অব্যাহত সেনাৰ অভিযান

প্ৰতিনিধিত্বমূলক ছবি

Published: 

28 Oct 2024 12:45 PM

জম্মু-কাশ্মীৰত ক্ৰমাৎ অধিক ৰূপত বৃদ্ধি পাইছে সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ। উপত্যকাটোত ইটোৰ পিছত সিটোকৈ সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণে নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। আজি পুনৰ জম্মু-কাশ্মীৰত সংঘটিত হৈছে সন্ত্ৰাসবাদী আক্ৰমণ। আজি পুৱা উপত্যকাটোৰ আখনূৰৰ বটল অঞ্চলত সেনাবাহিনীৰ এক কনভয়ত আক্ৰমণ চলায় সন্ত্ৰাসবাদীয়ে। সেনাৰ কনভয়ত থকা এখন এম্বুলেন্স সন্ত্ৰাসবাদীৰ লক্ষ্য হৈ পৰে। অৱশ্যে সন্ত্ৰাসবাদীৰ এই আক্ৰমণত সেনাৰ কোনো কৰ্মীৰ ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে।

হোৱাইট নাইট কৰ্পছে এক বিবৃতি যোগে উল্লেখ কৰা মতে সন্তাৰবাণী খণ্ডৰ আছানৰ সমীপত সন্ত্ৰাসবাদীয়ে পুৱা সেনাৰ কনভয়ৰ ওপৰত গুলীচালনা কৰে। সন্ত্ৰাসবাদীৰ এই আক্ৰমণৰ পিছত সেনাই লগে লগে প্ৰতিহতমূলক ব্যৱ্স্থা গ্ৰহণ কৰাৰ লগতে প্ৰত্যাক্ৰমণ চলায়। ইয়াৰ ফলত সন্ত্ৰাসবাদীৰ আক্ৰমণত কোনো হানি-বিঘিনি হোৱাৰ পৰা ৰক্ষা পৰে সেনাৰ কনভয়।

ইফালে আক্ৰমণৰ পিছতে সেনাই অঞ্চলটো ঘেৰি ধৰে। আক্ৰমণকাৰী সন্ত্ৰাসবাদী দলটোৰ সন্ধানত সেনাই অঞ্চলটোত অভিযান অব্যাহত ৰাখিছে বুলি হোৱাইট নাইট কৰ্পছে লগতে সদৰী কৰে। লক্ষণীয়ভাৱে যোৱা সপ্তাহতো জম্মু-কাশ্মীৰতো এনে এক আক্ৰমণ সংঘটিত হৈছিল। উপত্যকাটোত বাৰামুল্লা জিলাত সন্ত্ৰাসবাদীয়ে সেনাৰ বাহনত ] আক্ৰমণ চলাইছিল। এই আক্ৰমণত দুজন সৈনিক আৰু দুজন পৰ্টাৰ নিহত হয়।

কৰ্তৃপক্ষই সদৰী কৰা মতে, ৰাষ্ট্ৰীয় ৰাইফলছ ইউনিটৰ জোৱান আৰু পৰ্টাৰ কঢ়িয়াই অনা সেনাৰ এটা কনভয় আফৰাৱাট ৰেঞ্জৰ নগিন পোষ্টৰ দিশে গৈ থকাৰ সময়তে বোটাপাথ্ৰিত সন্ত্ৰাসবাদীয়ে দুখন ট্ৰাকত গুলীচালনা কৰিছিল। এই আক্ৰমণৰ পূৰ্বেও সন্ত্ৰাসবাদীয়ে জম্মু-কাশ্মীৰৰ গাণ্ডাৰবলৰ গগাংগীৰ অঞ্চলৰ এটা সুৰংগ নিৰ্মাণ স্থানত আক্ৰমণ চলাইছিল সন্ত্ৰাসবাদীয়ে। সন্ত্ৰাসবাদীৰ এই আক্ৰমণত ৬ জন শ্ৰমিক আৰু এজন চিকিৎসক নিহত হৈছিল।

পাকিস্তান ভিত্তিক সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ শাখা সংগঠন দ্য ৰেজিজটেন্স ফ্ৰণ্ট, চমুকৈ TRF-এ গাণ্ডাৰবলত সংঘটিত এই ভয়ংকৰ আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল। সন্ত্ৰাসবাদীৰ এই আক্ৰমণত নিহত শ্ৰমিকসকলৰ ভিতৰত ৫ গৰাকী আছিল প্ৰব্ৰজিত শ্ৰমিক। নিৰ্মাণ স্থলীৰ পৰা নিশা নিজ শিবিৰলৈ ঘূৰি অহাৰ সময়তে শ্ৰমিকসকলৰ ওপৰত এই ভয়াৱহ আক্ৰমণ চলাইছিল সত্ৰাসবাদীৰ দলটোৱে।

গাণ্ডাৰবলৰ এই আক্ৰমণৰ পিছতে কেন্দ্ৰীয় গৃ্হমন্ত্ৰী অমিত শ্বাহে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণৰ হুংকাৰ দিছিল। লগতে এনে জঘন্য কাণ্ডৰ লগত জড়িতসকলক ৰেহাই দিয়া নহ’ব বুলিও লগতে হুংকাৰ দিছিল গৃ্হমন্ত্ৰী শ্বাহে। কিন্তু ইয়াৰ পিছতো জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ কুচকাৱাজ অব্যাহত আছে। এনে ধৰণৰ আক্ৰমণেৰে উপত্যকাটোৰ পৰিৱেশ অস্থিৰ কৰি ৰাখিছে সন্ত্ৰাসবাদী গোটসমূহে।

শুভ ফল লাভৰ বাবে ঘৰৰ এই দিশত ৰোপণ কৰক এজোপা তুলসী গছ
মানস ৰাষ্ট্ৰীয় উদ্যানত পুনৰ দেখা গ'ল এছিয়াটিক সোণালী মেকুৰী...
শীতকালত শুকান ছালৰ যত্ন কিদৰে ল’ব?
শচীন-ৰোহিত নহয়, এইগৰাকী তাৰকাৰ নামত আছে অপেনাৰ হিচাপে সৰ্বাধিক শতকৰ অভিলেখ