জম্মু-কাশ্মীৰত পুনৰ প্ৰব্ৰজিত শ্ৰমিকলৈ গুলীচালনা সন্ত্ৰাসবাদীৰঃ দুজন আহত
জম্মু-কাশ্মীৰৰ বুডগাম জিলাৰ মাগামৰ মাঝামা অঞ্চলত সংঘটিত হৈছে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা। উপত্যকাটোত বাস কৰা প্ৰব্ৰজিত শ্ৰমিকক লক্ষ্য কৰি পুনৰ সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলায়। এই আক্ৰমণত আহত হৈছে দুজন শ্ৰমিক। আহত শ্ৰমিক দুজনক উত্তৰ প্ৰদেশৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে।
জম্মু-কাশ্মীৰত ক্ৰমাৎ অধিক উদ্বেগজনক ৰূপত বৃদ্ধি পাইছে সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ। ইটোৰ পিছত সিটোকৈ ধাৰাবাহিক কূটাঘাতৰ জৰিয়তে উপত্যকাটোত আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে সন্ত্ৰাসবাদী গোটে। বিশেষকৈ উপত্যকাটোত থকা প্ৰব্ৰজিত শ্ৰমিকসকল বিগত সময়ছোৱাত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ প্ৰধান লক্ষ্য হৈ পৰিছে। এনে কেইবাটাও আক্ৰমণত জম্মু-কাশ্মীৰত কেইবাগৰাকীও প্ৰব্ৰজিত শ্ৰমিকে প্ৰাণ হেৰুৱাইছে। শুকুৰবাৰে পুনৰ উপত্যকাটোত প্ৰব্ৰজিত শ্ৰমিকক লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলায়। এই আক্ৰমণত আহত হৈছে দুজন শ্ৰমিক।
উপত্যকাটোৰ বুডগাম জিলাৰ মাগামৰ মাঝামা অঞ্চলত সংঘটিত হৈছে সন্ত্ৰাসবাদীৰ এই আক্ৰমণৰ ঘটনা। আক্ৰমণত আহত শ্ৰমিক দুজনক উত্তৰ প্ৰদেশৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে। সন্ত্ৰাসবাদীৰ গুলীচালনাৰ পিছতে আহত দুয়োজন শ্ৰমিকক লগে লগে ঘটনাস্থলীৰ সমীপৰে এখন চিকিৎসালয়লৈ লৈ যায়। সম্প্ৰতি আহত দুয়োজন শ্ৰমিকৰ স্বাস্থ্যৰ অৱস্থা সংকটমুক্ত বুলি জানিব পৰা গৈছে।
সন্ত্ৰাসবাদীৰ এনে আক্ৰমণত কোনোমতে প্ৰাণ ৰক্ষা পৰা আহত শ্ৰমিক দুজনক উছমান আৰু সঞ্জয় বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে সদৰী কৰা মতে, দুয়োজন শ্ৰমিকেই উত্তৰ প্ৰদেশৰ বাসিন্দা। তেওঁলোকে জিলাখনত চৰকাৰী আঁচনি জল জীৱন প্ৰকল্পত শ্ৰমিক হিচাপে কাম কৰি আছিল। ইফালে আক্ৰমণৰ পিছতে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।
উল্লেখ্য যে, দুসপ্তাহ পূৰ্বে কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ গাণ্ডাৰবল জিলাৰ গগনগীৰ অঞ্চলত এক ভয়ংকৰ আক্ৰমণ চলাইছিল সন্ত্ৰাসবাদীয়ে। এই মাৰাত্মক আক্ৰমণত এগৰাকী চিকিৎসকসহ সাতজন লোক নিহত হৈছিল। চিকিৎসকগৰাকী আৰু এগৰাকী শ্ৰমিকৰ বাদে আক্ৰমণত নিহত আন ৫ জন লোক আছিল প্ৰব্ৰজিত শ্ৰমিক। কেন্দ্ৰীয় চৰকাৰৰ এক সুৰংগ নিৰ্মাণ প্ৰকল্পত কৰ্মৰত আছিল শ্ৰমিককেইজন।
দিনটোৰ কাম সামৰি নিজ শিবিৰলৈ উভতাৰ সময়তে শ্ৰমিকসকলৰ ওপৰত আক্ৰমণ চলাইছিল সন্ত্ৰাসবাদীয়ে। এই ভয়ংকৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিককেইজনক বিহাৰ, মধ্যপ্ৰদেশ আৰু পঞ্জাৱৰ বাসিন্দা বুলি পিছত চিনাক্ত কৰা হৈছিল। এই আক্ৰমণক কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যখনৰ নৱনিৰ্বাচিত চৰকাৰে তীব্ৰ গৰিহণা দিয়াৰ লগতে আক্ৰমণত জড়িত থকা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ হুংকাৰ দিছিল।
লক্ষণীয়ভাৱে বিগত কেইবছৰমানৰ পৰা সন্ত্ৰাসবাদীয়ে ধাৰাবাহিক কূটাঘাতেৰে জম্মু-কাশ্মীৰৰ পৰিৱেশ বিনষ্ট কৰিবলৈ চেষ্টা চলাইছে। উপত্যকাটোত সন্ত্ৰাসবাদীয়ে চলাইছে ‘টাৰ্গেট কিলিং’। সন্ত্ৰাসবাদীৰ এই ‘টাৰ্গেট কিলিং’ৰ লক্ষ্য হৈ পৰিছে উপত্যাকটোত বাস কৰা বহিঃৰাজ্যৰ লোক তথা প্ৰব্ৰজিত শ্ৰমিক, জআৰক্ষী, সেনা আৰু চৰকাৰী বিষয়া আদি নিৰ্দিষ্ট গোটৰ লোকসকল।
মূলতঃ উপত্যকাটোত আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰা আৰু জম্মু-কাশ্মীৰৰ বাহিৰৰ জনসাধাৰণৰ মাজত সন্ত্ৰাস সৃষ্টি কৰাৰ উদ্দেশ্যেই সন্ত্ৰাসবাদীয়ে এনে আক্ৰমণ চলাইছে বুলি সন্দেহ কৰা হৈছে। ইফালে কেন্দ্ৰীয় চৰকাৰ আৰু জম্মু-কাশ্মীৰৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই সন্ত্ৰাসবাদীৰ এনে উদ্দেশ্য সফল হ’বলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিছে। উপত্যকাটোৰ শান্তিৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিব বুলি জম্মু-কাশ্মীৰবাসীক প্ৰতিশ্ৰুতি দিছে চৰকাৰে।