Manmohan Singh: অৰ্থনীতিবিদৰ পৰা প্ৰধানমন্ত্ৰীলৈ যাত্ৰা, জানক ড° মনমোহন সিঙে কেনেকৈ দেশৰ গতিবিধি সলনি কৰিছিল
ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙে অৰ্থনীতিবিদ হিচাপে জীৱন আৰম্ভ কৰিছিল। পৰিকল্পনা আয়োগৰ পৰা বিত্তমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা ড০ মনমোহন সিঙে ২০০৪ চনৰ পৰা ২০১৪ চনলৈ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ ৯২ বছৰ বয়সত দিল্লীৰ এইমছত মৃত্যু হয়। অৰ্থনীতিবিদ হোৱাৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱালৈকে তেওঁ দেশৰ সেৱা আগবঢ়াইছিল। কেন্দ্ৰীয় বিত্তমন্ত্ৰী হিচাপে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰৰ পদত অধিষ্ঠিত হোৱা ড০ মনমোহন সিঙে অৰ্থনৈতিক সংকটৰ সৈতে যুঁজি থকা দেশখনক নতুন অৰ্থনৈতিক নীতিৰ উপহাৰ দিছিল আৰু প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ উদাৰবাদী অৰ্থনৈতিক নীতি উন্নীত কৰিছিল আৰু দেশৰ অৰ্থনীতিক এক নতুন গতি দিছিল।
ড° মনমোহন সিং ২০০৪ চনৰ পৰা ২০১৪ চনলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল। প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পিছত চতুৰ্থ দীঘলীয়া সময়ছোৱা এই পদত অধিষ্ঠিত হৈছিল। ড° মনমোহন সিং ভাৰতৰ প্ৰথম শিখ প্ৰধানমন্ত্ৰী। জৱাহৰলাল নেহৰুৰ পিছত সম্পূৰ্ণ পাঁচ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰি পুনৰ নিৰ্বাচিত হোৱা প্ৰথমজন প্ৰধানমন্ত্ৰীও আছিল।
মনমোহন সিঙৰ জন্ম হৈছিল গহত (বৰ্তমান পাকিস্তানৰ পঞ্জাবত)। ১৯৪৭ চনৰ দেশবিভাজনৰ সময়ত তেওঁলোকৰ পৰিয়াল ভাৰতলৈ আহে। অক্সফ’ৰ্ডৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ ১৯৬৬-৬৯ চনত ৰাষ্ট্ৰসংঘত চাকৰি কৰে। ললিত নাৰায়ন মিশ্ৰই তেওঁক ভাৰতীয় ব্যৱসায় আৰু উদ্যোগ মন্ত্ৰালয়ৰ উপদেষ্টা নিৰ্বাচন কৰাৰ লগে লগে তেওঁৰ আমোলাতন্ত্ৰিক জীৱন আৰম্ভ হয়। ৭০ আৰু ৮০ ৰ দশকত মুখ্য অৰ্থনৈতিক উপদেষ্টা (১৯৭২-৭৬), ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ (১৯৮২-৮৫), পৰিকল্পনা আয়োগৰ অধ্যক্ষ (১৯৮৫-৮৭) আদি ভাৰত চৰকাৰৰ কেইবাটাও দপ্তৰত তেওঁ চাকৰি কৰে।
১৯৯১ চনত ভাৰত প্ৰবল বিত্তীয় সংকটত পৰে। নবনিৰ্বাচিত প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাৱে সকলোকে আচৰিত কৰি অ-ৰাজনৈতিক ড॰ মনমোহন সিঙক বিত্তমন্ত্ৰী হিচাবে কেবিনেটত মকৰল কৰে। প্ৰতিপক্ষৰ তীব্ৰ বিৰোধিতা সত্ত্বেও পাচৰ কেইবছৰত ড॰ সিঙে ভাৰতৰ অৰ্থনীতিক মুক্ত অৰ্থনীতি হিচাবে গঢ়ি তুলিবলৈ এলানি অৰ্থনৈতিক সংস্কাৰৰ পদক্ষেপ গ্ৰহণ কৰে। ইয়াৰ ফলত ভাৰতৰ বিত্তীয় সংকট আঁতৰিল আৰু সংস্কাৰবাদী অৰ্থনীতিবিদ হিচাবে গোলকীয়ভাৱে সিঙৰ প্ৰতিষ্ঠা হ’ল, যদিও ১৯৯৬ চনত সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে বিশেষ সফলতা লাভ কৰিব নোৱাৰিলে। তথাক্ৰমে পাচৰ অটল বিহাৰী বাজপেয়ী চৰকাৰৰ সময়ত সিঙে ৰাজ্যসভাত বিৰোধীপক্ষৰ নেতা হিচাবে কংগ্ৰেছ দলৰ নেতৃত্ব কৰে।
২০০৪ চনত কংগ্ৰেছৰ নেতৃত্বত ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স (UPA) ক্ষমতালৈ অহাৰ সময়ত অধ্যক্ষা ছোনিয়া গান্ধীয়ে অপ্ৰত্যাশিতভাবে মনমোহন সিঙক প্ৰধানমন্ত্ৰিত্ব অৰ্পণ কৰে। সিঙৰ নেতৃত্বৰ “UPA I” চৰকাৰে নেশ্যনেল ৰুৰেল হেল্থ মিশ্যন, ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অব ইণ্ডিয়া, মহাত্মা গান্ধী ৰুৰেল এম্প্লয়মেণ্ট গেৰাণ্টি এক্ট, ৰাইট টু ইনফৰমেশ্যন এক্টকে ধৰি কেইবাখনো আইন আৰু আঁচনি গ্ৰহণ কৰে। ২০০৮ চনত ভাৰত আৰু আমেৰিকাৰ চিভিল নিউক্লিয়াৰ এগ্ৰিমেণ্ট বিলখনৰ বিৰোধিতা কৰি লেফ্ট ফ্ৰণ্টে চৰকাৰলৈ সমৰ্থন উঠাই লোৱাৰ বাবে চৰকাৰ প্ৰায় ভংগই হ’বলৈ ওলাইছিল। যদিও UPA I -অৰ কাৰ্য্যকালত ভাৰতৰ অৰ্থনীতি যথেষ্ট উৰ্ধগামী হয়, ২০০৮ চনৰ মুম্বাই আক্ৰমণ আৰু মাওবাদী বিদ্ৰোহ আদিয়ে চৰকাৰক বিপাঙত পেলায়।
২০০৯ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ পুনৰ বিপুল সংখ্যাগৰিষ্ঠতাৰে বিজয়ী হয় আৰু পুনৰ মনমোহন সিঙৰ প্ৰধানমন্ত্ৰিত্বত চৰকাৰ গঠন কৰে। পাচৰ কেইবছৰত কমনৱেল্থ গেমচৰ আয়োজন, ২ জি স্পেক্ট্ৰাম, কয়লাৰ আবণ্টন আদি কেইবাটাও দুৰ্নীতি কাণ্ডই চৰকাৰক জুৰুলা কৰে।
কৰ্মজীৱন
১৯৫৭ চনৰ পৰা ১৯৫৯ চনলৈকে মনমোহন সিঙে পঞ্জাৱ বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগৰ অধ্যাপক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৬৬ চনত সিঙ Delhi School of Economics ত অধ্যাপক হিচাপে কৰ্মৰত আছিল। ইয়াৰ উপৰিও তেওঁ ১৯৬৬ চনৰ পৰা ১৯৬৯ চন লৈকে ৰাষ্ট্ৰসংঘত কাৰ্যনিৰ্বাহ কৰিছিল।
১৯৬৯ চনত, মনমোহন সিঙে দিল্লী স্কুল অফ ইকনমিক্সত আন্তৰ্জাতিক বাণিজ্যৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে ১৯৭২ চনত মনমোহন সিঙে বিত্ত মন্ত্ৰালয়ৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা হিচাপে দায়িত্বভাৰ পালন কৰিছিল।
ইয়াৰ পৰৱৰ্তী সময়ত ১৯৭৬ চনত তেওঁ বিত্ত মন্ত্ৰালয়ৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। মনমোহন সিঙে ১৯৮০ চনৰ পৰা ১৯৮২ চনত পৰিকল্পনা আয়োগৰ লগত জড়িত হৈ আছিল। অন্যহাতে তেওঁ ১৯৮২ চনত প্ৰাক্তন বিত্ত মন্ত্ৰী প্ৰণৱ মুখাৰ্জীৰ অধীনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ হিচাপে নিযুক্ত হৈছিল। ২০২৪ চনৰ এপ্ৰিলত তেওঁ ৰাজ্যসভাৰ সদস্যপদৰ পৰা অৱসৰ লয়।