৩১ মাৰ্চেই সীমা, তাৰ পিছত আৰু এইসমূহ বাহনে ডিপোত নাপাব পেট্ৰল-ডিজেল

অহা ৩১ মাৰ্চৰ পৰা আৰু কিছুমান বাবে উপলব্ধ নহ’ব পেট্ৰ’ল আৰু ডিজেল। তেল ডিপোৰ পৰা পেট্ৰ’ল তথা ডিজেল ক্ৰয় কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হ’ব কিছুমান বাহনৰ ওপৰত। চৰকাৰে গ্ৰহণ কৰিছে এই কঠোৰ পদক্ষেপ।

৩১ মাৰ্চেই সীমা, তাৰ পিছত আৰু এইসমূহ বাহনে ডিপোত নাপাব পেট্ৰল-ডিজেল

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

02 Mar 2025 14:02 PM

অহা ৩১ মাৰ্চৰ পৰা আৰু কিছুমান বাবে উপলব্ধ নহ’ব পেট্ৰ’ল আৰু ডিজেল। তেল ডিপোৰ পৰা পেট্ৰ’ল তথা ডিজেল ক্ৰয় কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হ’ব কিছুমান বাহনৰ ওপৰত। চৰকাৰে গ্ৰহণ কৰিছে এই কঠোৰ পদক্ষেপ। এই সিদ্ধান্ত অনুসৰি ৩১ মাৰ্চৰ পিছৰ পৰা ১৫ বছৰ পুৰণি পেট্ৰ’ল চালিত বাহন আৰু ১০ বছৰ পুৰণি ডিজেল চালিত বাহনে তেল ডিপোত নাপাব ইন্ধন। অৱশ্যে এই সিদ্ধান্তত অসমবাসী চিন্তিত হোৱাৰ কাৰণ নাই। কিয়নো অসম চৰকাৰে নহয়, দিল্লী চৰকাৰেহে ঘোষণা কৰিছে বাহন সন্দৰ্ভত এনে সিদ্ধান্ত।

বিগত বিধানসভা নিৰ্বাচনত জয়েৰে দিল্লীৰ ক্ষমতা দখল কৰে বিজেপিয়ে। এতিয়া ক্ষমতালৈ আহিয়েই দিল্লীৰ বিজেপি চৰকাৰে এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে। শনিবাৰে দিল্লীৰ পৰিৱেশ মন্ত্ৰী মঞ্জিন্দৰ সিং ছিৰছাই কয় যে ৩১ মাৰ্চৰ পৰা ক্ৰমে ১৫ আৰু ১০ বছৰৰ ওপৰৰ পেট্ৰ’ল আৰু ডিজেল বাহনে তেল ডিপোৰ পৰা পেট্ৰ’ল বা ডিজেল ক্ৰয় কৰিব নোৱাৰিব। ইতিমধ্যে পৰিৱেশ মন্ত্ৰালয়ে এই সন্দৰ্ভত দিল্লীৰ প্ৰতিটো তেল ডিপোলৈ অধিসূচনা জাৰি কৰিছে।

পৰিৱেশ মন্ত্ৰণালয়ৰ সূত্ৰৰ পৰা জানিব পৰা মতে, পৰিবেশ মন্ত্ৰালয়ে প্ৰতিটো তেল ডিপোতে এটা আধুনিক যন্ত্ৰ স্থাপন কৰিছে। এই যন্ত্ৰটোৰ সহায়ত বাহন এখন কিমান পুৰণি, সেয়া নিৰ্ধাৰণ কৰা হ’ব। ইয়াৰ সহায়ত তেল ডিপোৰ কৰ্মচাৰীয়ে বাহনখন কিমান পুৰণি জানিব পাৰিব আৰু যদি বাহনখন নিৰ্ধাৰিত সময়তকৈ পুৰণি হয়, তেতিয়া বাহনখন ইন্ধন যোগান ধৰাৰ পৰা বিৰত থাকিব।

উল্লেখ্য যে দেশৰ ৰাজধানী অঞ্চলটোত ক্ৰমাৎ বৃদ্ধি পাইছে প্ৰদূষণৰ ভয়াৱহতা। প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবেই দিল্লীৰ চৰকাৰে এতিয়া এনে পন্থা গ্ৰহণ কৰিছে। নিৰ্বাচনী প্ৰচাৰৰ সময়তো বিজেপিয়ে দিল্লীৰ প্ৰদূষণ নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাৰ বাবে আপক দোষাৰোপ কৰিছিল। যমুনাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাক লৈও প্ৰশ্ন উত্থাপন হৈছিল। এতিয়া বিজেপি ক্ষমতালৈ অহাৰ লগে লগে দিল্লীৰ পৰিৱেশ মন্ত্ৰী মঞ্জিন্দৰ সিং ছিৰছাই প্ৰদূষণ বন্ধ কৰাৰ বাবে ক্ষিপ্ৰ পদক্ষেপ গ্ৰহণ কৰিছে।

দিল্লী চৰকাৰৰ এই সিদ্ধান্ত অনুসৰি এতিয়া ৩১ মাৰ্চৰ পৰা ১৫ বছৰ পুৰণি পেট্ৰ’ল চালিত বাহনে ডিপোৰ পৰা পেট্ৰ’ল আৰু ১০ বছৰ পুৰণি ডিজেল চালিত বাহনে ডিজেল ক্ৰয় কৰিব নোৱাৰিব। তৈল ইন্ধনৰ লগতে ডিচেম্বৰৰ ভিতৰত দিল্লীত চিএনজি চালিত সকলো চৰকাৰী বাছ পৰ্যায়ক্ৰমে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰা হৈছে। চিএনজি চালিত বাছৰ পৰিৱৰ্তে ইলেক্ট্ৰিক বাছৰ প্ৰতিশ্ৰুতি দিছে দিল্লীৰ বিজেপি চৰকাৰে।

ভুলতো বেগত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আৰ্থিক সমস্যাই...
মূৰত টুপী, হাতত কেমেৰা, সন্মুখত সিংহ... বিশ্ব বন্যপ্ৰাণী দিৱসত বিশেষ ৰূপত প্ৰধানমন্ত্ৰী মোদী
Holi 2025: ফাকুৱা বা হোলী উৎসৱ কিয় পালন কৰা হয় জানক
কিদৰে পাালন কৰিব লাগে ৰমজানৰ ৰোজা? জানক সবিশেষ