অযোধ্যাৰ ৰাম মন্দিৰক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি আই এছ আইৰ
এই ভাবুকিপূৰ্ণ ইমেইলটো সোমবাৰে পুৱাৰ ভাগত প্ৰেৰণ কৰা হৈছিল । এই ইমেইলত অভিযুক্তই লিখিছে, “মন্দিৰৰ নিৰাপত্তা বৃদ্ধি কৰক”। এই ভাবুকিপূৰ্ণ মেইল দেখাৰ পিছত শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ একাউণ্ট অফিচাৰ মহেশ কুমাৰে মন্দিৰ পৰিচালনা সমিতিক অৱগত কৰে ।

ৰাম মন্দিৰ
অযোধ্যাত নিৰ্মাণৰত ৰাম মন্দিৰৰ নিৰাপত্তা সুদৃঢ় কৰা হৈছে । উত্তৰ প্ৰদেশ চৰকাৰে মন্দিৰৰ নিৰাপত্তাৰ বাবে নিজৰ বিশ্বাসযোগ্য আৰক্ষী বিষয়াক মোতায়েন কৰিছে । ইয়াৰ পিছতো অসামাজিক উপাদানসমূহে বিভিন্ন কূট-কৌশল ৰচনাৰ পৰা বিৰত থকা নাই । এতিয়া পুনৰ এবাৰ নৈৰাজ্যবাদী উপাদানে আই ই ডি বিস্ফোৰণৰ দ্বাৰা ৰাম মন্দিৰ উৰুৱাই দিয়াৰ ভাবুকি দিছে । এই ভাবুকি নৈৰাজ্যবাদী উপাদানে ইমেইলৰ জৰিয়তে শ্ৰী ৰাম মন্দিৰ তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ আইডিলৈ প্ৰেৰণ কৰিছে ।
এই সন্দৰ্ভত ট্ৰাষ্টৰ একাউণ্টেণ্টে চাইবাৰ আৰক্ষী থানা অযোধ্যাত এজাহাৰ দাখিল কৰিছে । এই অভিযোগৰ পিছত চাইবাৰ আৰক্ষী থানাত আই টি আইন আৰু ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰিছে । এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । দাখিল কৰা এফ আই আৰত উল্লেখ কৰা হৈছে যে মেইল প্ৰেৰকজনে নিজকে তামিলনাডুৰ আই এছ আই কোষৰ ভাৰপ্ৰাপ্ত বিষয়া বুলি চিনাক্ত কৰিছে । তেওঁ নিজৰ ইমেইলত লিখিছে যে তামিলনাডুত সংঘটিত কেলেংকাৰিৰ পৰা দৃষ্টি আকৰ্ষণ কৰিবলৈ এই আক্ৰমণ সংঘটিত কৰা হ’ব ।
এই ভাবুকিপূৰ্ণ ইমেইলটো সোমবাৰে পুৱাৰ ভাগত প্ৰেৰণ কৰা হৈছিল । এই ইমেইলত অভিযুক্তই লিখিছে, “মন্দিৰৰ নিৰাপত্তা বৃদ্ধি কৰক”। এই ভাবুকিপূৰ্ণ মেইল দেখাৰ পিছত শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ একাউণ্ট অফিচাৰ মহেশ কুমাৰে মন্দিৰ পৰিচালনা সমিতিক অৱগত কৰে । ইয়াৰ লগে লগে এই গোচৰৰ তথ্য চাইবাৰ আৰক্ষী থানাক দিয়া হয় । আনহাতে, ৰাম মন্দিৰৰ নিৰাপত্তাৰ ব্যৱস্থাৰ পৰ্যালোচনা কৰা হৈছে । অৱশ্যে সমগ্ৰ নিৰাপত্তা ব্যৱস্থাটো কটকটীয়া বুলি কোৱা হৈছে ।
ৰাম মন্দিৰৰ নিৰাপত্তাৰ সৈতে জড়িত এজন বিষয়াৰ মতে, এই ভাবুকিৰ কোনো ভিত্তি নাই । ইয়াৰ পিছতো এই ভাবুকিক গুৰুত্বসহকাৰে লৈ অযোধ্যাৰ লগতে অন্যান্য সীমান্ত জিলাতো ব্যাপক তালাচী অভিযান চলোৱা হৈছে । এই আটাইকেইখন জিলাতে নিৰাপত্তা আৰু চোৰাংচোৱা সংস্থাক সতৰ্ক কৰি দিয়া হৈছে । চাইবাৰ আৰক্ষী থানা অযোধ্যাৰ পৰা পোৱা ইনপুট অনুসৰি যিটো কম্পিউটাৰৰ পৰা মেইল প্ৰেৰণ কৰা হৈছিল তাৰ আই পি ঠিকনা ট্ৰেচ কৰা হৈছে । এই কম্পিউটাৰটো তামিলনাডুত আছে । এতিয়া চাইবাৰ পুলিচ ষ্টেচনে মেইল পঠোৱা ব্যক্তিজনৰ স্থান আৰু পৰিচয় বিচাৰি উলিওৱাত ব্যস্ত হৈ পৰিছে । ইয়াৰ বাবে উত্তৰ প্ৰদেশ আৰক্ষী আৰু তামিলনাডু আৰক্ষীয়ে যৌথ অভিযান চলাইছে ।