কুঁৱাত পৰা চেণ্ডেল উলিয়াবলৈ কুঁৱাত নামিল তিনি বন্ধুঃ আটাইকেইজনৰে মৃত্যু | Three friends die while trying to remove sandals from well Uttar Pradesh Banda Assam news - Assam Tv9

কুঁৱাত পৰা চেণ্ডেল উলিয়াবলৈ কুঁৱাত নামিল তিনি বন্ধুঃ আটাইকেইজনৰে মৃত্যু

Published: 

22 Sep 2024 22:14 PM

উত্তৰ প্ৰদেশৰ বাণ্ডাত এটা কুঁৱাত পৰা চেণ্ডেল উঠাবলৈ চেষ্টা কৰি প্ৰাণ হেৰুৱাইছে তিনি যুৱকে। গাঁওবাসীৰ মতে, কুঁৱাটোৰ ভিতৰত উৎপন্ন হোৱা বিষাক্ত গেছৰ সংস্পৰ্শলৈ অহাৰ বাবেই শ্বাস-নিশ্বাসত বাধাগ্ৰস্ত হৈ যুৱক তিনিজনৰ মৃত্যু হয়।

কুঁৱাত পৰা চেণ্ডেল উলিয়াবলৈ কুঁৱাত নামিল তিনি বন্ধুঃ আটাইকেইজনৰে মৃত্যু

তিনিও বন্ধুৰে মৃতদেহ উদ্ধাৰ

Follow Us On

একেলগে এটা কুঁৱাৰ পাৰত বহি বাৰ্তালাপত মগন তিনি বন্ধু। হঠাতে তেওঁলোকৰে এজনে পিন্ধি থকা এপাত চেণ্ডেল সোমাই পৰে দ কুঁৱাটোত। কুঁৱাটোৰ পৰা এই চেণ্ডেলপাত উলিয়াই অনাৰ মানসেৰে এজন এজনকৈ যুৱক সোমাই গ’ল কুঁৱাটোৰ ভিতৰত। কিন্তু জীৱিত অৱস্থাত আৰু ঘূৰি নাহিল এজনো যুৱক। দ কুঁৱাটোৰ ভিতৰতে জীৱনৰ অন্তিমটো উশাহ ল’লে তিনি বন্ধুৱে। এই শোকাৱহ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বাণ্ডাত। কুঁৱাত পৰা এপাত চেণ্ডেল উলিয়াবলৈ গৈয়েই এইদৰে কৰুণ মৃত্যুৰ কৱলত পৰিছে তিনিজন যুৱক।

গাঁওবাসীৰ মতে, কুঁৱাটোৰ ভিতৰত উৎপন্ন হোৱা বিষাক্ত গেছৰ সংস্পৰ্শলৈ অহাৰ বাবেই শ্বাস-নিশ্বাসত বাধাগ্ৰস্ত হৈ যুৱক তিনিজনৰ মৃত্যু হয়। পিছত স্থানীয় আৰক্ষী আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ তিনিওৰে মৃতদেহ কুঁৱাৰ পৰা উলিয়াই আনে। উদ্ধাৰকাৰী দলটোৱে অক্সিজেন চিলিণ্ডাৰৰ সহযোগতহে কুঁৱাটোৰ ভিতৰলৈ সোমায় আৰু যুৱক তিনিজনৰ মৃতদেহ উদ্ধাৰ কৰে।

নিহত যুৱককেইজনক অনিল পেটেল, সন্দীপ ভাৰ্মা আৰু বালা ভাৰ্মা বুলি চিনাক্ত কৰা হৈছে। এই ঘটনা সংঘটিত হৈছে বাণ্ডাৰ বড়া নামৰ এখন গাঁৱত। স্থানীয় লোকৰ মতে বহুদিনৰ পৰা বন্ধ হৈ থকা কুঁৱাটো যথেষ্ট দ আছিল। প্ৰথমে এজন যুৱকে কুঁৱাটোৰ ভিতৰলৈ নামি চেণ্ডেল উলিয়াবলৈ চেষ্টা কৰিছিল যদিও বহু সময় ধৰি তেওঁ ওপৰলৈ উঠি নহাৰ বাবে আন এজন যুৱক কুঁৱাটোৰ ভিতৰলৈ সোমায় যায়।

কিন্তু দ্বিতীয়জন যুৱকো যেতিয়া কুঁৱাৰ পৰা ওলাই নাহে, তেতিয়া আনজন যুৱকো প্ৰৱেশ কৰে কুঁৱাটোত। পিছে এই যুৱকজনো কুঁৱাটোৰ পৰা সুস্থ অৱস্থাৰে ওলাই অহাত বিফল হয় আৰু তিনিও বন্ধু কুঁৱাটোৰ ভিতৰতে অচেতন হৈ পৰি ৰয়। ইফালে তিনিজনকৈ যুৱক এইদৰে কুঁৱাটোৰ ভিতৰত আৱদ্ধ হৈ পৰাৰ পিছত সমগ্ৰ গাঁওখনতে আতংকৰ সৃষ্টি হ’ল। তিনিওজনেই অচেতন অৱস্থাত কুঁৱাটোত পৰি থকা দেখি গাঁওবাসীয়ে আৰক্ষী আৰু প্ৰশাসনক খবৰ দিয়ে।

এই খবৰ লাভ কৰাৰ পিছতে জিলাখনৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষীৰ এটা দলৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ দল আৰু স্থানীয় প্ৰশাসনৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। ইয়াৰ পিছতে উদ্ধাৰকাৰী দলটোৱে অক্সিজেন চিলিণ্ডাৰ আৰু মাস্ক ব্যৱহাৰ কৰি কুঁৱাটোলৈ নামি গৈ তিনিওজন যুৱকক এজন এজনকৈ বাহিৰলৈ উলিয়াই আনে। তিনিও যুৱকৰ স্বাস্থ্য পৰীক্ষা কৰি মৃত বুলি নিশ্চিত হয় উদ্ধাৰকাৰী দলটো।

আৰক্ষীয়ে তিনিওজনৰ মৃতদেহ নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰাণী দুৰ্গাৱতী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ইফালে এই শোকাৱহ ঘটনাই যুৱককেইজনৰ প্ৰাণ কঢ়িয়াই নিয়াৰ পিছত তিনিওটা পৰিয়ালতে এতিয়া কান্দোনৰ ৰোল উঠিছে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোতো শোকাৱহ পৰিস্থিতিয়ে বিৰাজ কৰিছে। ইফালে নিহত যুৱক তিনিজনৰ পৰিয়ালক প্ৰশাসনৰ ফালৰ পৰা আৰ্থিক ক্ষতিপূৰণৰ আশ্বাস দিছে আৰক্ষী অধীক্ষকজনে।

ভাত কেৰালাত সৰ্বাধিক কি ভিটামিন থাকে? ইয়াৰ উপকাৰীতাৰ বিষয়ে জানক
ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ পানীয় অধিক উপকাৰী, জানক সবিশেষ...
আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
অনেক গুণসম্পন্ন তিতা কেৰেলাত কি ভিটামিন অধিক থাকে, জানেনে?
Exit mobile version