Tirupati: তিৰুপতি মন্দিৰৰ প্ৰসাদত গৰু-গাহৰিৰ চৰ্বী, মাছৰ তেল... | Tirupati mandir controversy animal fat in prasad beef oil Assam news - Assam Tv9

Tirupati: তিৰুপতি মন্দিৰৰ প্ৰসাদত গৰু-গাহৰিৰ চৰ্বী, মাছৰ তেল…

Published: 

22 Sep 2024 13:07 PM

Tirupati: তিৰুপতিৰ লাড়ুত ব্যৱহাৰ হোৱা ঘিউত শাক- পাচলি আৰু জন্তুৰ চৰ্বী মিহলি হৈ আছে। ইয়াৰ ভিতৰত আছে ছয়াবিন, সূৰ্যমুখী ফুল, অলিভ, ৰেপচিড, ফ্লেক্সচিড, কুঁহিয়াৰ, কপাহৰ গুটি, নাৰিকল আদিৰ লগতে গো মাংসৰ চৰ্বী- তেল, গাহৰিৰ চৰ্বী,  মাছৰ তেল পোৱা গৈছে।

Tirupati: তিৰুপতি মন্দিৰৰ প্ৰসাদত গৰু-গাহৰিৰ চৰ্বী, মাছৰ তেল...

তিৰুপতি প্ৰসাদ

Follow Us On

প্ৰতিদিনে হাজাৰ হাজৰ লোকে অন্ধ্ৰপ্ৰদেশস্থিত তিৰুপতি বালাজী মন্দিৰ দৰ্শন  কৰে। দৰ্শনৰ অন্তত ভক্তসকলক প্ৰসাদৰ ৰূপত লাড়ু দিয়া হয়। এই লাড়ু তিৰুপতি বালাজীৰ আশীৰ্বাদ হিচাপে ভক্তই গ্ৰহণ কৰি আনৰ মাজতো বিতৰণ কৰে। কিন্তু শেহতীয়াকৈ আৰম্ভ হোৱা এক বিতৰ্কই ভক্তৰ আস্থা, বিশ্বাসৰ ওপৰত আঘাত হানিছে। কিয়নো বৰ্তমান অন্ধ্ৰপ্ৰদেশৰ চন্দ্ৰবাবু নাইডু চৰকাৰে  দাবী কৰা হৈছে যে এই তিৰুপতি বালাজীৰ প্ৰসাদত ৩ বিধ জন্তুৰ চৰ্বী পোৱা গৈছে।  ১৯ ছেপ্টেম্বৰত অন্ধ্ৰপ্ৰদেশৰ বৰ্তমানৰ চৰকাৰে দাবী কৰিছে যে আগৰ চৰকাৰৰ কাৰ্যকালৰ সময়ত তিৰুপতি মন্দিৰৰ প্ৰসাদৰ ৰূপত ব্যৱহাৰ কৰা লাড়ুত জন্তুৰ চৰ্বী পোৱা হৈছে। ইয়াৰ ক্ষেত্ৰত তেওঁলোকে নেশ্যনেল ডায়েৰী ডেভেলপমেন্ট বোৰ্ডৰ এক প্ৰতিবেদন দেখুৱাইছে।

বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি তিৰুপতি বালাজী মন্দিৰৰ লাড়ুত ৪০০-৫০০ কিলোগ্ৰাম ঘিউ, ৭৫০ কিলোগ্ৰাম কাজু, ৫০০ কিলোগ্ৰাম কিছমিছ,২০০ কিলোগ্ৰাম ইলাচিৰ লগতে বেচন, চেনি আদি ব্যৱহাৰ কৰা হয়। প্ৰতিবেদনখনত দাবী কৰা হৈছে এই প্ৰসাদ বনোৱা প্ৰক্ৰিয়াৰ বাবে যি ঘিউ ব্যৱহাৰ কৰা হৈছে তাত ৩ টাকৈ জন্তুৰ চৰ্বী মিহলি হৈ আছে।

ৰাজ্য চৰকাৰে জাৰি কৰা প্ৰতিবেদনত কোৱা হৈছে যে এই লাড়ুত ব্যৱহাৰ হোৱা ঘিউত শাক- পাচলি আৰু জন্তুৰ চৰ্বী মিহলি হৈ আছে। ইয়াৰ ভিতৰত আছে ছয়াবিন, সূৰ্যমুখী ফুল, অলিভ, ৰেপচিড, ফ্লেক্সচিড, কুঁহিয়াৰ, কপাহৰ গুটি, নাৰিকল আদিৰ লগতে গো মাংসৰ চৰ্বী- তেল, গাহৰিৰ চৰ্বী,  মাছৰ তেল পোৱা গৈছে।

যিটো লেবৰট’ৰীত তিৰুপতি মন্দিৰৰ প্ৰসাদৰ পৰীক্ষা কৰা হৈছিল সেই পৰীক্ষাৰ লেবৰট’ৰীৰ ৰেফাৰেন্স নম্বৰ আছিল- AB023654 আৰু ইয়াৰ চেম্পল আছিল V। য’ত এছ ভেলুৰ পৰিমাণ মাত্ৰ ১৯.৭হে। মন্দিৰটোৰ প্ৰসাদ প্ৰস্তুতৰ বাবে ব্যৱহাৰ কৰা ঘিউত পোৱা গৈছে প্লাম অইল, ফিছ অইল, বিফ অইল আৰু গাহৰিৰ ফেটি টিছু।

৩ জন্তুৰ চৰ্বী

বিফ অইলঃ ই এবিধ বগা ৰঙৰ চৰ্বি, যি প্ৰাণীৰ অংগৰ চাৰিওফালৰ পৰা ওলায়। ম’হ, ভেড়া, ছাগলী, গৰু আৰু হৰিণৰ পৰা ই ওলায়।

গাহৰিৰ ফেটি টিছুঃ প্ৰসাদত গাহৰিৰ চৰ্বিৰ পৰা তৈয়াৰ কৰা পদাৰ্থও পোৱা গৈছে যি কোমল, কঠিন হব পাৰে।

ফিচ অইলঃ এই তেল মাছৰ পৰা উলিওৱা হয়। ইয়াত মাছত থকা চৰ্বি পোৱা যায়

ইয়াৰ পাছতেই এই বিষয়টো উত্থাপন হৈছে উচ্চতম ন্যায়ালয়ত। এই বিষয়ত উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল কৰি অধিবক্তা সত্যম সিঙে কয় যে,  প্ৰসাদমৰ মিশ্ৰণে হিন্দু ধৰ্মীয় ৰীতি-নীতি উলংঘা কৰে আৰু প্ৰসাদক পবিত্ৰ আশীৰ্বাদ বুলি গণ্য কৰা অগণন ভক্তৰ আৱেগক গভীৰভাৱে আঘাত কৰে।
উল্লেখ কৰা প্ৰয়োজন যে এই প্ৰসাদ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ সময়তো ব্যৱহাৰ কৰা বুলি দাবী উঠিছে। জ্যোতিষ পীঠৰ শংকৰাচাৰ্য স্বামী অবিমুখেশ্বৰানন্দে শনিবাৰে অযোধ্যাত উপস্থিত হৈ এই বিষয়ত মন্তব্য প্ৰদান কৰে। তেওঁ কয় যে, ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত প্ৰায় ১ লাখ লাড়ু আহিছিল। প্ৰসাদৰ সময়ত যিসকলে এই লাড়ু গ্ৰহণ কৰিছিল সেই সকলে আনকো এই লাড়ু দিছিল। এই কথা পোহৰলৈ অহাৰ পাছতে এতিয়া ভক্তসকলে অপৰাধবোধত ভুগিছে। সনাতনীসকলৰ মাজত সমস্যাৰ সৃষ্টি হোৱা বুলি তেওঁ কয়। এই সমস্যাৰ সমাধানৰ কথা উল্লেখ কৰি তেওঁ কয় যে, ভক্তই এই পাপ জানি বুজি কৰা নাই। গতিকে এই কাৰ্যই ক্ষতি নকৰে।
আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
অনেক গুণসম্পন্ন তিতা কেৰেলাত কি ভিটামিন অধিক থাকে, জানেনে?
মানসিক আৰু শাৰীৰিক স্বাস্থ্য উন্নত হ'ব, জানক কিয় পুৱা সোনকালে শুই উঠিব লাগে...
পিঁয়াজৰ বাকলিৰ আছে বহু উপকাৰী গুণ, সবিশেষ জানক
Exit mobile version