ভয়ংকৰ! টিএমচি নেতাক গুলীয়াই হত্যা কৰিলে কোনে? আহত বহুতো…

ঘটনা সন্দৰ্ভত তথ্য দি আৰক্ষীয়ে কয় যে জগতদল থানাৰ পৰা কিছু দূৰৈত অৱস্থিত চাহ দোকানৰ সন্মুখত থিয় হৈ থকা দুৰ্বৃত্তই অশোক শ্ব’ক গুলীয়াই হত্যা কৰে। ইমানেই নহয়, তেওঁৰ ওপৰত বোমা নিক্ষেপো কৰে।

ভয়ংকৰ! টিএমচি নেতাক গুলীয়াই হত্যা কৰিলে কোনে? আহত বহুতো...

পশ্চিম বংগ

Published: 

13 Nov 2024 17:48 PM

দেশৰ কেইবাখনো ৰাজ্যত চলি থকা উপ- নিৰ্বাচনৰ মাজতেই পশ্চিম বংগৰ পৰা আহিছে এক অনাকাংক্ষিত খবৰ। পশ্চিম বংগৰ উত্তৰ ২৪ পৰগনা জিলাৰ জগতদল অঞ্চলত বুধবাৰে অচিনাকি দুষ্কৃতিকাৰীয়ে গুলীয়াই হত্যা কৰে তৃণমূল কংগ্ৰেছৰ এজন নেতাক। নিহত লোকজন ১২ নং জগতদল ৱাৰ্ডৰ পৰা তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি অশোক শ্ব’ বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত তথ্য দি আৰক্ষীয়ে কয় যে জগতদল থানাৰ পৰা কিছু দূৰৈত অৱস্থিত চাহ দোকানৰ সন্মুখত থিয় হৈ থকা দুৰ্বৃত্তই অশোক শ্ব’ক গুলীয়াই হত্যা কৰে। ইমানেই নহয়, তেওঁৰ ওপৰত বোমা নিক্ষেপো কৰে দুৰ্বৃত্তই।

আৰক্ষী বিষয়াই ঘটনা সন্দৰ্ভক কয় যে, ঘটনাৰ পাছত লগে লগে স্থানীয় ৰাইজে তেওঁক ওচৰৰ ভাটপাৰা চৰকাৰী চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। এই ঘটনাৰ ফলত আন কিছু লোক আহত হৈছে। বৰ্তমান আহতসকলক চিকিৎসালায়ত ভৰ্তি কৰোৱা হৈছে আৰু তেওঁলোকৰ চিকিৎসা চলি আছে।  ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে বাৰাকপুৰ আৰক্ষী আয়ুক্ত আলোক ৰাজোৰিয়াইও সেই ঠাইত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

বাৰাকপুৰ আৰক্ষী আয়ুক্ত আলোক ৰাজোৰিয়াই সংবাদ মাধ্যমৰ আগত কয় যে বিষয়টোৰ তদন্ত চলি আছে। ইতিমধ্যে এজনক আটক কৰি জেৰা অব্যাহত ৰাখিছে। এই হত্যাকাণ্ডৰ লগত আমি এতিয়াও কোনো ৰাজনৈতিক সম্পৰ্ক বিচাৰি পোৱা নাই। ইয়াৰোপৰি দুৰ্বৃত্ত কোন, ক’ৰ পৰা আহিছিল, কিয় গুলী চলাইছিল এয়া সকলো এতিয়া ৰহস্যৰ আৱৰ্তত।

উল্লেখ্য যে, এই ঘটনাৰ পাছতেই অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। ঘটনাৰ পাছত স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আৰু এই হত্যাকাণ্ডৰ ন্যায়ৰ দাবী জনায়। কি কাৰণে এই ঘটনা সংঘটিত হ’ল এতিয়াও জানিব পৰা হোৱা নাই। বৰ্তমানলৈকে এই ঘটনাৰ কোনো ৰাজনৈতিক কাৰণ পোহৰলৈ অহা নাই। অৱশ্যে তদন্তৰ পাছতহে এই হত্যাকাণ্ডৰ অধিক তথ্য পোহৰলৈ আহিব আৰু পৰৱৰ্তী সময়ত জানিব পৰা যাব কোনে কিয় হত্যা কৰিলে টি এম চি নেতাগৰাকীক।

আপোনাৰ স্বাস্থ্যৰ বাবে যথেষ্ঠ উপকাৰী মিঠা আলু
NASAৰ মহাকাশচাৰীসকলে কিমান দৰমহা লাভ কৰে?
ফ্ৰিজৰ ওপৰত ভুলতেও নাৰাখিব এইসমূহ বস্তু, আৰম্ভ হ'ব বেয়া দিন!
ছালৰ উজ্বলতা বঢ়াবলৈ ঘৰতে তৈয়াৰ কৰক এই সামগ্ৰী...